এজাক বৰষুণৰ অপেক্ষাত -দ্বিতীয় অধ্যায় (খণ্ড -৩২) পূৰ্ণিমা হালৈ

©Admin
0
___________ কথা বোৰ যে মই একেবাৰে মানি লব পৰা নাই।ভাবিলেই আচৰিত লাগে। আৰু তুমি তাইক চৰ টো মাৰিব নালাগিছিল নেকি?
প্ৰান্তিক___________ নাৰীৰ ওপৰত হাত উঠাই মই নিজকে কাপুৰুষৰ পৰিচয় দিবলৈ কেতিয়াও নাযাওঁ। কিন্তু পাখিয়ে শেষত যিখিনি কৰিলে সেইয়া কেতিয়াও ক্ষমাৰ যোগ্য নাছিল। মানি লৈছোঁ তাই মোক ভাল পাই কিন্তু জোৰ কৰি কাৰোবাক ভালপাব পাৰি জানো। তাইক মই কেতিয়াও ভালেই পাব নোৱাৰো সেইটো কথাকে তাই মিছাকৈ তোমাক ক'ব নালাগিছিল।তাই কৰা কামৰ বিনিময়ত তাই শাস্তি পাইছে। আৰু মাক দেউতাকেওতো দুখ পাইছে।
_____________ তুমি তাইৰ ঘৰ কেনেকৈ চিনি পালা?
প্ৰান্তিক___________ মোৰ বহুত খং উঠিছিল।কলেজ গৈছিলো সেইকাৰণে কিন্তু তাইক নাপালোঁ।কলেজত বেলেগ কাৰোবাক সোধাত তাই ঘৰৰ এড্ৰেছটো দিলে। সেইমতে সুধি সুধি মই তাইৰ ঘৰ ওলালোহি।
____________ হমম্... নয়নক মই সৰুৰ পৰা পোৱা।সিও যে তাইৰ লগ হৈ মোৰ লগত এনেকুৱা কৰিব ভবাই নাছিলো।সেইদিনা তেতিয়াহ'লে পাখিয়ে তোমাক লগ কৰিবলৈ আহিছো বুলি কৈ নয়নকে লগ কৰিবলৈ আহিছিল নেকি ঠিক নাই। তাৰ কথা এতিয়া ঘৰলৈ গৈ মই দেউতাক সব কৈ দিম। সি এতিয়া এনেকুৱা কৰিছে পাছত কি কৰিব ঠিক নাই। আৰু তুমিতো এইবোৰ কথা স্বাগত দাকো ক'ব পাৰিলা হয়। তেতিয়াও মই অলপ শান্তি পালোহেঁতেন।
প্ৰান্তিক__________ আৰে মই কৈছোঁ কি যদি স্বাগতক মই কথাখিনি ক'লো হয় সি তেতিয়া তোমাক কৈ দিলেহেঁতেন। আৰু তাৰ পাছত পাখিয়ে যদি তোমাক কিবা এটা কৰি দিলেহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন।
____________ সেইবুলি আজি চাৰি মাহেই হ'ব হল। পাখিক জিকাবলৈ তুমি মোৰ লগত এনেকুৱা কৰি আছিলা। ক'ত আছিলা এই চাৰি মাহে? এবাৰো যে তুমি মোৰ লগত কথা পাতিব বিচৰা নাছিলা, অৱহেলাবোৰ কিয় কৰিছিলা? ফোন নম্বৰ কিয় সলনি কৰিছিলা?আৰু ঘৰলৈ অহা পাঁচ/ছয় দিন হৈ গল কিয় লগ কৰিবলৈ অহা নাছিলা? উত্তৰ দিয়া মোক?
প্ৰান্তিক_________ বাপ ৰে গোটেইখিনি প্ৰশ্নৰ একেলগে উত্তৰ দিম নে?
