মোৰ আইতা-ৰীতামণি বৰদলৈ

এবুকু মিঠা মৰমৰ উৎস
মোৰ আইতাজনী,
যাৰ  মাতষাৰ শুনিলেই 
মনটো উলাহেৰে ভৰি পৰে।
কপালৰ দগমগীয়া ৰঙা সেন্দুৰৰ  ফোটটি  লৈ
এহাত  ওৰণিৰে সভা শুৱনি মোৰ আইতাজনী!
বিশ্ব সুন্দৰী ৰীতা ফাৰিয়াৰ
অনুৰাগী মোৰ আইতাই
নাতিনীকো নামাকৰণ কৰিছিল ৰীতা নামেৰে,
সঁচাকৈয়ে  ভাগ্যৱতী মই।
দিখৌপৰীয়া মোৰ আইতাজনীৰ চেনেহৰ 
নাতিনী মই।
যৌথ পৰিয়ালৰ 
শিক্ষক ককাদেউতাৰ  গৃহিণী 
মোৰ আইতাজনীয়ে আৱৰি ৰাখিছিল আপোন ঘৰখনি। সম্ভ্ৰান্ত বংশৰ জীয়ৰী হৈও
ককাদেউতাৰ সীমিত আয়েৰে
ঘৰখনি সজাইছিল 
সুখ আৰু শান্তিক
মূলমন্ত্ৰ কৰি।
পৰিয়াললৈ অহা অলেখ  দূৰ্যোগ মুৰ পাতি  লৈ
ধৈৰ্য আৰু সহনশীলতাৰে জীৱন জিনিছিল 
মোৰ আইতাই।
পৰিয়ালৰ   কণিষ্ঠ    প্ৰতিজনকে জীৱনৰ পাঠ শিকোৱা আইতাই 
আমাৰ সফলতাত 
দুগুণ উৎসাহী হোৱাৰ বিপৰীতে 
বিফলতাৰ ক্ষেত্ৰতো 
বাৰম্বাৰ চেষ্টা কৰিবলৈ উপদেশ দিছিল।
জীৱনৰ বিয়লি বেলাত
আইতা কিছু মেজাজী হৈছিল!
আত্মাভিমানী মোৰ আইতাই
সদায়েই মোক ফলাফলৰ আশা নকৰি কৰ্ম কৰিবলৈ প্ৰেৰণা যোগাইছিল।
আইতাৰ কাষত থকা সময়ত 
খুন্দনাৰ তামোল খাই 
ওঁঠ দুটি ৰাঙলী কৰা, 
জুহালত আইতাৰ কাষতে বহি
সাধু শুনাৰ আমেজ,
আইতাৰ তাঁতশালত 
বহি সূতা ছিঙা,
আইতাৰ বিভিন্ন হাতৰ কামত
অংশ লোৱাৰ সেই  সোণালী দিনবোৰ আজিও চকুৰ আগত ভাহি উঠে।
মনটো আবেগিক হৈ পৰে!!
আজি আইতা  নাই!
জীৱনৰ পাঠশালা সামৰি,
হাঁহি হাঁহি আইতা গুছি গ'ল
এই সংসাৰৰ মায়া-মোহ এৰি 
কপালত দগমগীয়া ৰঙা সেন্দুৰৰ ফোটটি লৈ।
কেৰু মণি, থুৰীয়া, গামখাৰু
পিন্ধি ভালপোৱা  অতিথিপৰায়ণা  আইতাই 
মোৰ সফলতাত 
যেন আজিও মিচিকিয়াই হাঁহি 
আশিস জনায়!
হে গৌৰৱময়ী , প্ৰেৰণাময়ী,
মোৰ আইতাজনী,
তোমাৰ জীৱন বোধৰ
শিক্ষাৰে ময়ো বাট বুলিছো
সংগ্ৰামী জীৱনৰ 
একা-বেকা পথত।
শ্ৰদ্ধাৰে স্মৰণ 
কৰিছো তোমাক!
তোমালৈ শতকোটি প্ৰণাম!!

🖋️ৰীতামণি বৰদলৈ (গুৱাহাটী)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send