অহেতুক হাৰাশাস্তি নকৰিবা মোক,
তাহানিৰ যোদ্ধাজন
আজি ক্লান্ত তেজ মঙহৰ শৰীৰ ৷
ৰাজনীতিৰ ভৰত
জীৱনৰ তাগিদাত
তেওঁ হেনো উভতি নাযায় ৰণথলীলৈ,
তেওঁ বিচাৰি ফুৰিছে মৰম
বিচাৰি ফুৰিছে আস্থা,
আপোনজনৰ নিৰাপত্তা বিচাৰি
হাবাথুৰি খাইছে তাহানিৰ যোদ্ধাজনে ৷
ঠিকনা বিচাৰি কোনোবা গলে
বেয়া পাই তেওঁ,
সহানুভূতিয়ে আজিকালি হেনো আমুৱাইছে ৷
আমিবোৰে নোৱাৰো তেওঁৰ
সহযোদ্ধা হোৱাৰ প্ৰতিশ্ৰুতি দিব,
স্বাৰ্থবোৰে টানি ধৰে আমাক...
🖋️প্ৰণৱ চক্ৰৱৰ্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