এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-২০)

এনেকৈয়ে সেইদিনা প্ৰান্তিকে মোক চিৰদিনৰ বাবে এৰি থৈ গুছি গল। প্ৰান্তিক আঁতৰি যোৱাৰ পৰা মোৰ যেন জীৱনটো একেবাৰে সলনি হৈ গল। খোৱা বোৱাৰ কোনো ধৰণৰ হিচাপ নাইকিয়া হল,অনবৰতে দুচকুত চকুপানীৰ বাহিৰে আন একো নাথাকে। কেতিয়াবা ক্লাছ কৰি থকাৰ মাজতো চকুপানী ওলাই। প্ৰান্তিক গুছি যোৱাৰ পাছত মই বহুত বাৰ তেওঁৰ লগত কথা পাতিবলৈ বিছাৰিলো কিন্তু ফেচবুক,হোৱাটচ্ এপত মোক ব্লক কৰি অনিৰ্দিষ্ট কাললৈ তেওঁ ফোনটো অফ কৰি দিলে। সেইদিনাৰ পৰা আৰু তেওঁৰ লগত কোনো কথা পতা নহল। প্ৰান্তিকৰ কথাবোৰৰ বিষয়ে মই পাখিৰ বাহিৰে আন কাকো কোৱা নাই।আনকি বৰ্ষাকো কোৱা নাই।তাই এতিয়াও প্ৰান্তিকৰ লগত মই আছো বুলিয়েই ভাবি আছে।

        আজিও আগৰ নিচিনাকৈ মই খিৰিকী খনৰ ওচৰতে বহি ডায়েৰী লিখি আছো। আজি পূৰ্ণিমা। জোনটো ডাঙৰ ,উজ্জ্বল হৈ আকাশত জিলিকি উঠিছে। তাৰ মাজে মাজে অহা এজাক পাতলীয়া বতাহ। হোষ্টেলৰ সন্মুখৰ বিল্ডিং বোৰত জ্বলি থকা লাইটবোৰ বহুত দূৰৰ পৰা জিলিকি চকুত পৰিছেহি। পৰিবেশটো খুবেই ধুনীয়া কিন্তু মনটো ভাল নহয় কাৰণে আজি মই ইয়াক উপভোগ কৰিব পৰা নাই। মাজে মাজে জোন টো ডাৱৰৰ আঁৰে আঁৰে লুকাইছে। বতৰটো ফৰকাল যদিও মাজনিশালৈ হয়টো বৰষুণ এজাকো দিব পাৰে।
_________ আহক বৰষুণ।নিতিতো এতিয়া আৰু মই বৰষুণত। এতিয়া সেইজাক বৰষুণৰ মই মুঠেই কামনা নকৰো যি জাক বৰষুণে এদিন মোৰ বাবে সুখৰ বন্যা বোৱাইছিল আৰু এদিন বিষাদৰ ক'লা দাগ এৰি গুছি গৈছিল। আজি একেখন আকাশ মাথো ঠাই ভিন্নতাত তুমি আৰু মই। বৰষুণ জাক আহিলে নিজক কেতিয়াও ৰখাব নোৱাৰিম,সেইদিনা তোমালৈ খুব মনত পৰিব কিন্তু মই পাৰিম বৰষুণ জাকক স্পৰ্শ নকৰাকৈ থাকিব।

      কথাবোৰ ভাবি থকাৰ মাজতে ফোনটো বাজি উঠা শুনি উঠি গ'লো। আজিকালি ফোন টোৰ পৰা অলপ এৰাই চলিছো।নহলে কিছুমান কথাই বৰ আমনি কৰে। ফোনটো চালো দেখিছো বৰ্ষাই ফোন কৰিছে।
________ হেল্ল
বৰ্ষা________ কি কৰিছ"? এইকেইদিন ফোন এটাও কৰা নাই যে তই সব ঠিকেই আছে নহয়?
_________ এনেই বহি আছিলো। 
_________ ওম সব ঠিকেই আছে।
বৰ্ষা________ by the way.... কাইলৈ  পাৰ্টি ক'ত দিবি পিছে?
__________ কিহৰ পাৰ্টি?
বৰ্ষা_________তহঁতৰ এনিভাৰচেৰি পাৰ্টি আকৌ....?
__________ কি.... ?

