এজাক বৰষুণৰ অপেক্ষাত-দ্বিতীয় অধ্যায় (খণ্ড-২৩)

©Admin
0

" ঐ খৱৰ ভাল?" "মিছ ইউ"!
অচিনাকি নম্বৰ এটাৰ পৰা এনেকৈ মেচেজ অহা দেখি মই আচৰিত হৈ গৈছো। কোন হ'ব পাৰে মই ধৰিব পৰা নাই। মই reply কৰিলো...
"কোন হয়?"
"মই আকৌ চিনি পোৱা নাই নেকি?"
"কোন মই? ক'লে হে চিনি পাম"।
"মই প্ৰান্তিক।"

প্ৰান্তিক! মানুহজনী অলপ কঁপিবলৈ ধৰিছো । হঠাতে প্ৰান্তিকৰ আজি মেচেজ দেখি কি ক'ম? কি সুধিম ভাবি পোৱা নাই। চকুপানীও ওলাইছে,মনটো ভালো লাগিছে। আকৌ এবাৰ মেচেজ কেইটা চাইছো। প্ৰান্তিক হব পাৰে জানো? কথা কোৱাৰ ধৰণটোলৈ চাই অলপো লগা নাই যে তেওঁ প্ৰান্তিক হয়। প্ৰান্তিকে মোক "ঐ" বুলি কেতিয়াও কৈ পোৱা নাই। বাৰু একো নাই।সময়ৰ লগত তেওঁ সলনি হ'ল যেতিয়া কথাবোৰো যে সলনি নহ'ব সেইটোনো কি ডাঙৰ কথা।

__________ কোৱা কি মনত পৰিল আজি মোলৈ?
প্ৰান্তিক__________ নাই এনেই বহুত দিন তোমাক দেখা নাই।
_________ হম্।
প্ৰান্তিক___________ ভালেই চাগে তোমাৰ?
_________ উম.... মোৰ বহুত ভাল। এইবোৰ সুধিবলৈ মেচেজ কৰিছিলা নেকি?

প্ৰান্তিকৰ কথাবোৰ মোৰ বৰ আঁচহুৱা লাগিছে।

প্ৰান্তিক_________ নাই এনেই
_________ তুমি সুখী ন" এতিয়া?
প্ৰান্তিক_________ উম সুখী। ফটো এখন দিবা নেকি তোমাৰ?
একো কাৰণ নোহোৱাকৈ হঠাৎ প্ৰান্তিকে কি ফটোৰ কথা কৈ দিছে।
_________ কি......? কি ফটো?
প্ৰান্তিক__________ বুজি পোৱা নাই?
__________ নাই
প্ৰান্তিক__________ তোমাৰ অলপ প্ৰাইভেট ফটো।
__________ মানে?

কথাবোৰ প্ৰান্তিকে অলপ বেলেগ ফালে নিছে। মই অলপ অলপ ধৰিব পাৰিছো যদিও ভালকৈ জানিব বিচাৰিছো তেওঁৰ পৰা।

প্ৰান্তিক_________ মানে তোমাৰ......??

মই ভবাৰ মতেই প্ৰান্তিকে reply টো দিলে। মেচেজটো দেখি ফোনটো হাতৰ পৰা পৰি গল। ঘামিব ধৰিছো গোটেইজনী। কি হৈছে মই বুজিব পৰা নাই। সপোন দেখা নিচিনা লাগিছে। লাহে লাহে চকুপানীবোৰ ওলাব ধৰিছে। ফোনটো তুলি আকৌ মেচেজ কৰিলো....

_________ ছিঃ প্ৰান্তিক! তুমি ইমান তললৈ নামিব পাৰিলা। কেনেকৈ তুমি মোক এইবোৰ ফটো বিচাৰিব পাৰিলা? তুমি মোক তেনেকুৱা ছোৱালী বুলি ভাবিছা নেকি? মোৰ লগতে তুমি তোমাৰ মান,সন্মান,শিষ্টাচাৰ সব পাহৰি গ'লা। মই কল্পনাই কৰিব পৰা নাই তুমি যে ইমান লেতেৰা মনৰ মানুহ হ'বা।তুমি মই ভালপোৱা সেই প্ৰান্তিক কেতিয়াও হ'ব নোৱাৰা। মই হেৰুৱাই পেলালো মোৰ সেই প্ৰান্তিকক। লাজ লাগিছে নিজৰে।

