আজিৰ দিনৰ বিগ ব্ৰেকিং!! যুৱ প্ৰজন্মৰ মানসিকতা

Rinku Rajowar
0
আদি কথা হ'ল মই কোনো লেখক নহয় বা বিশেষজ্ঞ নহয়। হয় মাথোঁ এজন অনুভৱকাৰীহে। গতিকে এই লেখনিটোত কোনো দৰকাৰী বা গৱেষণাধৰ্মী তত্বগধুৰ কথা বিচাৰি নাপাব। গতিকে পঢ়ুৱৈয়ে ইমানতে মোৰ লিখনি পঢ়া সামৰি অন্য লেখনিত মনোনিৱেশ কৰাই সমীচিন হ'ব বুলি মোৰ অনুৰোধ।
               আজিৰ দিনত টেলিভিছনৰ পৰা বাতৰি কাকতখনলৈকে মাত্ৰ কেইটামান কথাই হেডলাইন বা বিগ ব্ৰেকিং ৰূপত দেখা যায়। ধৰ্ষণ ,হত্যা, ৰাজনীতি, যুৱ প্ৰজন্মৰ মানসিকতাৰ স্খলন, আপেক্ষিকতাবাদ আৰু নৈৰাশ্যবাদ আদিৰ দৰে কিছুমান বিগ ব্ৰেকিং। এচাম লোকৰ সমালোচনা, এচাম লোকৰ বুদ্ধিজীৱীৰ দৰে লেখা আৰু এচামৰ প্ৰতিবাদ। এইয়াই আজিৰ দিনত বহু। কিন্তু এষাৰ কথা আছে যে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। সেই কথাহে কাৰ্য্যক্ষম নহয় বাকী সকলো হোৱাৰ বাহিৰে।
               প্ৰথমেই মনলৈ আহে ধৰ্ষণ ,তাৰ পাছত হত্যা। এইয়াতো সদায় ঘটা এটা ঘটনা,শিক্ষিত সমাজৰ লজ্জাজনক তথা অশিক্ষিত ছবি। ঘটনা সংঘটিত কৰোঁতাজনৰ বয়স ১৫ বছৰৰ পৰা খুবে ১৮-২০-২৩ বছৰৰ হোৱা দেখা যায়। এই বয়সকে আজিৰ দিনবোৰত নৱ তথা যুৱ প্ৰজন্ম বুলি কোৱা নহয়নে??? কিন্তু তাৰে সমবয়সৰ এচামে অশেষ কষ্টৰে নিজৰ দেশমাতৃক ৰক্ষা কৰাৰ খাতিৰত নিজৰ দেহা বলিদান কৰি আহিছে।
               এসময়ত বাল্মিকীৰ দৰে কালপ্ৰিতৰ হাততেটো ৰচিত হৈছিল মানৱতাৰ প্ৰতীক ৰামচন্দ্ৰৰ দৰে চৰিত্ৰ তথা মহাকাব্য ৰামায়ণ। মদৰ ৰাগীত দিন ৰাতি মতলীয়া হৈ থকা ওমৰ খায়ামৰ কলমত সৃষ্টি হৈছিল কালজয়ী ৰুবায়তৰ দৰে প্ৰেমৰ মহাকাব্য।
               সময়ত মহামতি অশোক যাক কল্কি অৱতাৰ বুলিছিল আৰু আজিৰ যুৱ প্ৰজন্ম। পিছে সেই অশোকেই যাক কল্কি অৱতাৰ বুলিছিল তেখেতেই পাছলৈ ধৰ্ম আৰু শান্তিৰ প্ৰতীকস্বৰূপ হৈ ভাৰত, চীন তথা দক্ষিণ এচিয়াত শান্তিৰ বাণী প্ৰচাৰ কৰিছিল।
               সময় সলনি হৈছে। শিক্ষিত হোৱাৰ উপৰিও আমাৰ চিন্তাধাৰাবোৰ সলনি কৰিব হৈছে। কাৰোবাক হত্যা আৰু অন্য জঘন্য কাণ্ড হোৱাৰ পাছত মমবাটি লৈ চকুলো টুকাতকৈ তেনেধৰণৰ কাণ্ড যদি সংঘটিত নোহোৱাৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে চকুলো বোৱাবলৈ কোনো দৰকাৰ নাথাকে। ঠিক তেনেকৈয়ে যদি আগৰ প্ৰজন্মই এতিয়াৰ যুৱ প্ৰজন্মক মাথোঁ আৱৰ্জনা বুলি ককৰ্থনা কৰি বহি থাকে তেন্তে মহামতি অশোক আৰু বাল্মিকীৰ দৰে একোজন বিচাৰি পাব জানো??? এটা ডাঙৰ প্ৰশ্ন!
               সদৌ শেষত ক'ব বিচাৰোঁ যে আগৰ প্ৰজন্মই হওঁক লাগিলে যুৱ প্ৰজন্মই হওঁক, সময়ৰ লগত আমাৰ চিন্তাশক্তি বঢ়াব আৰু শুদ্ধ কৰিবৰ হ'ল। মাথোঁ ককৰ্থনা কৰি বহি নাথাকি যুৱ প্ৰজন্মক আপোনাসৱে যোগাত্মক দিশেৰে দিশান্বিত কৰাত গুৰুত্ব প্ৰদান কৰক। যদিহে এনে হৈ উঠে তেতিয়াহে এখন সুস্থ-সৱল আৰু শান্তিপূৰ্ণ জাতি তথা সমাজৰ ভৱিষ্যতৰ কথা আশা কৰিব পাৰি।

🖊️সীম সীমান্ত

( আভাস- প্ৰদীপ কুমাৰ শইকীয়া )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)