এজাক বৰষুণৰ অপেক্ষাত-দ্বিতীয় অধ্যায় (অন্তিম খণ্ড-৩৫)~পূৰ্ণিমা হালৈ

©Admin
1

২ বছৰৰ পাছত....

সময়ৰ মেৰপাকত সম্পৰ্কবোৰ গভীৰ হৈ আজি প্ৰায় দুটা বসন্ত অতিক্ৰম কৰিলে।সেই তাহানিতে থুনুক থানাক খোজেৰে মাৰ কোলাৰ পৰা মাটিত ভৰি দি জীৱন নামৰ সংগ্ৰামত জঁপিয়াই পৰা মইজনী এতিয়া দুটা সম্পৰ্ক,দুখন ঘৰৰ দেওনাত থিয় দি আছো। সময়বোৰ সঁচা কৈ পাখি লগা কাঁড়ৰ নিচিনা।দেউতাৰ আঙুলিত আঙুলি থৈ সেই স্কুল যোৱা সময় খিনি পাহৰিব নৌহওঁতেই আৰু কিছুদিনৰ পাছত আন এখন ঘৰৰ আলহী হ'ম।কিছুমান কথা হয়টো কল্পনা কৰিবলৈ ভাল কিন্তু বাস্তৱত সেইখিনি মোকাবিলা কৰিবলৈ বহুত কঠিন। সৰুৰ পৰাই শুনিছোঁ,ছোৱালী হৈ জনম ল'লে দুখন ঘৰৰ আলহী হ'ব লগা হয়।এখন ঘৰ জীয়ৰী কালত নিজৰ মা দেউতাৰ ঘৰ,আনখন বোৱাৰী হৈ স্বামীৰ ঘৰ। কেনেকৈ মানি ল'ম নিজৰ মা দেউতাক এৰি আন এখনত ঘৰলৈ যোৱাটো। ছোৱালীবোৰ কিয় ইমান আৱেগ প্ৰৱণতা এইবোৰক লৈ?বিয়া হোৱা সময়ত ছোৱালীবোৰে কিয় কান্দে।কথা বোৰ ভাবি ভাবি চকুপানী ওলাই আহিছে। 
           চাওঁতে চাওঁতে মোৰ বিয়াৰ দিন ওচৰ চাপিছেহি। সময়বোৰ ওচৰ চাপি অহা দেখি মোৰ এতিয়াই বিয়া হ'বলৈ মন যোৱা নাছিল অন্ততঃ নিজে কিবা এটা কৰি লোৱা লৈ ৰ'লোহেঁতেন ।কিন্তু আগত সেই খেলি মেলি বোৰ হৈ যোৱাৰ কাৰণে বিয়া হোৱাৰ কথা ভাবিলো।যোৱা তিনিমাহৰ আগত মোৰ ডিগ্ৰী শেষ হ'ল। ডিগ্ৰী শেষ হোৱাৰ পাছতে DE.l.Ed কৰিবলৈ নামটো লগাই আহিছো ইয়াতে।মোৰ লগতে বৰ্ষাইয়ো নাম লগাইছে। যিমান যি হ'লেও কিবা এটাটো নিজেই কৰিবই লাগিব। ইমানখিনি পঢ়া নহ'লে অথলে যাব। বিয়াৰ আগতে প্ৰান্তিক ইয়ালৈ ত্ৰাঞ্চফাৰ হৈ অহাৰ কথা আছিল যদিও আহিব নোৱাৰিলে।আৰু কেইমাহ মানৰ পাছত হে অফিচে তেওঁৰ application accept কৰিব।বিয়াৰ পাছত তেওঁ মোক গুৱাহাটীলৈ লৈ যোৱাৰ কথা কৈছিল।কিন্তু মোৰ তালৈ যাবলৈ মন নাই, মা দেউতাক ইয়াত অকলে এৰি থৈ। সেইকাৰণে তেওঁ ইয়ালৈ একেবাৰে অহালৈ মই তেওঁৰ মা দেউতাৰ লগতে থাকিম। 
         
