শাৰদীয় দূৰ্গা পূজা ~ প্ৰবন্ধ - পঙ্কজ ৰবিদাস

©Admin
0
“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা নমস্তসৈ নমস্তসৈ নমস্তসৈ নমোঃ নমঃ" ভাৰতবৰ্ষত মাতৃ পূজাৰ প্ৰচলন সুপ্ৰাচীন। ভাৰতৰ সৰ্বপ্ৰাচীন গ্ৰন্থ বেদটো মাতৃদেৱীৰ আৰাধনাৰ স্তূতি পোৱা যায়। বৈদিক যুগত বৈদিক ধৰ্মমতত নচলা বহু মানুহে মাতৃদেৱীৰ পূজা কৰিছিল। কালক্ৰমত তান্ত্ৰিক ধৰ্মৰ সৃষ্টি হ'ল।এই ধৰ্মমতত দেৱীয়েই তিনি জগতৰ মহাশক্তি।এই শক্তি দেৱীৰ আন আন ৰূপৰ ভিতৰত দশভূজধাৰী দুৰ্গা ৰূপৰ পূজা পূব ভাৰতত বেছি জনপ্ৰিয়। অসমৰ জনজাতি সকলৰ অধিক সংখ্যকে দেৱী উপাসনা কৰে।ভিন ভিন জাতিয়ে নিজা বিধি অনুযায়ী জীৱ, জন্তু, চৰাই আদি দেৱীৰ নামত বলি দি পূজা দিয়ে। ‌ শাস্ত্ৰকাৰসকলৰ মতে দুৰ্গতিনাশিনী দূৰ্গাৰ পূজা প্ৰথমে ৰজা সুৰথে কৰিছিল।মেধস মহামুনিৰ উপদেশমৰ্মে কৰুণাময়ী দেৱীৰ কৰুণা ভিক্ষা মাগি মহাৰাজ সুৰথে বসন্ত কালৰ চ’ত মাহত শুক্লাষ্টমী আৰু নৱমী তিথিত মাটিৰ প্ৰতিমা সজাই ধৰিত্ৰীত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পূজা কৰিছিল। বসন্ত কালত এই পূজা অনুষ্ঠিত কৰা হৈছিল বাবেই দেৱীৰ আন নাম বাসন্তী আৰু বসন্ত কালত উদযাপিত এই পূজা বাসন্তী পূজা। বাসন্তী পূজা কালবোধিত পূজা। এই পূজাত দেৱীৰ বোধন আৱশ্যক নহয়। কিন্তু শাৰদীয় দূৰ্গা পূজাত দেৱীৰ বোধন কৰা হয় আৰু শৰৎকালত এই পূজা পোনপ্ৰথমে অকালবোধনেৰে ভগৱান শ্ৰী ৰামচন্দ্ৰই ৰাৱণ বধৰ বাবে কৰিবলগীয়া হৈছিল। অৱশ্যে এই তথ্য মূল বাল্মিকীৰ ৰামায়ণত নাই বুলি জনা যায়। যি কি নহওঁক বৰ্তমান অযোধ্যাৰ ৰজা পুৰুষোত্তম ৰামচন্দ্ৰৰ অনুকৰণত শৰৎকালত এই পূজা জাক-জমকতাৰে পতা হয়। অপ্ৰিয় হ'লেও সত্য যে এই পূজাসমূহত আধ্যাত্মিকতাৰ সলনি আকৰ্ষণীয় পূজা মণ্ডপ আৰু মেলাৰ বাবেই অত্যধিক জনসমাগম পৰিলক্ষিত হয়। এই মেলামুখী উৎসৱৰ বাবেই ব্যৱসায়িসকলেও ঋতুকালীনভাৱে এটা লাভজনক ব্যৱসায় কৰিবলৈ সুযোগ লাভ কৰে। অৱশ্যে এইবাৰ ক’ভিড মহামাৰীৰ বাবে এই সকলো বিলাকত চেঁচাপানী পৰিল।