নৈতিক মূল্যবোধৰ শিক্ষা-০৩

©Admin
0
মূল্যবোধ শিক্ষাই বস্তুবোৰৰ প্ৰতি সকাৰাত্মক দৃষ্টিকোণ প্ৰদান কৰাৰ লগতে আত্মবিশ্বাস আৰু প্ৰেৰণা যোগাই ৷

মূল্যবোধ শিক্ষাই জীৱনক মূল লক্ষ্যত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হয় 
ছাত্ৰ-ছাত্ৰীক নৈতিক মূল্যবোধ শিক্ষাই নীতি শিক্ষা দিয়াৰ লগতে ৷  গতিকে ছাত্ৰ-ছাত্ৰীক নৈতিক মূল্যবোধ শিক্ষা প্ৰদান কৰাটো সাৰ্বভৌমিক ৷ এই ক্ষেত্ৰত শিক্ষক আৰু অবিভাৱকে মূল ভূমিকা পালন কৰিব পাৰে 

সাধাৰণতে আমাৰ সমাজত দেখিবলৈ পোৱা যায়  যে  যদি কোনো শিশুৱে দুৰ্ব্যৱহাৰ কৰে তেতিয়া মানুহে সেই শিশুৰ অবিভাৱক আৰু শিক্ষকক দোষাৰোপ কৰে কিন্তু সেই শিশুটোক ভালদৰে বুজাই নিদিয়ে এয়া মানুহৰ স্বভাৱ ৷
শিশুৱে সাধাৰণতে নিজে লাভান্বিত হবলৈ মিছা কথা কয় ৷ এইক্ষেত্ৰত শিক্ষকে শিশুটোক উচিত মাৰ্গ দৰ্শন দিয়া বাঞ্ছনীয় ৷
শিক্ষক ছাত্ৰছাত্ৰীৰ প্ৰেৰণাৰ স্ৰোত ৷ 
 
ছাত্ৰছাত্ৰীয়ে সদায় নিজৰ শিক্ষা গুৰুক আদৰ্শস্বৰূপে অনুকৰণ কৰে ৷ গতিকে শিক্ষকসকল নিজকে নৈতিক মূল্যবোধৰ জৰিয়তে সেই পৰ্যায়ৰ আদৰ্শ হিচাপে গঢ়ি তোলা উচিত ৷
ভাল এখন কিতাপ  নাইব নীতিমূলক কাহিনী পঢ়িলে নৈতিক দিশত বিকাশ হয় ৷
আৰু যদি ঘৰ এখন আৰু ওচৰ চুবুৰীয়া সমাজখন শিশুসকলৰ কাৰণে সকলো দিশৰ পৰা উপযুক্ত তেনেহ’লে নৈতিক মূল্যবোধ সহজে লাভ কৰিব পাৰিব ৷
আৰু যদিহে শিশুটোৰ বন্ধুবৰ্গ তথা সমাজখন নৈতিক দিশত মজবুত নহয় তেনেহ’লে শিশুটোৰ কোনো পধ্যেই নৈতিক দিশত বিকাশ নহব ৷ লাগে তাক যিমানেই মূল্যবোধৰ শিক্ষা নিদিয়ক কিয় ৷

গতিকে নৈতিক মূল্যবোধ শিক্ষা আমাৰ সকলোৰে কাৰণে অতি মহত্ত্বপূৰ্ণ ৷          
                        আগলৈ•••

🖊️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)