              আহিনৰ ১৩ তাৰিখ অৰ্থাৎ ১ অক্টোবৰত আমাৰ বিয়া। ইতিমধ্যে ঘৰত ৰভা দিয়া আৰম্ভ হ'লেই।বিয়ালৈ মাজত আৰু এক সপ্তাহ আছে। ৰভা দিয়াৰ পাছত ঘৰৰ বাহিৰলৈ ওলাব নাপায়।সেইকাৰণে এইকেইদিন মই ঘৰতে সোমাই আছো। তিনিদিন মানৰ আগত বৰ্ষা আহিছে।তাই বিয়ালৈকে থাকিব ইয়াতে। তাই আছে যেতিয়া মোৰ ইমান চিন্তা নাই। বজাৰ সমাৰ কৰিবলৈ মা দেউতাৰ লগত তাইয়ে গৈছে।তাইৰ আৰু মোৰ পছন্দ একেই হয় গতিকে ইমান অসুবিধা নহয়।বাকী ৰভা দিয়া মানুহক চাহ - জলপান দিয়াৰ দায়িত্ব মোৰ। মা দিনটো ইফালে সিফালে কৰিয়েই ব্যস্ত হৈ থাকে। প্ৰান্তিকো এতিয়া ঘৰলৈ আহিলে।তেওঁৰ ঘৰটো উখল মাখল হৈ আছে।আমাৰ বিয়াৰ দিনাই স্বাগত দা আৰু বৰ্ষাৰ বিয়াৰ কথাও কৈছিল বৰ্ষাৰ মাকে। মইয়ো ভালেই পাইছিলো কথাটো শুনি।একেখন ৰভাতলিতে আমাৰ চাৰিওটাৰে বিয়া হৈ গ'লহেঁতেন।কিন্তু স্বাগত দা প্ৰান্তিকৰ সখিয়েক। এদিনতে দুয়োটাৰে বিয়া হ'বলৈ হ'লে অলপ খেলি মেলি হ'ব তাতে দৰাৰ লগত আকৌ সখিয়েক লাগিবই সেইকাৰণে সিহঁতৰ বিয়া আমাৰ বিয়াৰ পাছতে পাতি দিয়াৰ কথা ক'লে আকৌ।
        বিয়াৰ কাৰণে আমাৰ মানুহ- দুনুহ মতা প্ৰায় হৈ গল। বৰ্ষা আৰু মা আজি আকৌ টাউন গৈছে। মোৰ কাপোৰ কেইযোৰ অনা হোৱাই নাই আৰু বৰ্ষাৰো কাপোৰ চিলাবলৈ দিছিল।তাইৰ মতে "তাইৰ ইমান ভাল বান্ধৱীৰ বিয়া যেতিয়া তাই আৰু সাধাৰণ কৈ থাকিব নে? চাদৰ মেখেলা পিন্ধি হেনো খুব ষ্টাইল কৰিব।বিয়াত মানুহো হ'ব তাতে স্বাগত দাও আহিব।" তাইৰ কথা শুনিলে দুখত থকা মানুহ এটাইয়ো হাঁহি দিব।
                   মুঠতে আজি গৈ সকলো খিনি কাম কৰি মায়ে আজৰি হৈ থকাৰ কথা কৈছে। মোৰ কাৰণে মানুহ গৰাকীৰ বৰ কষ্ট হৈছে। আজিকালি দেউতাকো বৰ চিন্তাত থকা নিচিনা লাগে। এইখিনি মই চাব নোৱাৰো। বৰ দুখ লাগে।ভাবি নাপাওঁ কেতিয়াবা সকলো কথাতে মই ইমান কিয় আৱেগিক হৈ যাওঁ।মা দেউতাক এৰি যোৱাৰ কথা মনলৈ আহিলেই চকুৰ পানীয়ে বাট নেদেখা হওঁ।নাজানো বিয়াৰ দিনা মোৰ কি অৱস্থা হ'ব।

         এনেদৰে বিয়াৰ দিনটো ওচৰ চাপিলেহি।ৰাতিপুৱা শুই উঠিয়েই সুকলমে বিয়াখন হৈ যোৱাৰ কথাই ভাবিছো।বিয়াৰ কাৰণে সকলো বস্তু যোগাৰ কৰি হৈ গ'ল যদিও ক'ৰ'বাত নহয় ক'ৰ'বাত কিবা এটা খুট থাকিয়ে যায়।কিবা এটা বস্তু আনিবলৈ পাহৰি ৰাতিপুৱাই দেউতাই সুমন দাৰ লগত বজাৰলৈ লৰ দিছে। ৰন্ধা - বঢ়া কৰিবলৈ মানুহ পালেহিয়েই।সেইবোৰ বাহিৰত কৰিছে কাৰণে ঘৰত ইমান যামেলা নাই। মই ভিতৰতে সোমাই আছো। ৰাতিপুৱাৰ পৰা মাক আজি মনটো মাৰি থকা দেখিছোঁ। অলপতে যেন তেওঁৰ চকুপানী ওলাই আহিব। মনটো ভাল লগা নাই মোৰো।আজি এইখন ঘৰত মোৰ শেষ দিন। এৰি যাব লাগিব চিৰদিনৰ কাৰণে।কথাবোৰ ভাবি ভাবি চকুপানী ওলাই আহিছে। তেনেতে ভিতৰলৈ মা আৰু বৰ্ষা সোমাই আহিল। চকুপানী খিনি মচি হাঁহি মাৰি দেখুৱালো। বৰ্ষা আহি মোৰ ওচৰতে বহিলেহি। মায়ে কাপোৰ অলপ সামৰি সামৰি কিবা কৈ আছে।
মা________ ভালেই হল।আজিৰ পৰা এটা চিন্তা কমিল। তোক লৈয়ে চিন্তা হৈ আছিল। আজিৰ পৰা শেষ আৰু।নে কি কোৱা বৰ্ষা?
 
