হুৰ হুৰ বটা চৰাই

Rinku Rajowar
0
বটা চৰাইয়ে ধান খায় | ই এবিধ বনৰীয়া চৰাই | ইয়াৰ মাংসও বৰ তৃপ্তি দায়ক | জনামতে ইয়াৰ মাংস বিভিন্ন বেমাৰৰ বাবে ঔষধৰ কাম কৰে | সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু আমাৰ সাহিত্যৰ এক নজহা নপমা অমূল্য সম্পদ | তাত চম্পাৱতীৰ সাধু নামৰ এটা সাধুকথা আছিল | চম্পাৱতীৰ মাহীমাকে চম্পাৱতীক সিমান ভাল নাপাইছিল আৰু মৰমো নকৰিছিল | সেয়েহে পথাৰত পকি থকা ধানত পৰা চৰাই খেদিবলৈ পঠাইছিল | পকা ধানত জাকে জাকে বটা চৰাই পৰিছিল | সেয়েহে চৰাইবোৰ খেদিব লাগে | সেই কামটো কৰিবৰ বাবে মাহীমাকে চম্পাৱতীক পঠায় | পথাৰলৈ গৈ ধানত পৰা চৰাইবোৰ খেদি গাই.....
    হুৰ  হুৰ  বটা চৰাই
    মোৰ ধান নাখাবি
     তোক দিম গোটা কৰাই
উত্তৰত ধানৰ মাজৰ পৰা কিবা এটাই গায়.....
    ধানো  খাম 
    চাউলো খাম
    চম্পাৱতীক বিয়া কৰাই        ঘৰলৈ যাম |
কখাখিনিৰ পুনৰাবৃতি হৈ থাকে |
চম্পাৱতীয়ে ভয় খায় | ধানৰ মাজৰ পৰা কিহেনো তাইৰ নাম ধৰি মাতে | আজিৰ দিনটোত আমাৰ সমাজত এনে অলেখ বটা চৰাইৰ ভিৰ | ইহঁতে পিন্ পিনাই ফুৰিছে | বহুত ৰং ইহঁতৰ , বহুত ইহঁতৰ বেশ | মিঠা মিঠা সিহঁতৰ কথা , কিমান যে চং দিয়ে সিহঁতে | সিহঁতৰ চলাহী কথাত ভুল গলেই সৰ্বনাশ | এইদৰে জালপাতি বহু চম্পাৱতীক সিহঁতে সিহঁতৰ জালত বন্দী কৰিছে আৰু আমাৰ আপোনভোলা চম্পাৱতীহঁতে অথবা পৰিয়ালবৰ্গই অচিন কাঠৰ থোৰাক আকোঁৱালি  লৈ নিজৰ বিপদ নিজে মাতি আনিছে | আমাৰ চম্পাৱতীহঁতৰো অনেক ভুল | সিহঁতে তেজৰ গৰমত আমদানি কৃত জক্ মকীয়া লাইটৰ পোহৰত নিজকে ৰঙীণ কৰি তোলাৰ আনন্দত মচগুল | কিন্তু যেতিয়া পানী লাগি মুখৰ ৰং চেলেকা চুবুৰা হয় তেতিয়াহে ভিকাচন ভাগে আৰু  এলাগী মাটিৰ চাকিৰ তলত জিৰণি লয় | বটা চৰাইবোৰে ধান খাই চম্পাৱতীক বিয়া কৰাই নহয় আলাই আথানি কৰি আনৰ অৱহেলাৰ পাত্ৰ কৰি মাক দেউতাক পৰিয়াল পৰিজন উভয়েৰে সন্মান লাঘৱ কৰি সিহঁত উৰি যায় | সিহঁতে সেই পথাৰলৈ আৰু পুনৰ ধান খাবলৈ নাহে | আকৌ বেলেগ চম্পাৱতী , বেলেগ পথাৰৰ সন্ধান কৰে | নতুন কৌশলেৰে জালপাতি নতুনৰ সন্ধান কৰে সিহঁতে |
আমাৰ অভিভাৱক অভিভাৱিকা সকলৰো যথেষ্ট ভুল দেখা যায় | নিজৰ সন্তানে কি কৰিছে , ক'লৈ গৈছে, কাৰ সতে গৈছে , কিয় গৈছে তাৰ আতি গুৰি নলয় | ফলত তাৰ ফল হাতে হাতে পায় আৰু পিছত সমাজত মুখ উলিয়াব নোৱাৰা হয় | তেতিয়া নীৰৱে চকুলো টুকি থকাৰ বাহিৰে আন উপাই নাথাকে | গতিকে চিক্ মিকাই থকা সকলো বস্তুৱেই সোণ নহয় সেই কথাটো সকলোৱে বুজিব লাগে , বুজাব লাগে | নিজৰ সন্তানৰ সকলো খবৰ বন্ধুৰ দৰে ব্যৱহাৰৰ দ্বাৰা লওক , বুজাওক | সিহঁতৰ পৰা লওক | বুজাওক যে জীৱনটো সিহঁতৰ | গতিকে অলপ চিন্তাচৰ্চা কৰিবলৈ দিয়ক নিজৰ লগতে ঘৰখনৰো | নহলে চিক্ মিক্ বটা চৰায়ে কেতিয়া কাক কেনেকৈ কাৰ কি অনিষ্ট কৰে তাৰ একো ঠিক নাই  |

   🖋️হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)