নৈতিক মূল্যবোধ শিক্ষা (খণ্ড-০২)

©Admin
0

নৈতিক মূল্যবোধ শিক্ষা মূখ্যৰূপত উদাহৰণৰ মাধ্যমৰে প্ৰদান কৰিব পাৰিলে 

শিশুসকলক মূল্যবোধ শিক্ষা সহজে গ্ৰহণ কৰিব পাৰি ৷ 

যিহেতু শিশুসকল  ভাল পৰ্যৱেক্ষক ৷ শিক্ষকৰ দ্বাৰা প্ৰদান কৰা সকলো ধৰণৰ বস্তু নোট কৰে ৷ তেওঁলোক ডাঙৰৰে কৰা  প্ৰতিটো কাৰ্যলৈ সদায় অনুপ্ৰেৰণা লাভ

 কৰে ৷

পিতৃ মাতৃ শিক্ষকে  সদায় শিশুসকলক চকু দিয়া উচিত ৷ কাৰণ এয়া ব্যৱহাৰিক জীৱনৰ কথা ৷ 

শিশুৰ নৈতিক মূল্যবোধৰ শিক্ষা ওচৰ চুবুৰীয়াৰ পৰাও প্ৰাপ্ত হব পাৰে ৷

বয়সস্থ লোকে নৈতিক কাহিনী সাধু আদিৰ জৰিয়তে শিশুসকলক নৈতিক  মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰে ৷

সময়ৰ লগত এই শিক্ষা শিশুৰ জীৱনৰ আধাৰ হৈ পৰে ৷ সেইহে মূল্যবোধ শিক্ষা সৰুৰে পৰাই শিশুসকলক প্ৰদান কৰা উচিত ৷ 

ঘৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় , মহাবিদ্যালয়লৈকে মূল্যবোধ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা উচিত ৷

নৈতিক মূল্যবোধ শিক্ষাই শুদ্ধ আৰু অশুদ্ধৰ মাজৰ পাৰ্থক্য বুজিবলৈ শিশুক ক্ষমতা দিয়ে ৷ 

এয়া ব্যক্তিৰ  ব্যক্তিত্বৰ পৰিবৰ্তনতো সহায় কৰে ৷

নৈতিক  মূল্যবোধ শিক্ষাই ব্যক্তিক সুচৰিত্ৰৱান ব্যক্তি হিচাপে গঢ়ি তোলে ৷

সেয়াই নহয় নৈতিক মূল্যবোধ শিক্ষাই হিংসা,দ্বেষ, আদি ধৰণৰ ৰিপুৰ পৰাও ৰক্ষা কৰে গইবোৰক ব্যক্তিৰ জীৱনত প্ৰৱেশ কৰিব নিদিয়ে ৷ এক প্ৰকাশৰে নৈতিক মূল্যবোধ শিক্ষাই সামাজিকৰণতো বিশেষ অৰিহণা পালন কৰে ৷ এতেকে আপুনি আপোনাৰ  শিশুক নৈতিক মূল্যবোধ শিক্ষা প্ৰদান কৰিছেনে ? যদিহে কৰা নাই তেনেহ’লে আজিয়ে আৰম্ভ কৰি দিয়ক |

                  আগলৈ•••

🖊️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)