মায়ে ধেমালি কৰিছে মই বুজি পাইছো।কথা বোৰত মাতটো ফাটি ফাটি আহিছে। দুখ লাগিল মোৰ। উচুপি উঠিলো। মই কন্দা শুনি মায়ে কাপোৰ খিনি তাতে এৰি মোৰ ওচৰলৈ আহিল।
মা________ জীউ কান্দিছ কিয়?

বহি থকাৰ পৰাই মাক সাৱটি ধৰিলো।
__________ মা মই তোমালোকক এৰি কেনেকৈ থাকিম? তোমালোকৰ কথা ভাবিলে মোৰ কেতিয়াও বিয়াই হ'ব মন নাযায়। বিয়া হৈ যদি মই ঘৰতে থাকিব পাৰিলোহেঁতেন।
 বিদাই দিয়া মূৰ্হুত খিনি চকুৰ আগত ভাঁহি আছেহি।

মই তেনেকৈ কোৱা দেখি মায়েও কান্দিব লাগিল।

মা_________ তই যদি এনেকৈ ভাগি পৰ"। মই কেনেকৈ থাকিম ক" চোন? দেউতাৰৰ তোলৈ দেহ- প্ৰাণ গোটেইটো। দেউতাৰক কোনে বুজাব? আজিৰ দিনটোত বিয়া নহওঁ বুলি ক'ব নাপায়। ছোৱালীক আন এখন ঘৰলৈ বিয়া দিবই লাগিব।এনেও দেখোন তোক এদিন বিয়া দিবই লাগিব।এতিয়া বিয়া হোৱা তেতিয়া বিয়া হোৱা একেই কথা। এতিয়া তই বিয়া হৈছ যদিও তই নিজৰ ভৰিৰ ওপৰত নিজেই থিয় হ'বলৈ শিকি ল"। আৰু আমি থাকিমেই চোন। আহ- যাহ কৰিয়েই থাকিম আমি। প্ৰান্তিক বহুত ভাল ল'ৰা। আমাৰো আশা আছিল তোক ভাল ল'ৰা এটালৈ বিয়া দিয়া। এতিয়া দুই পক্ষ মান্তি হ'ল যেতিয়া বিয়া হোৱাত আপত্তি কিহৰ? তই নিজেই লৰা পছন্দ কৰিছ"।গতিকে তোক আমি জোৰ নকৰোঁ একোতে।আজিৰ পৰা তই বেলেগ এখন ঘৰৰ বোৱাৰী হ'বি। কিন্তু কি কৰিম।এইয়াইটো সমাজৰ নিয়ম।বেয়া মোৰো লাগিছে আজি,ৰাতিপুৱাই দেউতাই তোৰ কথা কৈ কৈ কান্দিছে।কিন্তু কান্দিলেটো নহ'ব।মইয়ো এসময়ত এনেকৈ বিয়া হৈ আহিছিলো। আৰু বেছি দূৰলৈ নাযাৱ নহয় তই।ওচৰতেহে থাকিবি। যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিবি সেইকাৰণে এতিয়া কান্দি নাথাকিবি মানুহ আহিব লৈছে। গা ধুৱাব লাগিব এতিয়া তোক সাঁজু হৈ থাক।

তেনেকুৱাতে বৰ্ষাই মাত লগালে।
বৰ্ষা________ হ'ব দিয়ক মা মই আছো নহয় আপুনি চিন্তাই নকৰিব।

