সকলো আপোন যত নৰ নাৰী - হেমেন হাজৰিকা

©Admin
0

   যদি আমি একে ঈশ্বৰৰে সন্তান , তেন্তে আমাৰ মাজত সম্পৰ্ক কি ? সেয়া তেজেৰে গঢ়াই হওক অথবা আন কিবা | এটা কবিতাত পঢ়িছিলো , কবিতা আৰু কবিৰ নাম মনত নাথাকিলেও কবিতাৰ শাৰি কেইটা পাহৰিব নোৱাৰাকৈ মনত থাকি গ'ল |
   “সকলো আপোন 
   যত নৰ-নাৰী
  কাকনো বুলিম পৰ
  পৰম পিতাৰ সকলো সন্তান
  পৃথিৱী আমাৰ ঘৰ |”
  তেতিয়াহ'লে আমি বাৰু তেনেদৰে চলিব পাৰিছোনে ? নিশ্চয় পৰা নাই | এতিয়া আমিয়েই আমাৰ ঘাই শতৰু | আমিয়েই আমাক দেখিব নোৱাৰো | আত্মীয়ই হওক অথবা অনাত্মীয় তেওঁলোকৰ উন্নতি দেখিলে আমাৰ চকুৰ পুৰণি উঠে | আমাৰ ঈৰ্ষা হয় | কেনেকৈ তাক দমন কৰিব পাৰো তাৰ চিন্তাত আমাৰ টোপনি নহা হয় | নিতