গছ শিল্প-ভাৰতী চক্ৰৱৰ্তী

©Admin
0
পৃথিৱীক প্ৰথম চুমা খোৱা
দিনৰে পৰা
দেখি আহিছোঁ গছবোৰ
ছাঁ দিয়ে
শইচ দিয়ে
ফুল হৈ ফুলে হৃদয়ত
সেউজীয়াৰ আঁচলেৰে
চেনেহ বিচনী হৈ বিচে

গছ শিল্প
গছ বিধ্বস্ত বুকুৰ
কৰুণ বিলাপৰ বিপৰীতে
জীৱনৰ শ্ৰেষ্ঠতম আলাপ

যন্ত্ৰণা উঘালি
গছে বাৰে-বাৰে প্ৰেমত পৰে জীৱনৰ

গছক চেপি -পিঁহি একাকাৰ কৰা মানুহক
গছেই শিকাই
"সৰাপাতেও সাৰ দিয়ে বীজক"
শিকাই আকাশ চুই আঁকিবলে'
ৰ'দৰ ছবি

ভোক আৰু গোলামত 
স্বাধীনতা হেৰুওৱা
কৰ্মঠ ল'ৰাটো
পিতনিত তল গৈ
গে‍ঁথাই থকা সপোনবোৰৰ সৈতে
মুখ ঢাকি থকা 
ছোৱালীজনীৰ দুহাতত
মই গুজি দিব খোজোঁ
এজোপা গছ।

✍️ভাৰতী চক্ৰৱৰ্তী
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)