আৰ্থ্ৰাইটিছৰ বিষয়ে দুশাৰী

©Admin
0
১২ অক্টোবৰ বিশ্ব আৰ্থ্ৰাইটিছ দিৱস ৷ আমি সহজ ভাষাত যাক বাতবিষ বুলি কওঁ ৷ গৱেষণাই কৈছে পঞ্চাশ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ প্ৰতি চাৰিজনৰ এজন কম বেছি পৰিমাণে এই ৰোগত আক্ৰান্ত হয় ৷ দীঘলীয়া চিকিৎসাই ৰোগ নিৰাময়ত সহায় কৰে যদিও প্ৰায়ক্ষেত্ৰতে দেখা যায় আৰ্থ্ৰাইটিছক বাধা দি ৰখাহে সম্ভৱ হয় কিন্তু সম্পূৰ্ণ নিৰাময় নহয় ৷ আহক ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ-
     বিভিন্ন প্ৰকাৰৰ আৰ্থ্ৰাইটিছ আছে যদিও ই মূলতঃ তিনিপ্ৰকাৰৰ - অষ্টিঅ’ আৰ্থ্ৰাইটিছ বা অস্থিবাত, ৰিউমেটয়ড আৰ্থ্ৰাইটিছ বা গ্ৰন্থিবাত আৰু চেপটিক আৰ্থ্ৰাইটিছ বা বীজাণুজনিত বাত 

অষ্টিঅ’ আৰ্থ্ৰাইটিছ- ই এক অৱক্ষয়ী ৰোগ(Degenerative Disease) ৷ এই ৰোগে প্ৰায়ে প্ৰথমে আমাৰ আঁঠুৰ গাঠিটোত আক্ৰমণ কৰে ৷ বয়সৰ লগে লগে শৰীৰৰ গাঁঠিবোৰৰ ওপৰত পৰা অতিৰিক্ত চাপৰ ফলত হাড়ৰ মূৰৰ ফালে থকা কাৰ্টিলেজ ক্ষয় যাবলৈ আৰাম্ভ কৰে আৰু ক্ৰমান্বয়ে গাঁঠিৰ ভিতৰত থকা তৰল পদাৰ্থখিনি হ্ৰাস পায় ৷ ফলস্বৰূপে হাড়ৰ মূৰবোৰ ইটোৱে  সিটোৰ লগত ঘঁহনি খাবলৈ ধৰে ৷ মূৰবোৰ কিছু ক্ষয় যায়, তাৰ কাষৰপৰা হাড়ৰ অপ্ৰয়োজনীয় ঠালঠেঙুলিৰ দৰে ওলাই ওচৰৰ কোমল কলাবোৰক আঘাত দি বিষৰ সৃষ্টি কৰে ৷

ৰিউমেটয়ড আৰ্থ্ৰাইটিছ- ই অতি লাহে লাহে হোৱা অথচ নিগাজীকৈ থিতাপি লোৱা গাঁঠিৰ ৰোগ ৷ এই ৰোগে প্ৰথমে হাতৰ সৰু সৰু সন্ধিবোৰক আক্ৰান্ত কৰে ৷ হাতৰ আঙুলিৰ গাঁঠিবোৰ ফুলি গৈ হাতখন বিকৃত কৰে ৷ ৰোগীয়ে কাম বন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াক ৰোধ কৰা জটিল ৷ লাহে লাহে ই শৰীৰৰ আঁঠু, কান্ধ আদি ডাঙৰ গাঁঠিবোৰক আক্ৰমণ কৰে ৷ ৰোগীয়ে প্ৰচণ্ড বিষ অনুভৱ কৰে ৷ এই ৰোগত হাড়বোৰ ক্ষয় যায় আৰু হাড়ৰ মাজৰপৰা কেলচিয়াম আৰু অন্য লাগতিয়াল পদাৰ্থবোৰ ওলাই গৈ হাড়বোৰ লেহুকা হৈ পৰে ৷ আঁঠুত এই ৰোগ হ’লে আঁঠুৰ কেপচুলৰ ভিতৰফালে থকা চাইনোভিয়েল মেমব্ৰেনখন আক্ৰান্ত কৰে আৰু ক্ৰমান্বয়ে হাড়ত ধৰে ৷ আঁঠুৰ ভিতৰত পানী জমা হৈ আঁঠুটো ফুলি উঠা দেখা যায় ৷

চেপটিক আৰ্থ্ৰাইটিছ- দেহৰ বাহিৰৰ ঘা বা ভিতৰৰ অংগৰ পৰা কেতিয়াবা বীজাণুৰ সংক্ৰমণ হয় ৷ ফলস্বৰূপে সন্ধিৰ মাজত পানী জমা হৈ ফুলি উঠে আৰু পিছৰ পৰ্যায়ত পূঁজ জমা হয় ৷ চিকিৎসা নকৰিলে সংক্ৰমণ হাড়লৈ বিয়পি হাড় নষ্ট কৰি পেলাব পাৰে ৷ 

লক্ষণ- অস্থিবাত সাধাৰণতে বয়সীয়া লোকৰ হয় যদিও আঘাতজনিত কাৰণত কম বয়সীয়া লোকেও এই ৰোগত ভূগিব পাৰে ৷ ফুটবল খেলুৱৈ বহুতেই এই সমস্যাত ভূগে ৷ বয়সীয়ালসকলৰ মাজত পুৰুষতকৈ মহিলা ৰোগীৰ সংখ্যা বেছি ৷ গাঠিত বিষ অনুভৱ কৰে, জঠৰ হয়, লৰচৰ কৰাত অসুবিধা হয় আৰু প্ৰায়ে কেৰকেৰ শব্দ শুনা যায় ৷ 
আগতেই উল্লেখ কৰিছোঁ গ্ৰন্থিবাত ত হাতৰ আঙুলিৰ গাঠিবোৰ ফুলি বিকৃত ৰূপ ধাৰণ কৰে ৷ অন্য গাঁঠিবোৰত বিষ হয় ৷ ই যিকোনো বয়সতেই হব পাৰে ৷
 বীজাণুজনিত আৰ্থ্ৰাইটিছ ৰোগ হঠাতে আৰম্ভ হয় ৷ ৰোগীৰ জ্বৰ উঠে, গাঁঠি ৰঙা পৰি ফুলে আৰু অসহ্য বিষ হয় ৷ 

চিকিৎসা- চিকিৎসকৰ তত্ত্বাৱধানত বিষ নিৰাময় আৰু প্ৰদাহ কমোৱাৰ বাবে দৰৱ, বেজী ব্যৱহাৰ কৰিব পাৰে ৷ কেলচিয়াম যুক্ত আহাৰ, দৰৱ খাব লগা হয় ৷ তাৰোপৰি ফিজিঅ’থেৰাপী চিকিৎসাত যথেষ্ট সুফল পাব পাৰি ৷ নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে, জিৰণি লব লাগে আৰু সেক লব পাৰে ৷ পুৰণি ৰোগীৰ ক্ষেত্ৰত কেতিয়াবাহে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ৷

🖋️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)