এই শাৰদীয় পূজাৰ উপৰিও কিছু সংখ্যকে এতিয়াও অনুষ্টুপীয়াকৈ হ'লেও বসন্ত কালত নিৰ্দিষ্ট দিনা নীতি নিয়মেৰে দেৱী দূৰ্গাক পূজা উপাসনা কৰে। শাৰদীয় দূৰ্গা পূজাত দূৰ্গাৰ ৰূপ হ'ল মহিষমৰ্দিনী। কালী, কপালী, চণ্ডী, কামাখ্যা, পাৰ্বতী, দূৰ্গা আদি দেৱীৰ অসংখ্য নাম। চণ্ডী পুথি মতে ধৰ্মৰ পতন আৰু পৃথিৱীত আসুৰিক শক্তিৰ আৰম্ভ হলে মদমত্ত অসুৰবিলাকক ধ্বংস কৰি দুৰ্গতসকলৰ দুৰ্গতি নাশ কৰিবলৈ দেৱীৰ বাৰম্বাৰ আবিৰ্ভাৱ হৈছে। আগতে দেৱী দূৰ্গাক কৃষিৰ দেৱতা ৰূপে জ্ঞান কৰি বৃক্ষৰূপে পুজিছিল। বৰ্তমান সময়তো দূৰ্গা পূজাত দূৰ্গা প্ৰতিমাৰ কাষত সোঁফালে নৱপত্ৰিকা স্থাপন কৰা থাকে। অতীতত অসমত মাটিৰ প্ৰতিমাৰ পূজাৰ প্ৰচলন নাছিল। পিছলৈ কোঁচ ৰজা সকলৰ আৰ্হিত আহোম ৰজাৰ ৰাজত্ব কালত মাটিৰ দুৰ্গা প্ৰতিমাৰ পূজাৰ ব্যাপক হাৰত প্ৰচলন হ'ল। মাৰ্কণ্ডেয় চণ্ডীত দেৱী দূৰ্গাৰ জন্ম কাহিনী বৰ্ণিত হৈছে। এই মতে এবাৰ মহাপৰাক্ৰমী মহিষাসুৰৰ হাতত লাঞ্চিত স্বৰ্গৰ দেৱগণে দেৱৰাজ ইন্দ্ৰৰ সৈতে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ শৰণাপন্ন হয়। ব্ৰহ্মাই দেৱগণক জগতস্বামী বিষ্ণুৰ ওচৰলৈ লৈ গ'ল। ব্ৰহ্মাৰ মুখে মহিষাসুৰৰ অত্যাচাৰৰ কথা শুনি বিষ্ণু লোকৰ উপস্থিত থকা কৈলাশপতি দেৱাদিদেৱ ক্ৰোধিত হ'ল।দেৱগণৰ দূৰ্গতি শুনি ত্ৰিদেৱৰ ক্ৰোধত তেওঁ লোকৰ মুখৰপৰা তীব্ৰ জ্যোতি নিৰ্গত  ধৰিলে। তিনিৰো ক্ৰোধাগ্নিৰ সন্মিলনত সৃষ্ট জলন্ত অগ্নিপিণ্ডতেই দেৱী দূৰ্গাৰ সৃষ্টি হৈছিল। দেৱতাসকলে আনন্দিত হৈ নিজ নিজ অস্ত্ৰ শস্ত্ৰ দেৱী দূৰ্গাক প্ৰদান কৰি মহিষাসুৰক নিধন কৰিবলৈ অনুৰোধ কৰিলে। দেৱী আৰু মহিষৰ মাজত তয়াময়া ৰণ লাগিল আৰু অৱশেষত মহিষাসুৰ নিধন হোৱাৰ পিছত দেৱতা সকলে হৃত ৰাজ্য ঘূৰাই পালে। আজিও মাৰ্কেণ্ডেয় চণ্ডী পুথিত বৰ্ণিত এই জন্ম কাহিনীকে শাক্ত পন্থাৰ লোকসকলে বিশ্বাস কৰে আৰু সমাজৰ, দেশৰ মঙ্গলাৰ্থে অশুভ শক্তিৰূপী অসুৰ বিলাকক বিনাশ কৰি শুভশক্তিৰ বিজয় পতাকা উৰুৱাবলৈ দেৱীৰ বাৰম্বাৰ আবিৰ্ভাৱ হোৱাটো সকলোৱে কামনা কৰে।

✍️পঙ্কজ ৰবিদাস
ৰঙামাটি, দেৰগাঁও, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)