দক্ষিণ কামৰূপৰ সংস্কৃতিৰ এক অৱলোকন-০৩

Rinku Rajowar
0
লোক সংস্কৃতিৰ পথাৰখন বৰ আহল বহল | লোক সংস্কৃতিত জন জীৱনৰ সুখ-দুখ , হাঁহি-কান্দোন, পোৱা-নোপোৱা , সফলতা-বিফলতা আদিৰ বহুতো কথা পোৱা যায় | লোক-সংস্কৃতি অবিহনে লোক জীৱনৰ বিষয়ে জানিব পৰা নাযায় | আনকি বুৰঞ্জীতো জনসাধাৰণৰ কথা সিমান নাথাকে | গতিকে সাধাৰন মানুহক জানিবলৈ লোক সংস্কৃতি অপৰিহাৰ্য | জনজীৱনৰ সামাজিক , ৰাজনৈতিক , সামাজিক আৰু ধৰ্মীয় প্রতিচ্ছবি লোক সংস্কৃতিতে বিচাৰি ল'ব পাৰি | দক্ষিণ কামৰূপ লোক সংস্কৃতিত চহকী ঠাই | দক্ষিণ কামৰূপৰ বহুতো বিষয়ৰ কথা লোক জীৱনৰ লোক সংস্কৃতিত চহকী ঠাই | দক্ষিণ কামৰূপৰ বহুতো বিষয়ৰ কথা লোক জীৱনৰ লোক সংস্কৃতিতে ঠাহ খায় আছে | লাগে মাথোন উপযুক্ত অনুসন্ধান | লোক সংস্কৃতিয়ে লোক মনৰ প্রকৃত পৰিচয় দিব পাৰে  |
   দক্ষিণ কামৰূপৰ অতীত বুৰঞ্জীৰ সমল কম আৰু যিখিনি আছে তাৰো পুৰামাত্ৰাই উদঘাটন হোৱা নাই | গতিকে দক্ষিণ কামৰূপৰ বিষয়ে সম্পূৰ্ণভাৱে জানিব পৰা নাযায় | এই ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে লোক সংস্কৃতি অধ্যয়ন কৰিলে ঠাইখনৰ বুৰঞ্জীৰ অনেক কথাৰ তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে | আনহাতে লোক সংস্কৃতি উপযুক্তভাবে অধ্যয়ন নকৰিলে দক্ষিণ কামৰূপক জনাৰ উপায় কম | গতিকে লোক সংস্কৃতিৰ ঐতিহাসিক ভূমিকা অনস্বীকাৰ্য | লোক সংস্কৃতিয়ে জাতীয় চেতনাৰো উদ্ৰেক কৰিব পাৰে | 
      লোক সাহিত্য হৈছে অলিখিত সাহিত্য | জন জীৱনৰ মুখেই লোক সাহিত্যৰ বাহক | যুগ যুগ ধৰি লোক সাহিত্য লোক জীৱনৰ অতি আদৰৰ বস্তু | বৰ্তমানৰ আধুনিক বুলি কোৱা ৰং বিৰঙৰ অপ সংস্কৃতিৰ প্রলেপেও এইবিধ লোক সংস্কৃতিক নিঃশেষ কৰিব পৰা নাই আৰু নিঃশেষ কৰিব নোৱাৰে | বৰং লিখিত সাহিত্যই লোক সাহিত্য মানে অলিখিত সাহিত্যৰ ৰূপ পৰিগ্রহ কৰি জেউতী চৰাইছে | আধুনিক লিখিত সাহিত্য লোক সাহিত্যলৈ ৰূপান্তৰ হৈছে | গতিকে লোক সাহিত্য হৈছে আধুনিক লিখিত সাহিত্যৰ মূল বিষয় বস্তু | মূলক বাদ দি লিখিত আধুনিক সাহিত্যৰ কথা ভাবিব নোৱাৰি | এই দৃষ্টিকোণৰ পৰা দক্ষিণ কামৰূপৰো অলিখিত লোক সাহিত্যৰ মূল্যায়ণ কৰিব লাগিব আৰু তাৰবাবে লোক সংস্কৃতিৰ বিস্তৃত অধ্যয়নৰ অতিকে প্রয়োজন | আগলৈ••

   🖋️ হেমেন হাজৰিকা
            মিৰ্জা
      কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)