____________ নাজানো মুঠতে তুমি কেনেকৈ উত্তৰ দিয়া দিয়া।
প্ৰান্তিক__________ ঠিক আছে এটা এটাকৈ কৈ গৈছো। কামৰ বহুত প্ৰেছাৰ অ"। ফোন নম্বৰ পাখিৰ কাৰণেই সলাবলগীয়া হৈছিল।সময় নাই অসময় নাই যেতিয়াই তেতিয়াই ফোন কৰি থাকে মোলৈ। ক'ৰ পৰা মোৰ নম্বৰ পালে নাজানো। হয়টো তোমাৰ পৰাও ল'ব পাৰে মনে মনে।তোমাক ভাল কৈ সময় দিব নোৱাৰিলে মোৰো ভাল নালাগে। পাখিৰ এইবোৰ কথাই চিন্তাত পেলাই দিছিল। মই ভাবিছিলো অলপ দিন কথা নাপাতি তোমাক চাৰপ্ৰাইজ দিওঁ। একেবাৰে ঘৰত গৈ কথা বতৰা পাতি আহিম।
____________ স্বাগত দাই বৰ্ষাৰ লগত তেনেকৈয়ে কথা পাতি থাকে। মিছা কথা নক'বা। আৰু এনেকৈ মানুহক কষ্ট দি কোনোবাই কাৰোবাক চাৰপ্ৰাইজ দিয়ে নেকি? এবাৰো ভাবি নাচালা তুমি মই কেনেকৈ থাকিম?চকুত চকুপানীৰ বাহিৰে আন একো নাথাকে। আনকি বছৰেকৰ বিহুটোতে তুমি মোৰ লগত কথা বতৰা পতা একেবাৰে শেষ কৰি দিছিলা। মই একো কাৰণ বিচাৰি পোৱা নাছিলো তোমাৰ অৱহেলাবোৰৰ। আগৰ দিনবোৰলৈ খুব মনত পৰিছিল।তুমি মোক পাহৰি গলা বুলিয়েই ভাবিছিলো। যেতিয়া স্বাগত দাইয়ো তোমাৰ কথাবোৰৰ বিষয়ে নাজানো বুলি কয় মোৰ শেষ আশাও নাইকিয়া হৈ গৈছিল।
প্ৰান্তিক_________ আৰু মোক সুধা মই কেনেকৈ আছিলো। কিমান মনত পৰে তোমালৈ কিন্তু মই জানো তুমি বুজি পাবা কথাবোৰ সেইকাৰণে মই ইমান দিন ধৈৰ্য ধৰি আছিলো। আৰু এতিয়া সেইকাৰণে এইবাৰ দীঘলীয়া ছুটিত আহিছো। ঘৰলৈ অহাৰ পাছত কাম অলপ আছিল একেবাৰে কৰি আজৰি হৈ তোমাক লগ কৰিবলৈ আহিছো। আৰু ভালপোৱাত যদি সদাই মৰম ভালপোৱাই থাকে তেন্তে দুখবোৰ কেতিয়া অনুভৱ কৰিবলৈ পাম।সেইকাৰণে অলপ কান্দিবও লাগে নহয় জানো।তেতিয়া হে সঁচা ভালপোৱা বুলি কয়।
___________ আঁ হব,,, বৰ সঁচা ভালপোৱা। মোক ইমান দুখ দিয়া বদলা লৈহে এৰিম মই।হুহ।

