ধৰ্ষণ

©Admin
0
 কাৰ কাৰ বাবে ন্যায় খুজিবা
আৰু কিমান হিয়া ভাঙি কান্দিবা,
তাইতো এতিয়া তাই নহয়
প্ৰাণহীন এটা শৰীৰ ।
জীৱনটো আৰম্ভ হৈছে মাথোঁ 
শেষ হৈ যায় নিমিষতে ,
শাস্তি কোনে পায়, অপৰাধী কোন 
কাৰ বাবে ন্যায় ভিক্ষা খুজিবা ?
যিখন দেশত ধৰ্ষণকাৰীয়ে
উকীলৰ সহাঁৰি পায় ,
সেই দেশত,তাই ন্যায় নাপায়
সমাজে ক'ব ভুল কাৰ ?
নিশ্চয় কৈ ছোৱালীজনীৰ
সমালোচনা তাইৰ চুটি কাপোৰৰ,
নিশা দেৰিকৈ ঘৰ অহাৰ, ল'ৰাৰ লগত বন্ধুত্ব গঢ়াৰ।
আৰু যে কত কি 
ক'ত তাই ন্যায় পাব ?
মই গৌৰৱ কৰো ,ম‌ই ভাৰতমাতৃৰ সন্তান
কিন্তু ভয়ো কৰো ,
এইখন দেশতে যি নাৰীয়ে পুত্ৰ জন্ম দিয়ে
সেই নাৰীয়ে ধৰ্ষিতা হয় ।
স্বীকাৰ হৈ পাশণ্ড পুৰুষৰ 
কাৰণ ইয়াত ধৰ্ষণকাৰীয়েও মুক্তি পায়,
মাথো মুক্তি নাপায় 
তাইৰ বিদেশী আত্মাই ।
মোৰ দেশত মাটিৰে গঢ়া দেৱীৰ পূজা হয়
আৰু সোণেৰে গঢ়া নাৰীৰ দেহা উলংগ হয়,
কিমান আৰু ধৰ্ণা দিবা,
কিমান মমবাতি -চাকি জলাই আত্মাৰ শতগতি কমনা কৰিবা
কিমান আৰু ন্যায় বিচাৰিবা,
ইয়াত ধৰ্ষণকাৰীক সহায় কৰাজনো আছে
ধৰ্ষিতাক সমালোচনা কৰি মাৰি পেলোৱাজনো আছে ।
কেতিয়া শেষ হ'ব এইবোৰ
কেতিয়া স্বাধীন হ'ব মোৰ দেশৰ জীয়ৰী ?
যিদিনা নিৰ্ভয়ে তাই বাটত খোজ দিব
যিদিনা ধৰ্ষণকাৰীকৰ শাস্তি মৃত্যুদণ্ড হব !
সেই দিনা মুক্তি পাব তাইৰ আত্মাই
সেইদিনা ধৰ্ষণ মুক্ত হ'ব মোৰ দেশ,
আৰু হয়তো সেইদিনাই 
স্বাধীন হব মোৰ দেশৰ জীয়ৰী।
          
✍️দীপালী তচা
     গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)