সৌ সিদিনাৰ কথা ।
যিদিনা তুমি মই পাৰ্কত বহি
কৰিছিলো প্ৰেমৰ অভিসাৰ।
প্ৰতিজ্ঞা কৰিছিলা তুমি
কেতিয়াও নোযোৱা বুলি ।
কিয় কৰিলা তুমি এনে কাম ,
এৰি থৈ গুচি গ'লা মোক।
আজি তোমাৰ অবিহনে মই
অচিন হৈ পৰিছো, এই ধামত ।
মানুহৰ কথাবোৰে মোৰ
মনক খণ্ড খণ্ড কৰিছে,
তিষ্ঠিব নোৱাৰিছো বিষৰ জ্বালাত ।
আহাচোন তুমি
লৈ যোৱা মোক
তুমি থকা ঠাইখিনিলৈ ।
আৰু মন নাযায়
জীয়াই থাকিবলৈ
তোমাৰ অবিহনে।
তুমি জানানে ?
আজিকালি সকলোৱে
মোক পাগল বুলি কয় ।
মই বোলে অনবৰত
তোমাৰে কথা পাতো
সিহঁতে মোক চাই ঠাট্টা কৰে,
মোৰ মজাক বনাই।
আৰু মই নাথাকো
এইখন জগতত ।
অ' মোৰ প্ৰিয়তমা,
ক'ত আছা তুমি ?
আহা লৈ যোৱাহি মোক ।।
✍️ছৈদুল কুৰেছী
ঢেকিয়াজুলি, শোণিতপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