মুখ খন বেকা কৰি চিকুত মাৰি দিলো।
প্ৰান্তিক_________ উফফফফ্....আজি হে অলপ ভাগৰটো কমিছে।

মোৰ কান্ধতে তেওঁ মূৰটো পেলাই হাত দুখনত সাৱটি ধৰিছে।
___________ এতিয়া কোৱা ইমান দীঘলীয়া ছুটিত কিয়?
প্ৰান্তিক___________ বিয়া কেতিয়া হ'বা সেইটো কোৱা?
_____________ কিনো বিয়া বিয়া কৰি আছা।মই এতিয়াই বিয়া ছিয়া হ'বলৈ নাই দেই।
প্ৰান্তিক___________ ঠিক আছে। আঙুঠি নিপিন্ধো বুলি নক'বা আকৌ এতিয়া।
__________ মানে?
প্ৰান্তিক__________ মই তোমাৰ মাৰ লগত কথা পাতিলো।মোৰ মা দেউতাৰ একো আপত্তি নাই আৰু তোমাৰ মাৰ দেউতাৰো একো আপত্তি নাই।কেৱল তোমাৰ মতামত লাগিব।তুমি যদি ৰাজী আছা তেতিয়া এতিয়াই আঙুঠি পিন্ধাই যাওঁ। তোমাৰ পঢ়া শেষ হোৱা পাছত লাহে ধীৰে বিয়াৰ কথা ভাবিম।

কথাটো শুনি মনটো ভালেই লাগিছে। হাঁহি টো ওলাই গ'ল মুখত।
প্ৰান্তিক_________হাঁহিবলৈ আহিছে চোৱা তাই।
নাকটো টানি দিলে মোৰ।
__________ ঘৰলৈ আহিবলৈ আজি পিছে কি সাহস হল? আৰু মাক কি বাণ মাৰিলা বাৰু ঘৰত আজিকালি একো নোকোৱা হ'ল যে মোক, অথনিও তোমাৰ ফালেই কৈছে।
প্ৰান্তিক__________ মোক ভালপাই কাৰণে মোৰ ফালে কৈছে আকৌ।মোক কোনোবাই বেয়া পাব পাৰে নেকি? সবেই ভাল পাই।
_____________ হ'ব সবেই ভাল পালেও মই ভাল নাপাওঁ কাকো।
প্ৰান্তিক___________ সঁচা?
___________ ওম সঁচা
প্ৰান্তিক___________ ঠিক আছে।
মুখ খন ঘূৰাই দিলে ইফালে। মই অলপ জোকাই চালো।

__________ খং নে অভিমান এইয়া?
প্ৰান্তিক___________ নাজানো।
__________ হ'ব মুখখন ফুলাই থাকিব নালাগে এতিয়া।মোৰ পৰা শিকি শিকি? হুহ নকল মাৰিছে মোৰ।
প্ৰান্তিক_________ পোৱালি বেছি হৈছে তোমাৰ।নিজে পিছে ইমান দেৰি খং কৰিলা নে অভিমান?
____________ খং
প্ৰান্তিক___________ হয় জানো? খং হোৱা হ'লে তুমি মোৰ লগত নাহা ইয়ালৈ।
__________ হ'ব।মায়ে ক'লে কাৰণে আহিলো। তাকে কৈ থাকিব নালাগে এতিয়া। 
প্ৰান্তিক____________ পোৱালি এতিয়া আৰু কোনো চিন্তা নাই।মই মোৰ মাক আজিয়েই আঙুঠি পিন্ধোৱা দিন বাৰ ঠিক কৰিবলৈ ক'ম। তাৰ পাছত তুমি মোৰ।

কপালতে চুমা এটা আঁকি সাৱটি ল'লে তেওঁ মোক নিজৰ বুকুৰ মাজত। বহুত দিনৰ মূৰত আজি কুচি- মুচি খাই তেওঁৰ বুকুৰ মাজত মই সোমাই গ'লো। হেৰুৱা মৰম, ভালপোৱা যেন আকৌ ঘূৰি আহিল। এৰি দিছো নিজক তেওঁৰ বাবে। পথাৰৰ মাজত বলা বতাহ জাকে মোৰ চুলিকোচা উৰুৱাই তেওঁৰ গালে মুখে কোবাইছে।বতাহ জাকৰ ভাঁজে ভাঁজে নামি অহা আবেলিটো ধৰি ৰাখিব মন গৈছে। অলপ সময়ৰ বাবে তেওঁৰ মাজত নিজকে সামৰি পুৰণা ভাললগাবোৰ অনুভৱ কৰিছো।

