তোমাৰ ওঁঠত এটি হা‍ঁহি গুঁজিম মই - ৰূপজ্যোতি শইকীয়া

©Admin
0

            
প্ৰেয়সী 
তোমাৰ ওঁঠত এটি হাঁহি গুঁজিম মই ...
জীৱনৰ মাৰলিত আঁকিম 
তোমাৰ হাঁহিৰ প্ৰথম ছবি 
কেঁকোৰা নাঙলে ঘোলা কৰা মাটিত 
তোমাৰ নাম লিখি 
উৰুৱাম বিষাদৰ শুকুলা ঘোঁৰা 
সেই আপাহতে ----- 
মাঘৰ জেওৰা ভাঙোতে 
তোমাৰ পিতাইৰ ফৰ্মুটি 
কাণে নাকে হাড় ভঙা লাঠ 
একেটি উশাহত কম ভালপাওঁ বুলি 
ধৰ্মৰ বৰপীৰাত নালাগে বহিব তুমি 
মোৰ হৃদয় বীণত তোমাক সজাম 
পাৰিজাতৰ নফুলিয়া সুবাসেৰে 
তোমাৰ ওঁঠত হাঁহি এটি গুঁজিম মই ...
নিঃশেষ কৰিম -----
ধৰ্মৰ হাতে সজা অচল পঁজা 
নহ'লে যে উভতিম যেতিয়া দুয়ো 
জীৱনৰ তিক্ত ধূলি উৰুৱাই 
সময়ৰ উপহাস সহিবা কিমান ?
ঘন উশাহৰ দূৰত্বত 
যাযাবৰী জীৱনৰ ম্যাদ ওকলে 
সেয়ে 
হৃদয়ৰ মোহনাত শেৱালি সিঁচি 
তুমি মই এক হ'ম 
নীলা খামৰ মাদকতা পি 
তোমাৰ ওঁঠত এটি হাঁহি গুঁজিম মই ..

✍ ৰূপজ্যোতি শইকীয়া 
টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)