এজাক বৰষুণৰ অপেক্ষাত-দ্বিতীয় অধ্যায় ( খণ্ড-৩৩) পূৰ্ণিমা হালৈ

ঘৰ পালোহি।আগে আগে মই পাছে পাছে প্ৰান্তিক। গেটৰ ওচৰতে দেউতা ৰৈ আছে।
" আহিলা ডেকা ল'ৰা।
প্ৰান্তিক_________ হয় খুৰা আহিলো।
" ওম মোক এও‌ঁ সকলো কথাই ক'লে।শুনি ভাল পাইছো বাৰু।
তেওঁ লাহেকৈ হাঁহি এটা মাৰি মোৰ ফালে চাই দিলে। তেনেতে ভিতৰৰ পৰা মা ওলাই আহিল।
" আহিলা তোমালোক। আপুনিও যে আৰু।ভিতৰলৈ মাতিব পৰা নাই।বাহিৰতে ৰখাই কথা পাতিছে।"
মায়ে দেউতাৰ ফালে ঘোপাকৈ চাই ভিতৰলৈ মাতি লৈ গ'ল।
" তুমি হাত মুখ কেইটা ধুই লোৱা।মই লুচি ভাজি বনাইছোঁ।"
প্ৰান্তিক_________ ওম হ'ব।

তেওঁক গামোচা এখন দি মই বাথৰূম টো দেখুৱাই দিলো।আজি দিনটোৰ কথা মই হয়টো কেতিয়াও পাহৰিব নোৱাৰিম। ভাল লাগিছে আজি।কিমান সুখী আজি মই বুজাব নোৱাৰিম। মা দেউতাই মানি লব বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলো।হয়টো এইয়া সময়ৰ ফল। এটা সময়ত মা দেউতাক বোৰ লৰা ছোৱালীৰ বন্ধুৰ দৰে হৈ পৰে।

" জীউ ক'ত আছ"? এইফালে আহ।"
মায়ে মতা শুনি ওলাই গ'লো। প্ৰান্তিকে হাত মুখ ধুই ইতিমধ্যে খোৱাৰ টেবুলত বহিলে। দেউতাও আহিলে। দুই জনে কথা পাতি পাতি খাবলৈ ল'লে।
" জীউ তইয়ো খাই ল" নহলে"
_______মই এতিয়া নাখাওঁ মা পাছত খাম।
প্ৰান্তিকলৈ চালো।হাঁহি হাঁহি দেউতাৰ লগত কথা পতাত ব্যস্ত। কিমান দিনৰ পৰা এনেকৈয়ে সকলোৰে মুখত হাঁহি এটা চাবলৈ ৰৈ আছিলো।

" প্ৰান্তিক কিবা লাগিলে ক'বা। হঠাতে গুছি আহিলা আৰু একো গোটাবলৈকে নহ'লেই।"
প্ৰান্তিক________ ওম হ'ব হ'ব খুৰী একো নাই।মই লুচি ভাজি খাই এনেও ভালেই পাওঁ।
" দিয়া দিয়া তেওঁক আৰু এখন লুচি দিয়া"
দেউতাই কলে এইবাৰ ।
প্ৰান্তিক___________ নালাগে নালাগে হ'ব। পেট ভৰি গৈছে।

হাঁহি ও উঠিছে মোৰ মাজে মাজে।

কথা বতৰাৰ মাজেৰে খাই বৈ হৈ যোৱাৰ পাছত প্ৰান্তিক যাবলৈ ওলাল। মা দেউতাৰ লগত তেওঁ আহি আগফালে ৰৈ আছে।মই ভিতৰৰ পৰা বিহুত তেওঁলৈ আনি থোৱা গামোচা খন আৰু চাৰ্টটো উলিয়াই আনিলো।
প্ৰান্তিক___________ যাওঁ গৈ তেতিয়া হলে। মই মা- দেউতাৰ লগত আজি কথা পাতি আপোনালোকক জনাম বাৰু।
" ওম হব বেছি লৰা লৰি কৰিব নালাগে। আমাৰো সুবিধা হওঁক তোমালোকৰো সুবিধা অনুসৰি কাম বোৰ হওঁক। সেইটোৱে আৰু।"

দেউতাৰ মুখত এনেদৰে কথা শুনিবলৈ পাই মোৰ বৰ ভাল লাগিল।
তেওঁ মা দেউতাক ভৰিত ধৰি সেৱা কৰিব লৈছে।
" এই এইবোৰ কি কৰিছা? নালাগে নালাগে ভৰিত ধৰিব।" আমাৰ আশীৰ্বাদ সদাই আছে।"
মায়ে কথাটো কৈ অলপ পিছুৱাই আহিল।
প্ৰান্তিক__________ ঠিক আছে আহিছো তেতিয়া হলে। পোৱালী! যাওঁ।

অ" শেষ দেউতাৰ মুখৰ আগটো এইবাৰ পোৱালী বুলি ক'লে। বৰ লাজ পাইছো আজি।চকু কেইটা ডাঙৰ কৰি তেওঁলৈ খঙত চাই দেখুৱালো। তেওঁ বুজি পাই হাঁহি এটা মাৰি যাবলৈ ললে। মা- দেউতা সেইখিনিতে ৰৈয়ে আছে।মই অলপ আগলৈ গৈ তেওঁ গাড়ী খন ঘূৰাই লোৱালৈ ৰৈ দি বস্তু কেইটা দি দিব ল'লো।
প্ৰান্তিক___________ এইবোৰ কি আকৌ।বেয়া পাম কৈ দিছোঁ।নালাগে মোক একো এতিয়া।
____________ বিহুতে লৈ থৈছিলো।আপুনি আহিব বুলি। কিন্তু নাহিলে যে এতিয়া সেইকাৰণে লৈ যাওঁক।নহলে কথা বেয়া হ'ব।