__________ ব'লা যাওঁ এতিয়া ঘৰলৈ।
প্ৰান্তিক_________ ওম ব'লা।
দুয়োটা আহি গাড়ীত বহিলোহি। তেওঁ গাড়ী ষ্টাৰ্ত দিব লৈ আকৌ ৰৈ দিলে।
_________ কি হ'ল ?
প্ৰান্তিক___________ কিবা এটা খালি খালি লাগিছে।
__________ কি?
তেওঁ নিজৰ গাল খনলৈ ইংগিত দি দিছে।বুজি পালো মই। হাঁহি উঠি গ'ল মোৰ। লাহেকৈ তেওঁক গালত চুমা এটা দি আঁতৰি আহিলো।
___________ ব'লা এতিয়া।
মিচিককৈ হাঁহি এটা মাৰি আকৌ ৰৈ দিলে তেওঁ 
__________ আকৌ কি থাকি গল এতিয়া?
প্ৰান্তিক___________ কিবা এটা ভাল লগা নাই।
____________ উফ ৰাম!
প্ৰান্তিক_____________ তুমি তুমি বুলি ক'ল কিবা ভাল নালাগে। মোক আগৰ পোৱালি জনীয়ে কেনেকৈ মাতে বাৰু?
___________ তুমি কি বিচৰা? আপুনি নে তুমি?
প্ৰান্তিক____________ আগতে কি বুলি কোৱা?
___________ ঠিক আছে প্ৰভু আপুনি বুলিয়েই ক'ম। ব'লক এতিয়া।
যাবলৈ ল'লো আমি। বহুত দিনৰ মূৰত সকলোবোৰ যেন আগৰ নিচিনা হৈ হৈছে। চিনি পালো প্ৰান্তিকক।বুজি উঠিলো প্ৰান্তিকৰ মোৰ প্ৰতি থকা মৰম,ভালপোৱা।নাজানো প্ৰান্তিকক মই কি দিব পাৰিছো,কিমান সুখত ৰাখিব পাৰিছো কিন্তু আজি এই আবেলি টোক সাক্ষী কৰি মই নিজকে তেওঁৰ বাবে উচৰ্গা কৰিছো। তেওঁৰ প্ৰতিটো দুখ,প্ৰতিটো সমস্যা মই মূৰ পাতি ল'ম। কালে নটনালৈকে মই তেওঁৰ হৈ ৰ'ম। প্ৰান্তিকৰ নিস্বাৰ্থ ভালপোৱাই আজি প্ৰমাণ কৰালে।সকলো ল'ৰাই প্ৰান্তিক নহয়,সকলো ভাল পোৱাই প্রতাৰিত নহয়। প্ৰান্তিকৰ আগমনে মোক জীয়াই থকাৰ তাড়না অধিক কৰি পেলালে।।মই ভবাৰ নিচিনা প্ৰান্তিক নহয়।হয়টো মোৰ ভাগ্য প্ৰান্তিকৰ নিচিনা জীৱন লগৰী পাই। অন্যৰ লগত তেওঁক কেতিয়াও তুলনা নকৰোঁ। তেওঁ দায়িত্ব কি বুজে। সেইকাৰণে হয়টো মোৰ সুখ দুখ সকলো সময়তে তেওঁ মোৰ ছাঁ হৈ ৰয়।প্ৰেয়সীৰ মৃত্যু মোৰ বাবে হয়টো আশীৰ্বাদ হৈ আহিল।সেইকাৰণে প্ৰান্তিকৰ নিচিনা প্ৰেমিক মোৰ জীৱনলৈ আহিল।
__________ ধন্যবাদ প্ৰেয়সী।তুমি য'তেই আছা শান্তিত থাকা। পুনৰ জনম পালে তুমি তোমাৰ ভালপোৱাৰ আকৌ এবাৰ মুখা মুখি হ'বা।
মনে মনে নেদেখা জনক প্ৰাৰ্থনা জনালো।জীৱনৰ পাতত সজীৱ কৰি ৰাখিম আজিৰ এই আবেলিতো।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)