ছৈখোৱা ঘাটৰ বেলি-০৩ (ধাৰাবাহিক উপন্যাস)

দিন গৈ ৰাতি হৈছে, বছৰে মোট সলাইছে | প্ৰৱাহিনী নৈৰ দৰে সময়েও কালৈকো ৰৈ থকা নাই | কণমানি ৰূপহীয়ো ডাঙৰ হৈছে | দ'তা যদুনাথ ডেকাবৰুৱাক বাৰ্ধক্যই আক্ৰমণ কৰিছে | স্মৃতি, শ্ৰৱণ সকলোবোৰে পিঠি দিছে তেওঁক | স্মৃতিবোৰ বিস্মৃত হৈছে | ৰূপহীয়ে অতীতৰ কথাবোৰ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত দ'তা যদুনাথে কিছু কথা কয় ,চেগা-চোৰোকাকৈ মনত থকা কথাবোৰ |

 প্ৰকৃতি ৰাজ্যত বসন্তৰ আগমনৰ কথা দ'তা যদুনাথে উমান পাইছে | তেখেতে ৰোৱা গছ-বিৰিখবোৰ চায়ে উমান পাব পাৰি -ঋতু বাগৰাৰ খৱৰ, বছৰে মোট সলোৱাৰ খৱৰ | বাৰীৰ মাধৈমালতী ,শেৱালী, গুলঞ্চ, কাঞ্চন , পলাশ, এজাৰ আগে বিৰিখে বতৰা দিয়ে ঋতুৰ | পদূলিমুখৰ মাধৈমালতীজোপা ফুলিছে, মাধৈমালতীৰ গোন্ধে আমোলমোল পৰিৱেশ | বাৰী ঢাপৰ কেতেকীজোপাও ফুলিছে | সোমবাৰে গৰুবিহু | ৰেডিঅ'ত সম্প্ৰচাৰিত "আজিৰ দিনটো " অনুষ্ঠানটো শুনিয়েই দ'তা যদুনাথে দিন-বাৰ, তিথি-নক্ষত্ৰৰ খৱৰ ৰাখে | 
- আইজনী, অ' আইজনী........ লৱৰি আহচোন, তোক কথা কিছুমান কওঁ |
  
দ'তাকে বহি ৰেডিঅ' শুনি থকা চোতালৰ চোকটোলৈ লৱৰি আহিল ৰূপহী |
-আহিলি আইজনী, বহচোন !
ককাকৰ কথামতেই পাটিদৈৰে সজা ঢৰাখনত বহিল ৰূপহী |
-দ'তা, আজি সত্ফুলৰ কথা ক'ব দেই........!
সত্ফুলৰ বিষয়ে দ'তাকৰ মুখৰ পৰা শুনিবলৈ ব্যাকুল হৈ পৰিছে ৰূপহী | ককাকে ক'ম ক'ম বুলি নোকোৱাৰ কাৰণে ওফোন্দ পাতিছে | পিছে এতিয়া ৰূপহী ডাঙৰ হ'ল | দ'তাকক স্মৃতিয়ে যে লগ এৰা দিছে, সেয়া তাই বাৰুকৈয়ে জানে | 

-আইজনী, সোমবাৰে গৰু বিহু | ৰেডিঅ'ত আজি কথিকা এটা শুনিলোঁ | বিহু সম্পৰ্কীয় | আইজনী, আমি ডেকা হৈ থাকোঁতে কিমান যে ৰং-তামাছা কৰিছিলোঁ | এতিয়া অৱশ্যে বিহুৱে মঞ্চ পালে | আমি আগতে গছ তলত বিহু মাৰিছিলো | মোৰ আই মাজুলীৰ আছিল | আইৰ মুখত তাহানিৰ বিহুনামবোৰ শুনি বৰ ৰঙ লাগিছিল |
 কথাবোৰ কৈ থাকোঁতে দ'তাৰ মুখৰ পৰা স্বয়ংক্ৰিয়ভাৱে ওলাই গ'ল আইৰ মুখত শুনা এফাকি বিহু নাম -

হাবিত জুই লাগিলে অ' অ অ' ভনী কুকুহা  ঐ উৰিলে  কুকহা উৰিলে   ডৰিকে ঐ আছিলে চাই

ভদৰকলী   চৰায়ে  অ'অ'অ' ভনী
পৰাচিত   ঐ কৰিলে   পৰাচিত ঐ কৰিলে     চেনাই তোকে আনিব  পাই .........
   