গহীনত কথা টো ক'লো যদিও হাঁহি উঠি গ'ল মোৰ।

প্ৰান্তিক__________ দম দিছা?
___________ ওম দম দিছোঁ।
প্ৰান্তিক___________ চাওঁ অলপ হাঁহি দিয়া চোন।
____________ কিনো। ল'ব নে নলয়?
প্ৰান্তিক___________ কোনোবাই দম দিছে।মই আৰু নোলোৱাকৈ থাকিব পাৰোঁ নে? নহলে মোক কি কৰিব ঠিক নাই।
_________ দম নাই দিয়া। মৰমত কৈছোঁ।
প্ৰান্তিক___________ ৱাঃ পোৱালী।
__________ অা.... হ'ব বহুত লাজ পাইছো আজি। মা- দেউতাৰ আগতে পোৱালী বুলি কোৱা দিম আজি।ঘৰলৈ গৈ লওক আপুনি।
প্ৰান্তিক___________ বাৰু হ'ব। এনেও লাজ কৰিলে তোমাক বৰ বেয়া নালাগে। ধুনীয়াই লাগে।

চিকুটি দিলো।
___________ সুৰ লগাই কথা ক'ব কেতিয়াৰ পৰা শিকিলে?
প্ৰান্তিক___________ যেতিয়া তোমাক লগ পালো।
___________ হুহ....
___________ অ মই কথা এটা পাহৰিছিলোৱেই। আপুনি থাকোতেই নয়নক মাতি সি এইবোৰ কিয় কৰিছিল কথাবোৰ ভাল কৈ সুধি লব পাৰিলো হেঁতেন।
প্ৰান্তিক___________ নালাগে দিয়া আকৌ নলগা জেঙত সোমাব নালাগে। এতিয়া মই আছো নহয় একো নহয়।
___________ হ'লেও মই দেউতাক তাৰ ওচৰলৈ পঠাই শেষ বাৰৰ কাৰণে সকিয়নি দি আহিবলৈ কম।
প্ৰান্তিক__________ ওম..... তোমাৰ মা- দেউতাক আজি লগ পাই বহুত ভাল লাগিল। 
_________ ওম...... হ'ব এতিয়া আন্ধাৰ হোৱাৰ আগত সোনকালে ঘৰলৈ যাওঁক।গৈ পাই ফোন কৰিব।
প্ৰান্তিক__________ ঠিক আছে পোৱালী bye।

গাড়ী start দিলে।মই সেইখিনি তে ৰৈ তেওঁক নেদেখা পৰ্যন্ত চাই আছো। অলপ পাছত ভিতৰলৈ সোমাই আহিলো। মা- দেউতাই কিবা কথা পাতি আছে। মইয়ো গৈ মাহঁতৰ ওচৰতে বহিলোগৈ।
দেউতা______" ল'ৰা টো সঁচাকৈ বৰ ভাল। কথাই মন জিনিব পাৰে। ইমান ভাল আচাৰ ব্যৱহাৰ। আজিৰ যুগতো এনেকুৱা ল'ৰা পোৱাটো ভাগ্যৰ কথা।"

দেউতাৰ মুখত প্ৰান্তিকৰ প্ৰশংসা মই মনে মনে শুনি আছো।
মা__________ তাকেই ইমান সাহস গোটেই তেওঁ যে অকলে ছোৱালীৰ ঘৰলৈ আহি নিজেই কথাবোৰ ক'বলৈ পাৰিলে।বহুত ভাল ল'ৰা।আমাৰ জীউক তেওঁ বৰ সুখত ৰাখিব। মানুহৰ দুখ -সুখ খুউব বুজি পাই।ইমান দিনৰ পাছতো যে তেওঁ জীউক এৰি নিদি লগতে থাকিলে। খুব কমেই হে এনেকুৱা ল'ৰা পোৱা যায়। ভালেই হ'ল। এজনী ছোৱালী,এটা জোঁৱাই আমাৰো বহুত মৰমৰ হ'ব। প্ৰান্তিক নিজৰ ল'ৰা নিচিনাই হল এতিয়া।

মই যেন সপোন দেখি আছো।মা -দেউতাৰ মুখত এনেকুৱা কথা শুনিম বুলি কেতিয়াও ভবাই নাছিলো।

মা___________ আৰু পাখিক মই নিজৰ ছোৱালীৰ দৰে ভাবিছিলো। বৰ্ষাৰ দৰে তাইকো মৰম কৰিছিলো।ইমান ভাল ছোৱালী বুলি ভাবিছিলো কিন্তু তাই এজনী ছোৱালী হৈ আন এজনী ছোৱালীৰ লগত এনেকুৱা কৰিবলৈ যে বেয়া নালাগিল। তাকো তোৰ লগত?
___________ বাদ দিয়া মা। যোৱা কথা গুছি গল। তাকে ভাবি এতিয়া সময় নষ্ট নকৰোঁ। 

কথাটো কৈ সেইখিনিৰ পৰা উঠি আহি বৰ্ষা লৈ ফোন লগালোঁ।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send