ভেদাইলতা আমাৰ সকলোৰে চিনাকী বনশাক ৷ উৎকট গোন্ধেই ভেদাইলতাৰ পৰিচয় ৷ অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল ৷ আমাৰ অসমতো ঔষধি গুণৰ ভঁৰাল ভেদাইলতাৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে ৷ সময়ৰ পৰিৱৰ্তনে বনশাকৰ পৰা আমাৰ বহুতকে আঁতৰাই আনিছে ৷ আজি ইয়াৰ সুফলসমূহ অতি চমুকৈ আলোচনা কৰিম ৷ ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত ৷ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida .
ব্যৱহাৰ আৰু গুণাগুণ-
১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ তৰকাৰী খালে অতি সোনকালে আৰোগ্য হয় ৷
২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায় ৷
৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷
৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে ।
৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷
৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷
৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷
৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷
৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷
১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷
১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায় ৷
১২) যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷
১৩) প্ৰাৰম্ভিক পৰ্যায়ত মুত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷
১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷
ইমানবোৰ ঔষধি গুণযুক্ত লতাডাল আমাৰ বাৰীৰ চুকেকোণে হয়তো এলাগী হৈ পৰি আছে ৷ আহক এতিয়াৰ পৰাই আমাৰ অগ্ৰজসকলৰ পথ অনুসৰণ কৰি আমাৰ খাদ্য তালিকাত ভেদাইলতাক আগস্থান দি ভেদাইলতাৰ আঞ্জা, চাতনি, বৰা আদিৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ ৷
✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