অনুতাপ-১১ (ধাৰাবাহিক উপন্যাস)

Rinku Rajowar
0
সিদিনা আছিল শনিলগা শনিবাৰ।তাই মোক খৰধৰকৈ মাতি পঠালে। মইও গ'লো।তাইৰ চকুৱে বহু কথা কৈছে। মই বুজিব পৰা নাই।তাই আগবাঢ়ি আহিল ।
           :ইমানকৈ কি চাইছা?
           : তোমাক।আজি বৰ ধুনীয়া দেখিছে।
            :অহ্৷(তাই হাঁহি এটা মাৰি ক'লে)
             :মোৰ সন্দেহ হ'ল। তুমি ভালে আছাটো হিয়া।
            :মোৰ কাৰণে দৰা চাইছে।
            :দৰা???? এইয়া আকৌ কিয়?
        তাই একো নক'লে।অলপপৰ মনে মনে থাকিলো।তাই আকৌ খুউব সহজকৈ কলে অ দ্বীপ মোৰ বাবে ল'ৰা চাইছে।তাই যিমান সহজভাৱে ক’লে মইও অ’ ঠিক আছে বুলি কলো। হঠাৎ তাই প্ৰশ্ন কৰিল-
           :তোমাৰ দুখ লগা নাই?
            :দুখ! তুমি কি বুজিবা হিয়া দুখৰ কথা।এহাল ৪ বছৰীয়া প্ৰেমিক-প্ৰেমিকাৰ মাজত এনেকুৱা কথা। তোমাৰ কাৰণে বচ সাধাৰণ কথা ন?আজি তুমি ইমান হাঁহি মুখে কৈছা ৪ বছৰীয়া প্ৰিয়জনৰ আগত যে দৰা চাইছে।ইয়াতকৈ জানো সহিব পৰা কিবা আছে?ইমান দিনে তুমি মোৰ লগত অভিনয় কৰিছিলা।মোৰ আবেগবোৰৰ লগত খেলি আছিলা ন হিয়া? মই ইমান এবনৰমেল যে তোমাক সন্দেহ কৰা বা গম পোৱাই নাছিলো।কেনেকৈ কৰিম কোৱা মই তোমাক নিজতকৈয়ো বেছি ভাল পাওঁ। তেনেকুৱা কথা মই কল্পনাই কৰিব নোৱাৰো। কিন্তু তুমি?
            : তেনেকুৱা কথা নহয় অ দ্বীপ।
            : তেন্তে কি?আজি ৪বছৰে ৰিলেশ্বনত থকা  এহাল প্ৰেমিক-প্ৰেমিকা ৰ হঠাৎ এনেদৰে........? মই আৰু একো ক'ব নোৱাৰা হৈছো হিয়া।
            : তুমি মোক বহুত ভাল পোৱা?
            :কিয় সুধিছা ? এতিয়াও সন্দেহ আছে নহয় তোমাৰ?
             :নহয় অ । তুমি মোৰ দেৱতা। এই ভাতৃ-পিতৃহীন ছোৱালীজনীৰ বাবে আজিলৈকে তুমি যিখিনি কৰি আহিছা মই কেতিয়াও পাহৰিব নোৱাৰো। মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী তুমি।  মইও তোমাক বহুত ভাল পাওঁ। মই তোমাৰ আবেগৰ লগত খেলা নাই।
            : তেন্তে এইয়া কি কৈছিলা হঠাৎ?
            : মোৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰাচোন।।
            : তোমাৰ আৰু একো কথাই শুনিব নিবিচাৰোঁ।
            : তুমি নুশুনিলে মই দুখ পাম।
             হিয়াৰ আৰু কোনো কথাই শুনাৰ মোৰ সাহস নাছিল। মই খুউব জোৰে জোৰে চিঞৰি তাইক কথা কোৱাৰ সুযোগ দিয়া নাছিলো।

ক্ৰমশঃ

🖋️ পংখী মৰাণ
      তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)