সোঁৱৰণিৰ আন এখিলা পাত

©Admin
0
তোমাৰ মনত আছে নে প্ৰিয়া
আমি যিদিনা প্ৰথমবাৰৰ বাবে মিলিছিলো ?
পাঞ্জাব টেকনল'জী কম্পিউটাৰ চেন্টাৰত ।
মই কম্পিউটাৰ শিক্ষকৰ প্ৰশিক্ষণ লৈছিলো তোমাৰ পৰা।
তুমি আছিলা পঞ্জাৱ চ'নী কৰি
জিন্স পৰিহীতা খোলা চুলিৰ তুমি আছিলা অপূৰ্ব সুন্দৰী ছোৱালী।
মই আছিলো দুটা সন্তানৰ মাতৃ।
যদিও মই মাতৃ মই সাহসী সৈনিক পত্নী ।
নিজে শিক্ষকতা কৰিও আজৰি পৰত 
শিকিছিলো 
তোমাৰ পৰা অফুৰন্ত শক্তি আৰু সাহসেৰে 
টেকনল'জিৰ ইটো সিটো জ্ঞান 
কাৰণ তুমি নক্ষত্ৰৰ দৰে উজ্বল।

তোমাৰ মনত আছেনে নতুন বছৰত 
তুমি মই মণিকা দীপিকা 
সকলোৱে ৰুমাল ডেঞ্চ কৰিছিলো 
তম্বুলা খেলিছিলো 
ক'ল্ড কফি খাইছিলো।
আজিও বৰ ভাল লাগে জানা 
সেই দিনবোৰ মনত পেলায়।
এতিয়া জানা,
 ইহঁত দুটাও ডেকা হ'ল 
লাহে লাহে আমিও দেখোন 
বহু আগুৱাই আহিলো জীৱনৰ দৌৰত।
তথাপি আমি ইমান দূৰত থাকিও 
আজিও আগৰ দৰে আছোঁ 
খিলখিলাই হাঁহিছো, কথা পাতিছো

মৰম বোৰ জীয়াই ৰাখিছোঁ 
সতেজ ফুলৰ দৰে ।
নহয়নে মালৱিকা?

✍️ৰিজু মণি দেৱী 
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)