বেদনা~অণুগল্প-বিশ্বজিৎ সূত

©Admin
0
মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হ'ল । প্ৰতীক্ষাই তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰমাৰ্ক পাই গাঁও তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । ঘৰখন শূন্য । গাঁৱত নিমাওমাও পৰিৱেশ । প্ৰতীক্ষাৰ ঘৰখনত ৰিজাল্টৰ পাছতে কান্দোনৰ ৰোল । মাক-দেউতাকে কান্দি-কাটি হিয়ালি-জিয়ালি হৈ পৰিছে । কাৰণ প্ৰতীক্ষা আৰু এই পৃথিৱীত নাই । তাই কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল । ভগৱান কি নিষ্ঠুৰ । এই ভাল খবৰটোৰ বাবে ভগৱানে তাইক জীয়াই নাৰাখিলে । পৰীক্ষা শেষ হোৱাৰ অলপ দিনৰ পিছতেই সময়ৰ লগত হাৰ মানি তাই সকলোকে এৰি থৈ গুছি গ'ল । 
          গাঁৱৰ মানুহৰে ঘৰখন ভৰি পৰিছে । সকলোৰে চকুত চকুপানী । মাক-দেউতাকক বুজাইছে, সান্ত্বনা দিছে । এফালে আনন্দ, এফালে দুখ । এই বেদনা অতি অসহ্যকৰ । প্ৰতীক্ষা জীয়াই থকা হ'লে হয়তো গাঁও খনত এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'লহেঁতেন । প্ৰতীক্ষাৰ ৰিজাল্ট অঞ্চলটোত বিয়পি পৰাৰ লগে-লগে ঘৰখনলৈ মানুহৰ সোঁত বৈছে । আনন্দৰ মুহূৰ্ত্তত তাই নোহোৱাৰ বেদনাই সকলোকে মৰ্মাহত কৰিছে ।                                   
 ✍️বিশ্বজিৎ সূত
  বালিজান, চতিয়া
                                       
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)