শোকাকুল হিয়া-অমৰ নায়ক

©Admin
0
আজৰি সময়বোৰও কেতিয়াবা 
তিব্ৰ গতিৰে হত্যা কৰে
ব্যাকুলতাৰ সীমাত বাস কৰা যাযাবৰ হিয়াক,
প্ৰবল বিষাদবোৰও কেতিয়াবা অশ্ৰুকণা হৈ নিগৰে
পোহৰহীন নীৰৱ আলি পথত
কেৱল ঠিকনাবিহীন হৈ।
হেৰুৱাৰ কথাবোৰ ভাবিয়ে 
ৰাতিবোৰ দিন হৈ আৰু দিনবোৰ ৰাতি,
দুখৰ সংজ্ঞাবোৰ গাঁঠি গৈছোঁ‌ মাথো 
মোৰ কবিতাৰ শাৰীবোৰত ,
আনন্দ বোৰ হেৰাই
সপোনৱোৰো মৰহি মৰিশালিৰ কাষত
যৌৱনও আজি ফুটফাটত।
চাগৈ ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিব লাগিছিল
কলিজাৰ এচোকত তোমাৰ নামৰ আল্পনা
আকিয়ে ভুল কৰিলোঁ
এতিয়া অশ্ৰুৰে তোমাৰ নাম মচি আছো কলিজাৰ কেন্দ্ৰৰ পৰা।

🖋️অমৰ নায়ক,তিনিচুকীয়া


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)