ডাঙৰ মোচৰ অহংকাৰ-হেমেন হাজৰিকা

©Admin
0
  বহু দিনৰ আগৰ কথা | এখন গাঁৱত এজন ধনী মহাজনে বাস কৰিছিল | গাঁৱৰ সকলো মানুহে তেঁওক সমীহ কৰি চলিছিল | অৱশ্যে তেওঁ কাকো বেয়া ব্যৱহাৰ নকৰিছিল , বেয়া নাপাইছিল | নিজে নিজৰ ভাবে তেওঁ চলিছিল | কিন্তু তেওঁৰ এটা নিজা গৌৰৱৰ বস্তু আছিল | সেইটো হৈছে তেওঁৰ একোছা ডাঙৰ মোছ আছিল | মোছকোছা তেওঁ ইমানেই যত্ন কৰি ৰাখিছিল যে আন কোনো বস্তুৱেই তেওঁ ইমান যত্ন কৰি নাৰাখিছিল | দিনৰ প্ৰায়ভাগ সময় তেওঁ মোছকোছাৰ লগতে ব্যস্ত আছিল | সংসাৰৰ আন কোনোফালে তেওঁৰ ধ্যান নাছিল | একো কাম নকৰি বহি বহি খাওঁতে তেওঁৰ সাঁচতীয়া ধনৰ আধ্যা পৰিছিল | এদিন তেওঁৰ ঘৈণীয়েক আহি কৈছিল এনেদৰে দিনৰ দিনটো নিজৰ মোছকোছাৰ লগতে ব্যস্ত হৈ থাকিবা নে ঘৰৰ ফালেও কিবা মনকাণ দিবা ? খোৱালোৱাৰ কিবা দিহা কৰা , আজি ঘৰত খাবলৈ একো নাই , গতিকে কিবা কৰা | এনেদৰে মোছৰ লগত ব্যস্ত হৈ থাকিলে পেটত গাঁঠি দিব লাগিব | এইবাৰহে তেওঁৰ চেতনা আহিল | কি কৰিব এতিয়া ? ক'ৰ পৰা টকা আনিব ? কাক ধাৰ খুজিব ? কোনে তেওঁক টকা ধাৰলৈ দিব ? এনেদৰে চিন্তা কৰি কৰি তেওঁ গাঁৱতে থকা কাবুলীজনৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে আৰু কিছু টকা ধাৰলৈ বিচাৰিলে | কাবুলীজনে ক'লে যে তেওঁ বস্তু বন্ধকত নোলোৱাকৈ কাকো টকা ধাৰলৈ নিদিয়ে | মানুহজন মহা বিপাঙত পৰিল কি বস্তু তেওঁ বন্ধকত দিব ? লগত একো অনাও নাই , ইফালে টকা নোলোৱাকৈ ঘৰলৈ গ'লেও বিপদ | এনেদৰে চিন্তা কৰি থাকোতে কাবুলীজনে ক'লে আপুনি একো অনা নাই যদি আপেনাৰ মোছৰ পৰা দুদালমান দাড়িকে বন্ধকত থওক | মানুহজনৰ খঙে চুলিৰ আগ পালেগৈ | আনদিনা হোৱা হ'লে তেওঁ কি নকঁৰিলেহেতেন ? কিন্তু আজি তেওঁ নিৰুপায় | মানুহজনে সেইটোকে কৰিলে আৰু দহ হাজাৰ টকা ধাৰলৈ আনিলে | কাৰণ কাবুলী জনে মানুহজনৰ মোছৰ অহংকাৰৰ কথা জানিব পাৰি সেইটো কৰিছিল | কাবুলীজনে দাড়ি কেইদাল টেমা এটাত ভৰাই থৈ দিলে | 
   এই টকা ধাৰলৈ দিয়া আৰু লোৱা সমস্ত ঘটনা সেই গাঁৱৰে এজন মানুহে চাই আছিল | তেৱোঁ এদিন নিজৰ দাড়ি বন্ধকত থৈ কিছু টকা ধাৰলৈ বিচাৰিলে | কাবুলীজনে সেইটো কামত তেওঁক সহায় কৰিব নোৱাৰে বুলি কলে | লগতে বিভিন্ন গালি গালাজ পাৰি তেওঁক খেদি পঠিয়ালে | এই কথাত মানুহজন বৰ লজ্জিত হ'ল | তেওঁৰ মনত প্ৰতিশোধৰ চিন্তাই বাহ ললে | ভবা মতে কাম | এদিন সেই অপমানিত হোৱা মানুহজনে ডাঙৰ মোছৰ অধিকাৰী মানুহজনৰ ঘৰৰ ভিতৰত চেগ বুজি লুকাই থাকিল আৰু যেতিয়া খাই বৈ সিহঁত শুইছিল তেতিয়াই তেওঁ এখন খুৰেৰে মানুহজনৰ ডাঙৰ মোছকোছা খুৰাই পেলাইছিল আৰু লগত লৈ আহিছিল | পিছদিনা পুৱা যেতিয়া মানুহজনে আইনাত দেখিছিল যে তেওঁৰ সেই মোছকোছা কেতিয়া তেওঁৰ হিতাহিত জ্ঞান হেৰাই গ'ল আৰু কি কৰিম কি নকৰিম বুলি ভাবি আত্মহত্যা কৰিম বুলি তেওঁলোকৰ গাঁৱতে থকা ৰাজহুৱা কুঁৱাটোৰ পাৰলৈ গ'ল | কুঁৱাত জাপ দিবলৈ ওলাওঁতেই তাৰ পৰা তেওঁৰ আজো ককাকৰ আত্মা ওলাই আহিল আৰু আত্মহত্যা কৰিবলৈ ওলোৱা বাবে ধিক্কাৰ দিলে | ক'লে , এই যাদুকৰী মোছকোছা লোৱা | ইয়াৰ দ্বাৰা তুমি যি বিচৰা তাকে পাবা | কিন্তু অনিষ্টকাৰী কামত ব্যৱহাৰ কৰিলে ইয়াৰ যাদুকৰী শক্তি লোপ পাব | 
    যাদুকৰি মোছকোছা পাই তেওঁ খুউব আনন্দিত হ'ল | প্ৰমাণ চাবৰ বাবে তেওঁ ঘৰলৈ গৈ তেওঁ আশাকৰা ধৰণে বস্তু বিচাৰিবলৈ ধৰিলে আৰু লগে লগে পাবলৈও ধৰিলে | এনেদৰে বস্তু লাভ কৰি তেওঁ অহংকাৰী হৈ উঠি এইবাৰ তেওঁ অনিষ্টকাৰী কামত ব্যৱহাৰ কৰিবলৈ ধৰিলে | এনেদৰে কৰাৰ লগে-লগে তাৰ যাদুকৰী শক্তি হেৰুৱাই পেলালে | পিছত একে কাম নকৰা হ'ল | তেতিয়া পুনৰ আজোককাকৰ আত্মা আহি দেখা দি সোঁৱৰাই দি ক'লে মই তোমাক এই কামৰ বাবে মোছকোছা দিয়া নাছিলোঁ | তুমি ভুল কামত ব্যৱহাৰ কৰিলা | গতিকে ইয়াৰ ফল তুমি ভোগ কৰিব লাগিব | এইবুলি তেওঁ অন্তৰ্ধান হ'ল | 
গতিকে দেখিলানে মইনাহঁত অহংকাৰৰ কেনে অৱস্থা হয়|
গতিকে চেষ্টা কৰিবা যাতে কেতিয়াও ইয়াৰ চিকাৰ নোহোৱা |

✍️হেমেন হাজৰিকা
মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)