নিয়ৰ
তুমি মুকুতাৰ মালা,
টোপটোপ শব্দত মই আপোনভোলা ।
দুপাখি মেলি উৰি আঁহা ধৰাৰ বুকুলৈ
সপোন ৰচিবলৈ,
ৰংচঙীয়া মন তোমাতে বিভোৰ ।
দুপৰ নিশা নাৰিকলৰ ছিৰিলি পাতৰ স'তে
টুপুৰ টুপুৰ;
দূবৰিৰ পৰা বুটলি দুচকু তিয়াওঁ
কিজানিবা অলপ আমেজ পাওঁ।
কাগজৰ পৃষ্ঠাই পৃষ্ঠাই তোমাক পাওঁ শৰতৰ মেলাত।
কুঁৱলীৰ স'তে মিলি শীতৰ ৰ'দালি আগছি
কোমল ৰ'দালি বাৰে বাৰে হেৰুৱাওঁ।
শীতৰ নিশা তোমাৰ স'তে যুঁজ
নিয়ৰ,
শুভ্ৰ শেৱালিৰ সুগন্ধি সানি
ৰিব্ ৰিব্ মলয়াৰ নাচোনৰ পৰশ লাগি
সাৰ পাই উঠে সৰাপাত।
✍️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