ইয়াত দুজোপা গছ আছিল।
যাৰ শিপা বিয়পি আছিল
বহুদূৰলৈ।
ভৰ বাৰিষা ,
নৈখনে সুঁতি সলাইছিল।
বাঢ়নী পানীয়ে বুৰাইছিল
নৈৰ কাষৰীয়া মাটি।
নৈৰ গৰা খহিছিল;
কিন্তু গছদুজোপাই
আৱৰি ৰাখিছিল মাটি।
গছৰ ডালত পৰি
পুৱতিৰ পক্ষীয়ে
গীত জুৰিছিল।
গছদুজোপাৰ ছাঁত
বাটৰুৱাই লৈছিল জিৰণি।
আপোন নৈখনৰ পাৰত
জীৱনৰ ভিন্ন সময়ত
আমি সকলোৱে
অলেখ সপোন ৰচিছিলোঁ।
এদিন পথ উন্নয়নৰ গইনা লৈ গছদুজোপাক হত্যা কৰা হ'ল।
সিদিনা শিপা সন্ধানী মোৰ মনে হাঁহাকাৰ কৰি উঠিছিল।
গছদুজোপাৰ অবিহনে
উকা হৈ পৰা নৈৰ পাৰত বহি
মনটো অশান্ত হৈ পৰিছিল!
মোৰ আপোন মানুহ,
শিপাক কেতিয়াও
হেৰুৱাই নেপেলাবা,
যি যুগে যুগে আমাক
সকীয়াই দিয়ে
আত্মীয়তাৰে গঢ়া
মানৱতাৰ কথা,
জীৱনৰ সঁচা অনুভৱৰ প্ৰতিচ্ছবিনিহিত
বিশাল হৃদয়ৰ কথা,
এখন সেউজীয়া
পৃথিৱীৰ কথা!!
✍️ৰীতামণি বৰদলৈ
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