লিমাৰিক

©Admin
0


                    (০১)
চিধা কথা শুনি তাই বাপেক মাকৰ 
প্ৰেমিকক কৈছিলগৈ কৰ খৰধৰ
ক'ৰ'ণা ক'ৰ'ণা বুলি
ছমাহেই পিছুৱালি
বিয়া দিব আনলৈ লাগিব ধৰফৰ।
-------------------00-------------------

                    (০২)
চিন্তাতে প্ৰেমিকৰ থুকাথুকি মাত
চাকৰি বাকৰি নাই খুৱাবলৈ ভাত
তাইক যদিহে নানে
ভাত কাঢ়িব আনে
দীৰ্ঘদিনৰ প্ৰেমৰো মেলিব যে ফাঁট।

🖋️ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)