তোৰ অহংকাৰ পতন দুৱাৰ মুখত-বিনিতা বৰা

Rinku Rajowar
0
তই নাজাবি পাহৰি
ককাঁলত টঙালী বান্ধি
দলনিৰ পিতনি গঁচকি গঁচকি
খেপিয়াই ফুৰিলি মাছ ।

আগ বুকু চাই জোকে কামুৰিলে 
তেজেৰে ৰাঙলি হ'ল গা ।

ভোকত পেটৰ নাড়ী
ডাল ডাল কৰি 
উভতনি যাত্ৰাৰ পথত উঠি 
বিষাদৰ মনেৰে চকুলো মচি
বহিলি তই পিৰালিৰ চুকত ।

বগলিয়ে মাছ 
লৈ উৰা মাৰোতে
মাছ পৰিল  আগ চোতালত
সেই মাছকে  ধৰি
গৌৰাম্বিত তই 
কাছও নধৰ দুৱাৰ মুখত ।

কিমান কৰিবি আৰু গৌৰাম্বিত তই
সময় যায় বাগৰি ।
এদিন বুজিবি একোকে নাপাবি
নাপাবি চেলকনা মাছ ।

সময় নাহে ঘুৰি
সকলোৱে যাব এৰি
দিন আহি আছে তোৰ
সেই দিনা দেখিম কিৰিলি পাৰিম
বুজনি কোনে দিব তোক ।

     🖋️ বিনিতা বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)