লগালগ তাৰিখটো চালো আজি মে মাহৰ ১৭ তাৰিখ।কাইলৈ ১৮ তাৰিখ।সেইটো দিনতে প্ৰান্তিক মোৰ জীৱনলৈ আহিছিল।মনটো বেয়া লাগি আহিল। মইয়েই পাহৰি আছিলো অথচ বৰ্ষাই মনত ৰাখি থৈছে।
_________ পাৰ্টি দিবলৈ এতিয়া মই ভাবিব লাগিব।
বৰ্ষা________ কিয়? কি হল?
_________ নাই একো নাই।
বৰ্ষা________ নাই কিবা এটা হৈছে তোৰ ক" মোক। প্ৰান্তিক দাৰ লগত কথা পাতিছ নে?
________ ওহো।
বৰ্ষা_________ ক" চোন কি হৈছে।
__________ প্ৰান্তিকে মোক একেবাৰে এৰি থৈ গুছি গল অ" বৰ্ষা।
সেইদিনা প্ৰান্তিকে ফোন কৰি কোৱা কথাবোৰ বৰ্ষাক কৈ আছো।মাজে মাজে  চকুপানী ওলাই আহিছে।

বৰ্ষা________ কি তোক ঘৰৰ কাৰণে এৰি দিছে প্ৰান্তিক দাই। তই মোক কথা বোৰ কোৱা নাছিলি কিয়?
_________ কোনটো সতে কওঁ মই তোক কথাবোৰ।তইয়ে ক' প্ৰান্তিকে যদি মোৰ লগত এনেকুৱাই কৰিলে তেতিয়া কিয় আকৌ মোৰ জীৱনলৈ আকৌ ঘূৰি আহিছিল? কিয় মোক বিচাৰি আহিছিল? জান" মই কেনেকৈ আছো এতিয়া।মোৰ সকলো খিনি যেন শেষ হৈ গল। এটা সময়ত প্ৰান্তিকক নোপোৱাৰ বাবে কান্দিছিলো আৰু এতিয়া প্ৰান্তিকক হেৰুৱাই কান্দিছো।
বৰ্ষা________ বুজিছো প্ৰিয় বস্তু এটা হেৰুওৱাৰ বেদনা কিমান অসহ্যকৰ।  যদি প্ৰান্তিক দাৰ ঘৰৰ প্রব্লেম হল হয় মোকটো স্বাগতে কলে হেঁতেন। কাৰণ প্ৰান্তিক দাই স্বাগতক একো কথাই নোকোৱাকৈ নাথাকে। আৰু যদি সঁচাকৈ প্ৰান্তিকে তোক ঘৰৰ কাৰণে এৰিছে তেতিয়া কিন্তু মই প্ৰান্তিকক সুদাই নেৰো। অলপ ৰ'বি মই স্বাগতলৈ ফোন এটা কৰো।
__________ তই ফোন কৰি একো কব নালাগে। যি হব লগা আছিল হৈ গল।
বৰ্ষা________ সব কথা কান্দি কান্দি নহয় জীয়া।নিজৰ কাৰণে প্ৰতিবাদ কৰিবলৈ শিক। অলপ মনটো শক্তিশালী কৰ। মই ফোন কৰি যি কব লাগে কম তই চিন্তা নকৰিবি।

বৰ্ষাই ফোন টো কাটি দিলে। তাইৰ কথা বোৰত যেন মই অলপ শক্তি পালো। প্ৰথম হোষ্টেল অহা দিনাই ঠিৰাং কৰিছিলো মই আৰু কেতিয়াও নাকান্দো,।কিন্তু সেই তেতিয়াই প্ৰান্তিক ঘূৰি আহি সকলো বোৰ আউল লগাই পেলাইছিল। ভাবিছিলো এইবাৰ তেওঁৰ কাৰণে কান্দিব লগা নহয় ,ইমান খিনি হৈ যোৱাৰ পাছতো তেওঁ মোক এৰি দিয়া নাই যেতিয়া আৰু কেতিয়াও মোক এৰি নিদিয়ে, সময়ৰ লগত সকলো ঠিক হৈ যাব কিন্তু.......?  আজি কি হল। প্ৰান্তিকে মোক এৰিবলৈ নিজেই সাজু এতিয়া। বাৰে বাৰে মই তেওঁৰ কাৰণে কান্দিবলৈ বাধ্য এতিয়া।

