গৰুৰ উপকাৰী গুণৰ কিছু আভাস

©Admin
0
প্ৰাচীন কালৰে পৰাই গৰু আমাৰ দেশত বিভিন্ন ৰূপে পূজিত হৈ আহিছে। কথাতে কয়- যাৰ নাই গৰু সি সবাতোকৈ সৰু ।
ৰজাসকলে গৰুক গো-ধন ৰূপে ব্যৱহাৰ কৰে ।আজিকালি গৱেষণা কৰি দুগ্ধ, গোমূত্ৰ, গোবৰ আদি সমাজত ব্যৱহাৰ উপযোগী কৰি তুলিছে।

চহৰৰ গৰুতকৈ গাঁৱৰ হাবিয়ে বননিয়ে চৰি ফুৰা গৰুৰ গাখীৰ অথবা গোমূত্ৰ অধিক উপকাৰী।
⏺️ আমি জানো যে গাখীৰ, দৈ, ঘিউ, গোমূত্ৰ, গোবৰ এই সকলো দ্ৰব্য দ্বাৰা পঞ্চগব্য তৈয়াৰ কৰি পুজা পাৰ্বণত ব্যৱহাৰ কৰা হয় ।
পঞ্চগব্য মিশ্ৰণ বিধি এনে ধৰণৰ - বাৰ ভাগ গাখীৰ , দহ ভাগ দৈ, আঠ ভাগ ঘিউ, আঠ ভাগ গোমূত্ৰ , ষোল্ল ভাগ গোবৰ আৰু চাৰি ভাগ পানী মিহলাই পঞ্চগব্য প্ৰস্তুত কৰিব লাগে । কেঁচা গোবৰ কাপোৰত চেপিলে যি ৰস ওলাই সিয়ে গোবৰৰ ৰস।

আমাৰ ঋষি মুনিৰ পূজা পাৰ্বণত নীতি নিয়মৰ দ্বাৰা সমাজত স্বাস্থ্য বিধিৰ উপায় দি গৈছে ।
আজিকালিৰ ফেনাইল, ডেটলৰ দৰে গোবৰ হ'ল কীটনাশক , শংখৰ ধ্বনিৰে বেক্টেৰিয়া মৃত্যু ঘটে বুলিও সমাজত বিশ্বাস আছে ।

⏺️ গৰুৰ দ্বাৰা প্ৰয়োজনীয় ঔষধ
👉পঞ্চগব্য সেৱনত আয়ু বলবৃদ্ধি হোৱাৰ লগতে শাৰীৰিক মানসিক বিকাৰ দূৰ হয় আৰু স্বাস্থ্য পুনৰুদ্ধাৰ হয় ।
👉গাখীৰ অমৃত স্বৰূপ সৰ্বৰোগৰ সৰ্বোত্তম আহাৰ ।
👉গাখীৰৰ পৰা তৈয়াৰী সকলো আহাৰ বলবৰ্দ্ধক, তেজবৰ্দ্ধক, জীৱনবৰ্দ্ধক আৰু পুষ্টি বৰ্দ্ধক।

👉দৈ উত্তম বলকাৰক, ৰুচিকৰ, জৰাগ্নিবৰ্দ্ধক, বায়ুনাশক।
👉ঘোল তৃপ্তিকৰ সোৱাদযুক্ত- জণ্ডিচ, অৰ্শ, মেদ, অৰুচি, জঠৰ, কোষ্ঠকাঠিন্য, কৃমি ৰোগৰ উত্তম ঔষধ।
👉নিত্য ঘোল সেৱন কৰিলে নিৰোগী থাকে।
👉ঘৃত বলকাৰক, মেধাশক্তি শৰীৰবৰ্দ্ধক , বিষনাশক, চকুৰ বাবে উপকাৰী , স্বাস্থ্য বৰ্দ্ধক।

👉বিষপান বা সৰ্পদংশনত গৰম পানীৰ লগত তিনি/চাৰি চামুচ খুৱালে পাতল পায়খানা হৈ বিষ নষ্ট হয়।
👉গোবৰ কীটনাশক, মেলেৰিয়া বীজাণু নাশক আৰু বিষনাশক।
👉গোবৰৰ ছাই গছৰ পোক নাশ কৰে।
👉গোমূত্ৰ হৃদৰোগ, এজমা, কুষ্ঠ, চৰ্মৰোগ, স্ত্ৰীৰোগ তথা দুৰাৰোগ্য ব্যাধিৰ উপকাৰী।

👉গাখীৰ, গোমূত্ৰ নিচাকৰা মানুহৰ বাবে উপকাৰী।
গোমূত্ৰ, গোবৰ কৃষিক্ষেত্ৰত আমাৰ দেশত উৎকৃষ্ট।
ভাৰতবৰ্ষৰ সৰহভাগ মানুহেই গাঁৱত বাস কৰে গাঁৱৰ বিকাশ হ'লেহে দেশৰ বিকাশ সম্ভৱ ।
সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ গাখীৰ, দৈ , ঘিউ যথেষ্ট পৰিমাণে খাব লাগে।
সদায়ে গাখীৰ খোৱা মানুহৰ ৰোগ ব্যাধি বহুত কম হয় ।
গৰুৰ উপকাৰৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি ।
থুলমুলকৈ কিছু আভাসহে দিয়া হ'ল।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)