সময়বোৰ তিতি জুৰুলি - জুপুৰি
তাই মোক কাণে কাণে ক'লে
ফুলশয্যাৰ নিশাত কেনেকৈ চকুলোৰে ঢাকিছিল
তাইৰ স্বামীৰ নিথৰ শৰীৰ ।
আজিও মনত আছে তাইৰ
তাই তুলি লৈছিল এবোকোছা সৰাপাত
প্ৰশ্ন কৰিছিল তাই , উত্তৰ দি ৰৈছিল
সৰাপাতৰ নিৰ্ভেজাল মৌনতাই
নিয়তিৰ আদালতত মই সাক্ষী হৈ ৰৈছিলো
ধূলিয়ৰি নিয়ৰসৰা শুকান বালিচৰত
মানৱীয় কোহোলিকাৰ অবাধ বিচৰণ
চোতালৰ মদাৰ জোপাত নিয়তিৰ কোলাহল
তাই চক খাই
বুকুত পুহি ৰখা বেদনাবোৰে
হঠাৎ এঙামুৰি দি উঠে
শোৱনি কোঠাত তাইৰ স্বামীৰ হাতঘড়ীটো ...
একমাত্র সংঙ্গী ...
নক'লে ভুল হ'ব , শাহুৰ লাঞ্ছনাবোৰ
তাইৰ অভ্যাসত পৰিণত হ'ল ...
পিলিঙা ডেকাৰ টাপলি মৰা দুই এটা চিনাকি শুহুৰি
নিতৌ অহা - যোৱা কৰে
তাইৰ ধেনুভিড়িয়া পদুলিমুখত ।
উপন্যাসৰ প্ৰতিটো পৃষ্ঠাত এখিলা সৰাপাত
সংঙ্গী মাথোঁ যুজঁ আৰু আৱেগৰ
তাইৰ চকুলোৱে মানৱতাৰ এটি গান গুনগুণাই
সন্ধ্যা পৰত ...
সৰাপাতৰ পাণ্ডুলিপি
শ্ৰোতা মাথোঁ সন্ধ্যা - দুপৰৰ ।
ফটোখনে মিচিকিয়াই হাঁহে
তাইৰ উকা কপালখন উপহাস কৰে ।
তায়ো আছিল এদিন পাটগাভৰু
আকিছিল এটি মাথোঁন সেন্দুৰী তিলক
নসহিলে বিধাতাপুৰুষৰ তেলেকা চক্ষুৱে।
হায় , বিধাতা !
তোৰ যে কি বিচিত্র লীলা ।
বুজিবৰ সাধ্য আছে কাৰ ?
বুজিবৰ সাধ্য আছে কাৰ ?
🖋️ৰূপজ্যোতি শইকীয়া,টিয়ক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