কথাটো তাই যি ভেমত কৈছে, মই চিকুট মাৰি দিলো।

মায়ে নিজৰ চাদৰৰ আঁচলেৰে মোৰ চকুপানী খিনি মচি দি ওলাই গল। বৰ্ষাৰ চকুতো চকুপানী দেখিছোঁ কিন্তু তাই যিমান পাৰে মোক হাঁহি মাতি দেখুৱাইছে। তাই গম পাইছে তাই যদি কান্দি দিয়ে আকৌ মোৰো চকুপানী ওলাব।

বৰ্ষা__________ ইহ.... বিয়া নোহোৱা আগত তাইৰ বিয়া হ'বলৈ যি চখ।এতিয়া চোৱা কান্দি দেখুৱাইছে।তাইৰ চাগে প্ৰান্তিক দাক কেতিয়া লগ পাওঁ , কেতিয়া লগ পাওঁ লাগি আছে এতিয়া আকৌ কান্দিবলৈ আহিছে।

ঠেলা এটা মাৰি তাই কথাটো ক'লত মোৰ হাঁহিও উঠি গ'ল।
__________ ধেমালি নকৰ।তোৰ যি দিনা বিয়া হ'ব সেইদিনা চাম তই কান্দ নে নাকান্দ।
বৰ্ষা________ মোক তোৰ নিচিনা কান্দুৰী পাইছ"? প্ৰান্তিক দাই তোক কান্দুৰী বুলি এনেই নকয় নহয়।
_________ হোহ...


গা -পা ধুই আলহীক সেৱা শুশ্ৰূষা কৰি কৰি সন্ধিয়াই হ'ব হ'ল। বৰ্ষাৰ পৰিয়ালৰ সকলো মানুহ অলপ আগত আহি ওলাইছেহি। স্বাগত দাৰ মাকহঁত সকলোবোৰ একেবাৰে দৰাৰ লগত আহিব। বৰ্ষা পূৰা ফটো তোলাত ব্যস্ত। তাই প্ৰান্তিক দালৈ video call কৰিছিল তেতিয়া কৈছে প্ৰান্তিক দাক হেনো আজি বৰ ধুনীয়া লাগিছে। চিনিবই পৰা নাই। মইহে খালি চাবলৈ পোৱা নাই তেওঁক এবাৰো। সন্ধিয়াৰ আলহীৰ কাৰণে ৰভা তল প্ৰায় খালি হৈছে।বৰ্ষা মই ভিতৰতে আছো।মাহঁত পানী তুলিবলৈ যাবলৈ ওলাইছে। বিয়ানাম কেইটা গোৱা শুনিয়েই মোৰ চকুপানী ওলাবলৈ আৰম্ভ হৈ গ'ল। তেনেতে ভিতৰলৈ দেউতা সোমাই আহিল।
দেউতা___________ মাজনি,কিবা খালি নে নাই?

দেউতাৰ মুখত আজি প্ৰথমবাৰ মাজনি শব্দটো শুনি মোৰ আৰু বেয়া লাগি আহিল। তাতে দেউতাৰ মাতটো কঁপি কঁপি ওলাইছে,চকু দুটাও সেমেকি আছে।

____________ দেউতা....!
দেউতা___________ই...... এনেকৈ কন্দা-কতা কৰিলে কি হ'ব?গোটেই মেকআপ বেয়া হৈ যাব।পাছত দৰা আহি পাই যাব আৰু কইনাৰ ধুন মাৰিয়েই নহ'ব।

দেউতাই মই কান্দিছো কাৰণে হঁহুৱাবলৈ তেনেকৈ ক'লে।
__________ হ'ব দেউতা তুমি এনেকৈ কৈ নিজৰ চকুপানী লুকুৱাব নালাগে। অন্ততঃ বেলেগৰ আগত পাৰিলেও মোৰ আগত নোৱাৰিবা।
দেউতা__________ ক'ত মই কান্দিছো? ছোৱালীৰ বিয়া আজি ফূৰ্তি কৰিব হে লাগে। মই আৰু কান্দিম নে? চাবি চোন কিমান নাচিম আজি।
____________ হ'ব।
দেউতা__________ ভালে থাক আই।

