অনুতাপ খণ্ড-১০ (ধাৰাবাহিক উপন্যাস)

©Admin
0
চুলিখিনি প্ৰাকৃতিকভাৱে মেলি দিছে। হালধীয়া স্পৰ্টিং,কলা জিনচ্ আৰু এযোৰ হাইহিল পিন্ধি তাই "ৰয়েল ফিষ্ট"ৰ পৰা নামি আহিছে।নামিয়েই বৰডুবি লৈ যোৱা অট'খনত উঠিলগৈ । চকুৰে দেখালৈকে চাই থাকিলো।তাইজনীয়ে সিদিনাই মোৰ মন কাঢ়ি নিলে। ক'ত পাম তাইক লগ , কেনেকৈ পাম তাইৰ ফোন নম্বৰ।লগৰ কেইজনৰ কথামতেই আমি তাইৰ পিছ ললো।তাই প্ৰথম ফোন নম্বৰ দিব বিচাৰা নাছিল। লগৰকেইজনে বুজোৱাত তাই নম্বৰ দিলে। মই ৰাতি মেচেজ কৰিছিলো। এনেকৈয়ে আমাৰ চিনাকি। এদিন ভয়ে ভয়ে তাইক লগ কৰাৰ কথা ক'লো।তাইও ৰাজী হ'ল। মই জনাত তাইৰো কোনো প্ৰেমিক নাছিল।সিদিনা আমি বহুত কথা পাতিছিলো। যদিও বহুদিনলৈ মনৰ কথা ক'ব পৰা নাছিলো।
            এদিন তাইক কথাটো ক'লো।তাইও মানি ল'লে।সিদিনাৰ পৰাই মোৰ মাজত এক বুজাব নোৱাৰা ভালপোৱাই বাহ লৈছিল।হিয়াৰ হিয়াই চুই গ'ল।তাইৰ অবিহনে মই এটা মূহুৰ্তও থাকিব পৰা নাছিলো।দুয়োজনে বহুদিনলৈকে মনৰ কথা পাতিছিলো। এনেকৈয়ে আগবাঢ়ি গৈছিল আমাৰ ভালপোৱা। মাজে-সময়ে আমি লগ কৰিছিলো। মই জানিছিলো মোৰ ঘৰত মানি ল'ব। কাৰণ মই মা-দেউতাক ভালদৰেই জানো। হিয়াক মই মোৰ মা-দেউতাৰ স'তে চিনাকি কৰাই দিলো। এনেকৈয়ে আমাৰ ভালপোৱাই প্ৰায় চাৰি বছৰত ভৰি দিলে। কিন্তু ভগৱানৰ চাগে সহ্য নহ'ল আমাৰ ভালপোৱা।

✍️পংখী মৰাণ
   তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)