মোক এটা শিলৰ চোলা লাগিবই

শিলৰ চোলা । কি অবাস্তৱ কথা । মানুহে বাৰু নিজকে কি বুলি জ্ঞান কৰে ? শিলৰ চোলা মানুহে বাৰু পিন্ধিব পাৰে নেকি ? কোনে সী দিব শিলৰ চোলা ? আমি সেইবোৰ কামহে কৰিব লাগে যাক চিন্তাৰ পৰিধিয়ে ঢুকি পায় । মোৰ যি মন যায় মই তাকে কৰিম নেকি ? বা সেয়ে হ'ব নেকি ? মই ভাবিব পাৰিব লাগিব মোৰ চিন্তা আৰু কৰ্মই যাতে আনক আঘাত নিদিয়ে ।
তেনেবোৰ অকল্পনীয় চিন্তাই আমাক দুচিন্তাতহে পেলাই আৰু আনকো মনোকষ্ট দিয়ে 
       সৰুতে পঢ়া এটা সাধুৰ কথা আজি ৰিণিকি ৰিণিকি মনত পৰিছে । এবাৰ এজন ৰজাৰ মনত এটা প্ৰশ্ন জাগিল আৰু তেওঁ শুনিছিল যে তেওঁৰ ককা দেউতাকে হেনো শিলৰ চোলা পিন্ধিছিল , সেয়েহে তেওঁৰো শিলৰ চোলা পিন্ধিবলৈ মন গ'ল ।গতিকে তেওঁক সাত দিনৰ ভিতৰত এটা শিলৰ চোলা লাগে । যেনে চিন্তা তেনে কাম । তেওঁ ৰাজসভাত মন্ত্ৰীক কলে , মন্ত্ৰী মোক এটা বস্তু লাগে সাতদিনৰ ভিতৰত । মন্ত্ৰীয়ে কলে কি বস্তু মহাৰাজ ? তাৰ পাছত ৰজাই কলে মোৰ আজো ককাই হেনো শিলৰ চোলা পিন্ধিছিল ? মন্ত্ৰীয়ে কলে মইও শুনিছো মহাৰাজ । তেন্তে মোক সাতদিনৰ ভিতৰত শিলৰ চোলা এটা আনি দিয়া । তাৰবাবে যি প্ৰয়োজন হয় ৰাজভঁৰালৰ পৰা লৈ যাবা ।
মহাৰাজ, শিলৰ চোলা ! এয়া কেনেকৈ সম্ভৱ ?
মই সেইবোৰ নাজানো , সাতদিনৰ ভিতৰত মোক শিলৰ চোলা লাগিবই নহলে প্ৰাণদণ্ড বিহা হ'ব ।
 এনেকুৱা অদ্ভুত আৰু অবাস্তৱ নাভুত নাশ্ৰুত কথা ই আনক কিমান মনোকষ্ট দিয়ে সেয়া কওঁতাজনে ভাবি চাব লাগে । যিটো বস্তু পোৱা সম্ভৱ নহয় তেনে বস্তু ক'ত কেনেকৈ পাব । ইয়াৰ দ্বাৰা বাৰু নিজৰ জ্ঞানৰ পৰিচয় পোৱা নাযায়নে ? এইটো বোধহয় অতীতৰ পৰাই চলি আহিছে আনে আনৰ কথা নভবাটো ,চিন্তা নকৰাটো ।
ৰাজসভাত এনে আচৰিত কথা ,আচৰিত বস্তু বিচৰা আৰু আনি নিদিলে মৃত্যুদণ্ডৰ আজ্ঞা শুনি মন্ত্ৰী মন্ত্ৰী শিল পৰা কপৌ যেন হৈছিল ।জীৱনৰ মমতা হেৰুৱাই তেওঁ ঘৰলৈ গ'ল । পৰিয়ালৰ চিন্তাত বিভোৰ মন্ত্ৰীৰ মুখমণ্ডল দেখি  জীয়েকে সুধিছিল ।
কি হৈছে পিতা ।
নাই একো হোৱা নাই ।
জীয়েকে নামানাত পিছত ঘটনা বিবৰি কলে ।সমস্যা যিমানেই জটিল নহওক তাৰ সমাধান নিশ্চয় থাকিবই । সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব । 
মন্ত্ৰী কন্যাই হাঁহি মাৰি কলে, পিতা , পিতা ইমান সৰু কথাটোতে তুমি ইমান চিন্তা কৰিছা । তোমাৰ হাতত সাতদিন সময় আছে । এই কেইদিন তুমি আৰামত শুই বহি খাই থাকা । একেবাৰে চিন্তা নকৰিবা ।
 ইমান ডাঙৰ কথাটো তুমি চিন্তা কৰিবলৈ মানা কৰিছা । ইয়াত তোমাৰ পিতাৰাৰ জীৱনৰ কথা জড়িত হৈ আছে মই কৈছো নহয় তুমি একেবাৰে চিন্তা নকৰিবা মাথো সময় আহিবলৈ দিয়া । যি কৰিব লাগে মই কৰিম । 
 আজি সপ্তম দিন । ৰাজসভা বহিছে । ৰজাই আজি শিলৰ চোলা পিন্ধিব | কিন্তু মন্ত্ৰী আহি পোৱা নাই । হঠাতে দেখিলে লৰালৰিকৈ মন্ত্ৰীৰ জীয়েক ৰাজসভালৈ সোমাই আহিছে ।
কি হ'ল , পিতাৰা ৰাজসভালৈ অহা নাইযে , শিলৰ চোলা হলনে নাই ? মোক কিন্তু আজি শিলৰ চোলা লাগিবই ।
মহাৰাজ, আপোনাৰ শিলৰ চোলা হলেই প্ৰায় মাত্ৰ এটা সৰু বস্তু দৰকাৰ হল । সেইটো পালেই পিতাই শিলৰ চোলা লৈ দৰবাৰ পাবহি ।
শিলৰ চোলা পিন্ধাৰ আনন্দত ৰজাই কলে কোৱা কি বস্তু লাগে ? মোৰ ৰাজভঁৰালৰ পৰা লৈ যোৱা | মাথো মোক শিলৰ চোলা লাগে । 
মহাৰাজ পিতাই কলে শিলৰ চোলা বোলে পানীৰ বেজীৰেহে সীব পাৰি । গতিকে পানীৰ বেজিটো পালেই  ....
গতিকে মোক এটা পানীৰ বেজী লাগে । 
পানীৰ বেজী ? এয়া কেনেকৈ সম্ভৱ । পানীৰ বেজী থাকে নেকি ?
  মহাৰাজ..
বুজিলো বুজিলো , তোমাৰ বুদ্ধিৰ শলাগ লৈছো ।যোৱা দেউতাৰাক দৰবাৰলৈ পঠিয়াই দিয়াগৈ । মোৰ পানীৰ বেজীও নাই আৰু শিলৰ চোলাও মোক নালাগে ।
সেৱাহে মহাৰাজ ।
 গতিকে কিছুমান অবান্তৰ আৰু আচৰিত কথা আগবঢ়াব নালাগে । তেনে কথাই কেতিয়াবা কাৰোবাৰ জীৱনলৈ সংশয় আনিব পাৰে । কিন্তু ধৈৰ্য নেহেৰুৱাই চিন্তা কৰিলে বিপদমুক্ত হ'ব পাৰি । 
   আমাৰ সমাজৰ এনে অদ্ভুত চিন্তা কৰা মানুহৰ বাবে নিজৰ লগতে আনৰো জীৱনলৈকো বিপদ মাতি আনে  ।

  🖋️ হেমেন হাজৰিকা
           মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send