আৰোহণ~অণুগল্প-অৰুণিমা ভট্টাচাৰ্য্য

Rinku Rajowar
0
"ইয়াত কি কৰিছ?"
নৰেন খুৰাৰ কৌতূহল মিহলি প্ৰশ্নটোৰ উত্তৰ দিব লৈ মই অলপ ৰ'লো। মোৰ হাতত থকা ম'বাইল ফোনটোলৈ এইবাৰ তেওঁ জুমি চালে।
 "এই আওহতীয়া ঠাই টুকুৰা তহঁতৰ কাৰণে ভাল নহয়...বুজিছ নহয়?"
  "পিতাই আহিছে লগত।" মই লাহেকৈ ক'লো।
 দুঘন্টীয়া অনলাইন ক্লাছটোৰ বাবে গাঁৱৰ ক'তো ম'বাইল নেটৱৰ্ক নোপোৱা দেখি পাহাৰৰ টিলাটোলৈ উঠি অহাৰ প্ৰস্তাৱটো ময়ে পিতাইক  দিছিলোঁ।
                                
🖋️অৰুণিমা ভট্টাচাৰ্য্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)