ল'ৰালি

আকৌ যদি পাৰিলোহেঁতেন 
ল'ৰালিক ওভতাই আনিবলৈ ,
অতীতক পুনৰ উপভোগ কৰিবলৈ
হেপাঁহ পলাই জী চালোহেঁতেন 
ল'ৰালিক আকৌ এবাৰ ।

সকলোৰে স্নেহৰ মাজত ,
আকৌ এবাৰ অভিমান কৰাৰ মন ।
পে'ছ পাতি , জীদ ধৰি ল'ৰালিক জীবৰ মন ।

এয়া যদি সম্ভৱ হ'লহেঁতেন ,
সময়বোৰ যদি ল'ৰালিতে থমকি ৰ'লহেতেন ,
আনন্দোল্লাসেৰে ভৰপূৰ 
চিন্তাহীন এটি ক্ষণ ।
বিষাদতা আৰু বিফলতাই ঢুকি নোপোৱা 
আত্মীয়স্বজনৰ মৰমটোপা
আৰু
মা - দেউতাৰ সেই ব্যাকুলতা

সঁচাই ,
কত যে সুন্দৰ আছিল
জীৱনৰ ল'ৰালিৰ মধুৰতা ।।


✍️স্বাতী জয়ছোৱাল
ডিব্ৰুগড় , নাহৰকটীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send