মোৰ মূৰত হাত বুলাই দেউতা গুছি গল।যাওঁতে তেওঁ চচমা খন খুলি চকু দুটা মোহাৰি লৈছে। মোৰ বেছি বেয়া লাগিব কাৰণেই তেওঁ নিজৰ দুখবোৰ লুকুৱাই ৰাখিছে। পানী তুলি মাহঁত পালেহিয়েই।মোৰ বুকু খনে ধক্ ধক্ কৰিব লৈছে।সময়বোৰ চুটি হৈ অহা দেখি মোৰ সময় বোৰক ধৰি ৰাখিব মন গৈছে।মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। তাৰ পাছত এইখন ঘৰক চিৰবিদায় জনাব লাগিব। কলতলত সকলো যা -যোগাৰ হ'লেই। গা ধোৱাবলৈ লৈ গ'লহি মোক। আয়তীৰ বিয়া নামত মোৰ চকুপানী গাৰ মাহ - হালধিৰ সৈতে উটি গৈছে। কান্দি কান্দি ভাগৰুৱা হৈ পৰিছো। একোবত কৈ দিলো।
___________ বিয়া নাম নাগাব চোন।
তেতিয়া তাৰে মাজৰ পৰা এগৰাকীয়ে ক'লে।
" বিয়ানামৰ অবিহনে বিয়া এখন সম্পূৰ্ণ হ'ব পাৰে জানো? আমি গামেই।সকলোৱে দুখ লগা কৈ নাম জোৰক। তাই এতিয়া কান্দি দেখুৱাবলৈ আহিছে।আৰু কেইদিনমানৰ পাছত গিৰিয়েকক পাই মাক দেউতাকক পাহৰি যাব......।
(হাঁহি হাঁহি কথা ক'বলৈ লাগিল)

একো নক'লো মই।মনে মনে শুনি থাকিলো। কথাটো নোহোৱাও নহয়।বিয়ানামৰ অবিহনে বিয়া এখন আধৰুৱা।সেইবুলি ইমান দুখ লগা কৈ গাব লাগে নেকি?

        তেনেকৈয়ে গা ধুৱাৰ পাছত মোৰ সাঁজি-কাচি হৈ গল। প্ৰান্তিকলৈ video call কৰিলো।
প্ৰান্তিক____________ আউ পোৱালি।একেবাৰে সাঁজি-কাছি দেখোন।পিছে কোন ফালে যোৱা....?
___________ হয় নেকি? নজনা ভাওঁত কথা সুধিব নালাগে।
প্ৰান্তিক__________ বেছিকৈ বাহিৰত ওলাই নুফুৰিবা।চাবা কোনোবাই লৈ যাব। মোৰ ফালে শেষেই আৰু তেতিয়া।
__________ হোহ....ধুনীয়া লাগিছে আপোনাকো।
প্ৰান্তিক__________ মই ধুনীয়াই।
___________ হ'ব। কাপোৰ কোনে পছন্দ কৰি দিছে আকৌ.....? মোৰ পছন্দ কাৰণেহে ভাল লাগিছে।
প্ৰান্তিক__________ ইহ ইহ.....

চকুটিপ এটা মাৰি দিলে তেওঁ। লাজতে মই ফোনটো তললৈ কৰি দিলোঁ।
প্ৰান্তিক___________ আৰু অলপ দেৰি পাছত তাই মোৰ ওচৰত থাকিব,এতিয়া আকৌ তাইৰ লাজটো চোৱা।

মুখ খন বেকা কৰি দিলোঁ।
প্ৰান্তিক___________ কান্দুৰি।চকু দুটা ফুলি আছে যে কান্দিছিলা?
__________ ওম....ইমান দুখ লগা কৈ বিয়া নামবোৰ গাইছে।
প্ৰান্তিক___________ ও আই।
হাঁহি দিলে তেওঁ।
_________ ফোন এটাও কৰা নাছিল আজি।
প্ৰান্তিক__________ বৰ্ষাই video call কৰি তোমাক দেখাইছিল নহয় অথনি পাছফালৰ পৰা। নকৰিলোঁ আৰু এনেও পাছত লগ পামেই...
__________ মই গমেই নাপালোঁ।তাইক দিম মই।লুকাই লুকাই তাই সেইবোৰকে কৰি আছে।
___________ হ'ব দিয়ক মই যাওঁ এতিয়া।বাহিৰত মানুহ বহি আছে।
প্ৰান্তিক__________ ok পোৱালি bye।

