জীৱনৰ আবেলি- হিৰণ্য চেতিয়া গগৈ

আইয়ে কৈছে 
এতিয়া জীৱনৰ আবেলি বেলা 
সুন্দৰ ঘৰ খনৰ মূধৰ খুটা ভাগিছে
আইয়ে শালিকি পুৱা সপোনত দেখিছে 
গোঁসাই ঘৰত বন্তি গছা ভাগিছে
সুখ দুখৰ সপোন বাস্তৱ হোৱা আলয় থান বান হল।
এতিয়া জীৱনৰ আবেলি বেলা 
বৰগছ জোপা হাউলি পৰিল।
চনপৰা মাটি বিধুৱা হ'ল ।
আইয়ে কৈছে 
এটা সময়ত সিংহৰ দৰে গুজৰিগুমৰি থকা 
ঘৰৰ বৰ ভেটি গঢ়া বৰ মানুহ জন
নৰিয়াপাটিৰ সঙ্গী হৈ
কেঁকাই কেঁকাই অস্পষ্ট ভাষাৰে কিবা কৈছে 
শেঁতেলীত কিবা বিচাৰিছে।
শিতানলৈ বাৰে বাৰে চাই
আইয়ে বুজি নেপাই 
চকুলো টুকিছে ।
হয়তো মৰমৰ এষাৰি মাত বিচাৰি
কলিজাতো চুব বিচাৰে
অকণমান মৰমৰ অপেক্ষাত
হিচাব কৰিছে জীৱনৰ পোৱা নোপোৱা খিনি।
কেতিয়াবা আবোল তাবোল বকি
নিজেই পৰিৱেশ অশান্ত কৰি
হিয়া ভাঙি কান্দিছে।
জীৱনৰ শেষ সন্ধ্যাত
ছাঁ পোহৰৰ খেলা খেলি 
আইয়ে পিতাৰ মুখলৈ চাই আছে
নিৰৱে চাই আছে 
আইয়ে কৈছে 
লহিওয়া বেলি গধূলিৰ কথা
দুৱাৰখন খুলি ৰাখিছে
এজাক মৃদু মলয়া আহি
দেহাটো শাঁত পেলাই যাব। 
আইয়ে কৈছে 
হাউলি পৰা বৰগছ জোপাৰ
পাতবোৰ সৰসৰাই সৰিছে।
সঁচাকৈয়ে জীৱনৰ আবেলি বেলাত 
এজাক কুৰুৱা ধুমুহাই তচ নছ কৰি যায় ।

✍️হিৰণ্য চেতিয়া গগৈ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send