অলপ পাছত আকৌ বৰ্ষাই ফোন কৰি মোক কথাবোৰ কলে।প্ৰান্তিকে মোক এৰিলে বুলি স্বাগত দাৰ আগত একোৱেই কোৱা নাই। আনকি সেইদিনা প্ৰান্তিক ৰুমত নাছিলেই। বৰ্ষাই কথাবোৰ স্বাগত দাক কওঁতে স্বাগত দাওঁ আচৰিত হৈ গৈছে। মই জনাত প্ৰান্তিকে স্বাগত দাক একো কথাই নোকোৱাকৈ নাথাকে। কিন্তু এতিয়া তেওঁ কথাটো কেনেকৈ নিজৰ মাজতে কেনেকৈ ৰাখি থৱ পাৰিছে। কথাবোৰ ভাবিলে বৰ আচৰিত লাগে। প্ৰান্তিকে সেইবাৰ ঘৰলৈ আহি মোক আঙুঠি টো দিয়া আৰু ইয়াৰ পৰা গৈ তেওঁ হঠাৎ সলনি হৈ মোৰ এনেকৈ এৰি দিয়া কিবা যেন ৰহস্য সোমাই আছে। প্ৰান্তিকৰ ঘৰত মোৰ কথা গম পোৱা নোপোৱা লৈ স্বাগত দাই বুজ ল'ম বুলি কৈছে।নাজানো কি হয়।কিমান সঁচা , কিমান মিছা। 

       ৰাতি ১২.৩০ মান বাজিলে। টোপনিও নাইকিয়া হল আজিকালি। ভবা মতেই এটোপ- দুটোপ কৈ বৰষুণ জাক পেলাইছে। কাণত হেডফোনডাল লগাই বৰষুণ জাকক আওকাণ কৰি চকু দুটা জোৰত মুদি দিছোঁ। নজনাকৈ দুধাৰি চকুপানী ওলাই আহিছে। ৰাতিটো তেনেদৰে পাৰ হল।

        আজি প্ৰান্তিক আৰু মোৰ সেই বিশেষ দিনটো। য'ত এদিন বৰষুণ জাকত তিতি তিতিয়েই প্ৰান্তিকে মোৰ হাত খন তেওঁৰ কান্ধত চিৰদিনৰ বাবে তুলি লোৱাৰ প্ৰতিশ্ৰুতি দিছিল।ৰাতিপুৱা গাৰো কাষতে থৈ দিয়া ফোনটো লৈ হাত খন আপোনা- আপুনি গুছি গল।হয়টো মনটোৱে বিচাৰিছিল আজি দিনটোত প্ৰান্তিকৰ এটা ফোন,মেচেজ।কিন্তু আন দিনাৰ দৰে আজিও ফোন টো খালি হৈ পৰি আছে। যোৱাবাৰ ঘৰৰ অসুবিধাৰ মাজত আছিলো কাৰণে পাহৰি আছিলো এই দিনটো। কিন্তু এইবাৰ......? 
কথাবোৰ আৰু ভাবি নাথাকিলো। ক্লাছ কৰিবলৈ ওলাই গ'লো। দিনটো তেনেকৈ পাৰ হল।ৰাতি হোৱাৰ পাছতো মই তেওঁৰ মেচেজৰ বাবে ৰৈ থাকিলো, নিজেও ফোন লগালোঁ কিন্তু কোনো ধৰণৰ সহাৰি নাপালো মই। 
এটা দীঘল হুমুনিয়াহ কাঢ়ি ডায়েৰীৰ পাতত লিখি ৰাখিলোঁ....
__________ তুমি ব্যস্ত এতিয়া। নিজৰ লগতে হওঁক বা আনৰ লগতে হওঁক। অতীতক তুমি হয়টো এতিয়া  নিবিছাৰা কিন্তু মই অতীতক কেতিয়াও পাহৰিব নোখোজো। অতীত মোৰ বাবে এটা ধুনীয়া সপোন।য'ত মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় খিনি লুকাই আছে। য'ত মই সপোন দেখিবলৈ শিকিছিলো।
নাজানো প্ৰান্তিক তোমাক আকৌ লগ পাম নে নাপাম কিন্তু মই অপেক্ষা কৰিম তোমালৈ চিৰদিন।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send