বাহিৰলৈ আহি বৰ্ষাৰ লগত বহি আছো।সময় বোৰ খুব খৰকৈ পাৰ হব ধৰিছে। ৰাতি ১০ টা বাজিবৰ হৈছে ।আৰু কিছু সময়ৰ পাছত প্ৰান্তিক পাবহি। তেওঁলোকক মই সোনকালে আহিবলৈ কৈছিলো।বেছি ৰাতিলৈ থোৱা নাই।দেউতাৰ প্ৰেছাৰ আছে।গোটেই ৰাতি সাৰে থাকিলে দিগদাৰ হব। তাতে দিনত এবাৰো জিৰণি ল'বলৈ পোৱা নাই।সেইকাৰণে তেওঁলোকক সোনকালে মাতি দেউতাৰ কামবোৰ হোৱাৰ পাছত তেওঁক অলপ আৰাম কৰিবলৈ দিব লাগিব। 
" জীউ ভিতৰলৈ আহ, দৰা আহিবৰ হৈছে" 
বহি থকাৰ পৰাই মায়ে আহি ভিতৰলৈ লৈ গ'ল। লগত বৰ্ষাকো টানি আনিলো। মনটো অশান্তিকৰ হৈ পৰিছে লাহে লাহে। ৰাস্তাত ব'ম, ফটকা ফুটিবলৈ ধৰিছে।মই এনেকৈ থকা দেখি বৰ্ষাই কলে.....
বৰ্ষা__________ ইমান অধৰ্য্য নহ'বি।ৰাতিপুৱা মায়ে কি কৈছিল পাহৰি গ'লি।
________ওমম
 বৰ্ষা______ৰ'বি মই বাহিৰৰ পৰা চাই আহোগৈ।

তাই বাহিৰলৈ ওলাই গৈ আকৌ দৌৰ মাৰি আহিলে।
বৰ্ষা_________ ঐ দৰা আহিলে।

বুকু খনে চিৰিং কৰি গল।উশাহটো 
খুব ঘন হ'বলৈ ধৰিছে।বৰ্ষাক সাৱট মাৰি দুই জনীয়ে কান্দিব লাগিছো।
বৰ্ষা________ নাকান্দিবি অ"। মা দেউতাৰ কি হ'ব বাৰু তোক এনেকৈ দেখিলে।

তাই নিজেও কান্দিছে অথচ মোক বুজাইছে।
বৰ্ষা________ হ'ব দে মই যাওঁ।
তাই দৰাক ভৰি ধুৱাবলৈ গুছি গল। ঘৰত ভন্টি নাই যেতিয়া তাইয়েই ধুৱাব লাগিব।আগফালৰ গেটৰ ওচৰত গোটেই হুলস্থূল।ঢোলৰ গুম গুমণি।

         দৰাক আদৰি অনা কাৰ্য সম্পন্ন হ'ল।মোক উলিয়াই আনি হোমৰ ওচৰত বহালে। প্ৰান্তিকো বহি আছে।ওচৰত স্বাগত দা আৰু বৰ্ষা।মই কাৰোলৈ চোৱা নাই। যেনেতেনে চকুপানীখিনি ধৰি ৰাখিছোঁ। দেউতা আহি কন্যা দান কৰিব লৈছে। সম্পূৰ্ণ বামুণ পদ্ধতিত বিয়া খন পতা হৈছে। বামুণৰ লগে লগে দেউতাই মন্ত্ৰ মতা শুনি মই ফেকুৰি উঠিলো্। দেউতাৰো শোকত মাত ওলোৱা নাই। বৰ্ষাই পাছফালৰ পৰা বুজনি দি আছে।সুমন দাই ভায়েক হিচাপে আখৈ দিছে। বামুণৰ লগে লগে আমি দুজনেও মন্ত্ৰ উচ্চাৰণ কৰিব লাগিছো্। আৰু শেষত অগ্নিক সাক্ষী কৰি প্ৰান্তিকক বৰ মালা পিন্ধাই তেওঁৰ চৰণত নিজকে অৰ্পণ কৰিলো। তেৱোঁ হোমৰ জুই কুৰাৰ ওচৰত মোক আজীৱন সুখত ৰখাৰ প্ৰতিশ্ৰুতি দি বিয়া সম্পন্ন কৰিলে। ৰভা তলৰ পৰা ভিতৰলৈ আহি দুয়োয়ে ভিতৰৰ কাম খিনিও কৰিলো। প্ৰান্তিকে মোক ভাত খুৱাই দিওঁতে তেওঁৰ আঙুলি টো মোৰ দাঁতত লাগি গৈছিল। তেওঁ চিঞৰ মাৰি দিওঁতে ওচৰত থকা সৱেই হাঁহি দিলে।মোৰো হাঁহি উঠি গ'ল।