-আইজনী, বৰ ৰঙ-ৰহইচ কৰিলো ডেকা হৈ থাকোঁতে ! এতিয়া দেহাৰ তৰণি নাই, বেহা কি স'তে কৰো | সেই দিনবোৰলৈ মনত পৰিলে বৰ বেজাৰ লাগে পিছে স্মৃতিবোৰে বাৰম্বাৰ আমনি কৰি থাকে | নকৰিবইবা বা কিয়   ,মানুহৰ মন-বৰ বেগী..... দেই | পিছে আইজনী তোক ইয়ালৈ কেলৈ মাতিছোঁ, সেয়া নকলোৱেই দেখোঁন | তোক আজি কিছুমান বন শাক, গছ-বিৰিখৰ নাম ক'ম, টোকাবহীত লিখি ৰাখিবি দেই! এইবোৰৰ নামৰ আধ্যা পেলালে সত্ফুলৰ বিষয়ে কিছু কথা ক'ম | তই হ'লে মনত পেলাই দিবলৈ নেপাহৰিবি দেই আইজনী!

- হ'ব দ'তা, মনত পেলাই দিম !

দ'তা যদুনাথে এফালৰ পৰা কৈ গ'ল বনশাক, গছ-বিৰিখ কিছুমানৰ নাম - মধুসোলেং, মচন্দৰী, পিৰালি পালেং, শুকলতি, মানিমুনি, ভেদাইলতা, হেলাচী ,ঢেঁকীয়া, বাঘ আচুৰা, টেঙেচী, লাই জাৱৰি, মান ধনীয়া, কলমৌ, বৃন্দাৱনী ,কেহেৰাজ শাক..........
কামিনী কাঞ্চন, চম্পা, তৰুৱা কদম, শিমলু, পলাশ, অশোক, শেৱালী, বকুল, এজাৰ, শিশু, বনচোম, গন্ধসৰৈ, পমা, পাৰলি, তিতাচম্পা......|

-আইজনী , আগতে গছ বিৰিখবোৰ দেখিলেই নামবোৰ ক'ব পাৰিছিলো, আইৰ পৰা বনশাকবোৰৰ নাম শিকিছিলো, আইৰ স'তে গৈ বাৰীৰ পৰা চিঙি আনিছিলোগৈ |

- দ'তা, আপুনি কোৱা আটাইবোৰ শাক খাব পাৰিনে? 

-আইজনী, মই কোৱা শাকবোৰ খাব পাৰি, মাছৰ লগত মধুসোলেংৰ আঞ্জা ,ঔ-টেঙা -ঢেঁকীয়া -পুঠিমাছৰ জোল, সোৱাদেই অনন্য | আইৰ আখলৰ উপমা নাই দেই! 
আৰু যিবোৰ বিৰিখৰ নাম ক'লো ,সেইবোৰৰ কিছুমান শোভাবৰ্দ্ধক (শেৱালী, অশোক....... ) কিছুমানৰ গা-গছৰ পৰা  বাদ্য-যন্ত্ৰ সাজে, তিতাচম্পাৰ কাঠেৰে ভাল তবলা হয় | 

-বুজিলো দ'তা, আমি গছবোৰৰ নাম নেজানোৱেই | এদিন আমাৰ বাৰীত থকা গছবোৰৰ স'তে চিনাকী কৰাই দিব দেই! 

-বাৰু আইজনী......! 

দ'তা যদুনাথে খুন্দনাটোৰ পৰা খুন্দা তামোল এগাল মুখত ভৰাই ল'লে |

-দ'তা, এতিয়া সত্ফুলৰ কথা কওঁক........