প্ৰান্তিক__________ হ'ব হ'ব লেকচাৰ দিব নালাগে। দিবা নে নিদিয়া সেইটো কোৱা । একো ডাঙৰ বস্তু বিচৰা নাই।
___________ তুমি এতিয়াও একেটা কথাতে লাগি আছা। তোমাৰ অলপো লাজ লগা নাই? আঁতৰি যোৱা প্ৰান্তিক ।প্ৰেম নামৰ পৱিত্ৰ সম্পৰ্কটোক শাৰীৰিক সম্পৰ্কৰ নাম নিদিবা। আজি তাৰিখলৈকে তোমাৰ কাৰণে মোৰ অন্তৰত যি আছিল সেইয়া এই মুহূৰ্তত শেষ হৈ গ'ল। ঘৃণা কৰো তোমাক এতিয়া মই।
তুমি একেবাৰে তললৈ নামিলা। এটা সময় আছিল যেতিয়া তোমাক লৈ মই গৌৰৱ কৰিছিলো কিন্তু এতিয়া তোমাক লৈ মই ঘৃণা কৰো। পুতৌ জন্মিছে তোমালৈ আজি মোৰ। তুমি ঠিকেই কৈছিলা তুমি মোৰ যোগ্য নোহোৱা। আজি তুমি তোমাৰ স্বাৰ্থৰ কাৰণে মোলৈ ইমান দিনৰ পাছত মনত পৰিল। ইমান দিনৰ ভালপোৱাৰ আজি এয়াই ফল।
গুড বাই প্ৰান্তিক। আজিৰ পৰা তোমাক মই চিনি নাপাওঁ। মোৰ সন্মানত আঘাত সানিব বিচৰা মানুহক মই চিনি নাপাওঁ। যি মোৰ শৰীৰৰ লালসাত আজি মোৰ খবৰ ৰাখিছে। আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত যিকণ সম্পৰ্ক বাছি আছিল সেইয়াও শেষ হৈ গ'ল।

ফোনটো অফ কৰি দিলো মই। হাত দুখন জোৰত মুঠি মাৰি ধৰিছোঁ। চিঞৰি চিঞৰি কান্দিব মন গৈছে আজি মোৰ শেষ বাৰৰ কাৰণে। কি আছিল আৰু কি হৈ গল? প্ৰান্তিক কেনেকৈ ইমান সলনি হ'ব পাৰে? ভাবিলে সপোনৰ নিচিনা লগা হৈছে। যিটো প্ৰান্তিকক মই জানো সেইটো প্ৰান্তিকৰ আজি আচল ৰূপ দেখি গ'লো।

         ৰাতি পঢ়া নহ'ল আৰু মোৰ। শুই থাকিলো তেনেকৈ। কথাবোৰ কাকো কোৱা নাই।নিজৰ মাজতে থৈ দিছোঁ। আজি ৰাতিটো বৰ অসহ্যকৰ। ইফালে চিৰদিনৰ কাৰণে প্ৰান্তিকক হেৰুৱাই পেলোৱা দুখ,আনফালে প্ৰান্তিকে আজি মোক ভালপোৱাৰ আটাইতকৈ ডাঙৰ উপহাৰ দিয়া দুখ। তিনিমাহৰ পাছত প্ৰান্তিকৰ লগত আজি কথা হৈছিল কিন্তু.....? কিমান স্বাৰ্থপৰ হ'ব পাৰে বাৰু কেতিয়াবা নিজৰ আপোন মানুহবোৰ? প্ৰান্তিকৰ মেচেজ পাই আজি মোৰ মুখত আকৌ হাঁহিটো ফুটি উঠিছিল। প্ৰান্তিক ঘূৰি আহিছে বুলি মনটোক বুজাব পৰা নাছিলো। কিন্তু সেই প্ৰান্তিকে আজি মোৰ শৰীৰৰ ভোকাতুৰ হৈ মোলৈ মনত পেলালে। ধন্য সময়। মই মানুহ চিনি পালো।প্ৰান্তিকক চিনি পালো।

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)