    ইটোৰ পাছত সিটোকে বিয়াৰ কৰ্মখিনি হৈ গৈ আছে। শেষত মা দেউতাক সেৱা কৰিবলৈ আছে।কন্যা দানৰ পাছত দেউতাক আৰু সেইখিনিত দেখা নাপালোঁ। তেওঁৰ ৰোমলৈ গৈ চালো শুই আছে।চকু দুটা তিতি আছে। দেউতাৰ ভৰি দুটাতে ধৰি তেওঁক" দেউতা "বুলি মাতষাৰ দিয়াৰ লগে লগে তেওঁ উঠি আহি মোক নিজৰ বুকুৰ মাজত সোমোৱাই ইমান পৰে ৰখাই থোৱা দুখ বোৰ উজাৰি দিলে। মইয়ো কান্দিছো।মুঠতে এটা কন্দা-কতা পৰিৱেশ। তেওঁক বাহিৰলৈ মাতি আনি মা দেউতা দুয়োকে বহাই প্ৰান্তিক আৰু মই সেৱা কৰিলো। মা দেউতা দুয়োজনে উচুপি উঠিছে।আমাৰ দুয়োজনৰে মূৰত হাত বুলাই আশীৰ্বাদ দি মায়ে ক'লে....
"জীউ ভাল কৈ থাকিবি। আমি খবৰ- খাটি লৈ থাকিম।এইখনো তোৰ নিজৰ ঘৰ, সেইখনো তোৰ নিজৰ ঘৰ আজিৰ পৰা।মিলাপ্ৰিতীৰে থাকিবি।সকলোকে মৰম কৰিবি,কিবা বুজি নাপালে বুজাই দিবি।তোৰ প্ৰতি কাৰোৰে মনত বেয়া ভাৱ অনা কাম নকৰিবি।আমি যেনেকুৱা প্ৰান্তিকৰ মাক দেউতাকো তেনেকুৱা।তেওঁলোকক সন্মান কৰিবি।
জোঁৱাই! ছোৱালীক গতালো। এতিয়া আৰু এই তোমাৰ দায়িত্ব"। যা গৈ আই"।"

দেউতাই তলমূৰ কৰি কন্দাৰ বাহিৰে একো ক'ব পৰা নাই। সেৱা কৰি হৈ যোৱাৰ পাছত দৰ্জাৰ ওচৰত মাৰ হাতৰ তলেৰে সৰকি তিনিবাৰ চাউল ছটিয়াই ঘৰ খনক চিৰবিদায় দি গাড়ীত উঠিবলৈ আহিলো।চকুপানীখিনি মচি আকৌ ঘৰ খনলৈ উভতি যাবলৈ মন গৈছিল। কিন্তু পাই, নাপাইৰ দোমোজাত তেনে নকৰি এবাৰতে ওলাই আহি গাড়ীত বহিলো।যাওঁ বুলিলেও আকৌ এবাৰ মা দেউতাৰ ওচৰলৈ যাব নোৱাৰো। বৰ্ষাই মোক গাড়ীত উঠাই চকুপানীৰ সৈতেই হাঁহি এটা মাৰি মোক বিদায় দিছে।
বৰ্ষা_________ যা গৈ। তই চিন্তা নকৰিবি।মই দুদিন মান ইয়াতে থাকিম মা দেউতাৰ ওচৰত।মই সব চম্ভালি ল'ম। তই তাতো গৈ কান্দি থাকিব নালাগে।

মোৰ চকুপানী খিনি মচি দিলে তাই।
বৰ দুখ লাগিল সেইটো সময়ত তাইলৈ।
____________ মা দেউতাক চাবি।মই নথকাত তইয়ে বুজাবি।
বৰ্ষা_______ হ'ব। 

প্ৰান্তিকলৈ চালে তাই।

বৰ্ষা_________প্ৰান্তিক দা ! এতিয়া আৰু কোনে পাই ন"।
তেওঁ হাঁহি এটা মাৰি দিলে।
বৰ্ষা__________ হ'ব লাজ কৰি দেখুৱাব নালাগে। আমিও গৈ আছো বাৰু লাহে লাহে। নে কি কোৱা স্বাগত দা.....?

গাড়ীৰ আগত বহি থকা স্বাগত দাক তাই চিকুত এটা মাৰি জোকাই চালে।
__________ যাহ এই জনী অলপো লাজ নাই দেই।বিয়া হ'বলৈ মন গৈয়েই আছে তাইৰ।
বৰ্ষা__________ অ এইটো আকৌ কিহৰ লাজ?
__________ হ'ব দে তোৰ লগত কথা পাতি থাকিলে ইয়াতে ৰাতিপুৱা হব।
বৰ্ষা__________ ওম যা যা।
প্ৰান্তিক___________ বৰ্ষা.... থাকা।bye। মা দেউতাৰ ধ্যান ৰাখিবা।
বৰ্ষা__________ ওম ok চিন্তাই নকৰিবা।

