ভুল ~ অণুগল্প - ঊষাৰাণী দেৱী



আজি দুৰ্গা দেৱীৰ ষষ্ঠী পূজা ৷ঘৰৰ ওচৰতে থকা পূজা মণ্ডপত উখল-মাখল লাগিছে ৷ডাঙৰৰ পৰা সৰুলৈকে চুবুৰীটোৰ সকলোৱে মিলি মা দেৱী দূৰ্গাৰ মূৰ্তি আনিবলৈ যাব ৷
         প্ৰত্যেক বছৰৰ দৰে এইবাৰো কুহেলিয়ে
পুৱাতেই উঠি গা-পা ধুই সাজি-কাচি ওলাইছে৷হঠাৎ আইনাখনলৈ চাই তাইৰ মনটো একেবাৰে সেমেকি গ’ল ৷চকুৰ পানীয়ে তাইৰ দুগালৰ মেকআপ্‌ নষ্ট কৰি পেলালে ৷
          আজিৰ পৰা প্ৰায় বিশ বছৰৰ আগতে কৰা এটি ভুলে তাইৰ জীৱনটোক একেবাৰে সলনি কৰি পেলালে ৷তাই অনুতপ্ত হ’ল যদিও সংশোধন কৰিব নোৱাৰা সেই ভুলৰ বাবে নিজকে খুব দোষী অনুভৱ কৰিলে ৷

✍️ঊষাৰাণী দেৱী
গোলাঘাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send