-বাৰু আইজনী, তেনে শুন, কৈ যাওঁ শদিয়া-সত্ফুলৰ দেশৰ কথা | সত্ফুল সম্পৰ্কে তোৰ ধাৰণা কি আইজনী? 

-দ'তা, সত্ফুল বৰ ধুনীয়া চাগৈ  ,সত্ফুল খায় নেকি বাৰু দ'তা?  
হঠাৎ ৰূপহীৰ মুখেৰে ওলাই গ'ল, খগেন মহন্তদেৱৰ বিখ্যাত গীতটোৰ একলি........

    "মা আমি শদিয়ালৈ যামেই 
      মা আমি শতফুল খামেই...... "

- আইজনী, সত্ফুল সম্পৰ্কত ভিন্ন জনৰ ভিন্ন মত | সত্ফুল সম্পৰ্কত কোনেও সঠিক সূত্ৰ দিব পৰা নাই | সত্ফুলৰ ওপৰত কেইবাটাও সূত্ৰ আছে | মোৰ মনলৈ যিকেইটা আহিছে, সেইকেইটাকৈ কওঁ শুন..........
      বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ড: লীলা গগৈৰ মতে  শতফুল মানে হ'ল কাঠফুলা । এসময়ত শদিয়াৰ মানুহে প্ৰচুৰ পৰিমানে কাঠফুলা ভক্ষণ কৰিছিল | তেওঁলোকে কোনবিধ কাঠফুলা খোৱা যোগ্য, কোনবিধ অযোগ্য চিনি পাইছিল |
      মই তোক পূৰ্বতে কৈছোঁৱেই শদিয়াত চাৰিশাল গোসাঁনীৰ থান আছে | চাৰিশাল গোসাঁনীৰ পূজাত এবিধ গুল্মজাতীয় উদ্ভিদৰ ব্যৱহাৰ হয় | দেউৰীসকলে এইবিধ উদ্ভিদক পূজা পাৰ্বনত ব্যৱহাৰ কৰে | স্থানীয় ভাষাত ইয়াক তংলতি বুলি কোৱা হয় | কিছুৱে কিমাৰু বুলিও কয় | এই তংলতি জোপাকে সত্ফুল বুলি কয় |
      এচামে শতফুলক" সৎফুল" বুলি কব বিচাৰে | শদিয়াৰ মানুহৰ সত্যবাদিতা, পৱিত্ৰতা বুজাবলৈ সত্ফুল শব্দটো ব্যৱহাৰ কৰে |
       অনেকে আকৌ শদিয়াৰ নাৰী জাতিটোক শতফুল বুলি ক'ব বিচাৰে । শদিয়ালৈ আহি  গাভৰুৰ প্ৰেমত পৰি বিয়া কৰাই স্থায়ীভাৱে থাকি যায় |
 আৰু অনেক মত আছে আইজনী সত্ফুল সম্পৰ্কত ,মোৰ হ'লে আটাইবোৰ মনলৈ অহা নাই | 
দ'তাৰ মুখৰ পৰাও হঠাৎ ওলাই গ'ল প্ৰচলিত প্ৰৱচন এফাকি 

     শদিয়ালৈ নাযাবা শতফুল নাখাবা
       কেঁচা পাতত নাবান্ধিবা লোণ....... 

-বাৰু আইজনী, এতিয়া ইয়াতেই সামৰো দেই | বান-খহনীয়াৰ কাৰণে আমাৰ গাঁওবোৰৰ মানুহৰ কি আলৈ-আথানি হৈছিল, সেইবোৰ ক'ম দেই | বেলি মাৰ গ'ল | পশ্মিমাকাশলৈ চাচোন, মাৰ যোৱা বেলিয়ে কেনেকৈ হেঙুল সানিছে | 
দ'তাই কথাৰ আধ্যা পেলাই নাদটোৰ ফালে আগবাঢ়ি গ'ল | সত্ফুলৰ ওৰ দ'তাকৰ পৰা জানিবলৈ পাই ৰূপহীয়ে পৰম তৃপ্তি পালে |

◼️দ'তাৰ অৰ্থ দেউতা
(আগলৈ)
🖋️সুমিত দাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send