আহিব ল'লো।আহোঁতেও চকুপানী ওলাইছে।
" হ'ব পোৱালি ।ইমান কান্দিব নাপায়।"
কাণৰ ওচৰতে প্ৰান্তিকে কথাটো কৈ মোৰ হাত খন ধৰি ল'লে।সেইটো সময়তে মোৰ পতককৈ কিবা এটা কৰাৰ কথা মনত পৰিল।ফোনটো উলিয়াই প্ৰান্তিক আৰু মোৰ ফটো এখন মাৰি ইমান দিনে ব্লক কৰি ৰখা পাখিৰ নম্বৰটো আনব্লক কৰি পাখিলৈ ফটো খন পঠিয়াই লিখি দিলো।
_________ চা পাখি তই হাৰিলি আৰু মই জিকিলো।কি পালি তই মোৰ লগত এইবোৰ কৰি। সবটো একেই থাকিল। পালি জানো প্ৰান্তিকক। তেওঁ মোক সঁচা ভাল পাইছিল।আৰু আজি চা চোন আমি দুয়ো বিবাহপাশত আৱদ্ধ হলো। এনে এনে তই মোৰ লগত বন্ধুত্বৰ সম্পৰ্ক শেষ কৰি ল'লি। গতিকে এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবি।

ফটো খন দি ফোন টো আকৌ থৈ দিলোঁ। গাড়ীৰ খিৰিকী খনতে মূৰটো পেলাই আহিন মহীয়া মাজনিশা নামি অহা এচাটি বতাহ আৰু কুঁৱলীৰ আমেজ ল'লো।প্ৰিয় ঋতু, প্ৰিয় মাহ। আহিন আৰু শৰৎ এই দুয়োটাই মোৰ প্ৰিয়।সেইবাবেই হয়টো প্ৰিয় ঋতুতে প্ৰান্তিকৰ সৈতে আন এটা জীৱন উপভোগ কৰাৰ সুবিধাকণ পাইছো।সকলো আছে মোৰ এতিয়া।মা দেউতাৰ মৰম, প্ৰিয়জনৰ ভালপোৱা আৰু প্ৰকৃত বন্ধু হিচাপে বৰ্ষাৰ নিচিনা এজনী বান্ধৱী পাই মই সঁচাকৈ সুখী। বৰ্ষাৰ নিচিনা বন্ধুৰ নিস্বাৰ্থ মৰম ভালপোৱা,যত্ন সকলোকে দিয়ক। সুখী মই এতিয়া।একো একো নালাগে মোক আৰু।সকলো খিনি আছে মোৰ ওচৰত।প্ৰাপ্তিবোৰ হয়তো এনেকুৱাই। না কিবা উমান দিয়ে,না ইয়াক বুজিব পাৰি। এজাক বৰষুণৰ মুখা- মুখি আৰু প্ৰান্তিকৰ নিচিনা জীৱন সংগী মোৰ জীৱনলৈ আগমন।আকৌ এবাৰ সেই ভালপোৱাৰ বৰষুণজাকত তেওঁৰ সৈতে তিতিব মন গৈছে এহাল জয়ী প্ৰেমিক - প্ৰেমিকা হিচাপে। পুৰণা বৰষুণজাকত পুৰণা ভালপোৱা বোৰ আকৌ এবাৰ উজাৰি দিব মন গৈছে।অপেক্ষা মাথো এতিয়া এজাক বৰষুণলৈ।

সমাপ্ত।

(সমাপ্তি ঘটিল প্ৰান্তিক আৰু জীয়াৰ প্ৰেম কাহিনী।জীৱন যুদ্ধত দুয়ো সফল হ'ল।কাহিনীটো ধৰ্য্য সহকাৰে ইমান দিনে আপোনালোকে পঢ়ি থকাৰ বাবে অশেষ ধন্যবাদ।
নাজানো ইমান দিনে আপোনালোকক এই উপন্যাস খনৰ মাজেৰে কি দিলো।কিন্তু আপোনালোকে মোক যি দিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম। পুনৰ বাৰ ধন্যবাদ জনালো। কাহিনীটোক ইমান খিনি মৰম দিয়াৰ বাবে।পাছলৈয়ো এনেদৰে আপোনালোকৰ সহযোগিতা কামনা কৰিলো)

✍️ পূৰ্ণিমা হালৈ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Bohut dhanyabad Iman dhuniya eta story pohili

    ReplyDelete
Post a Comment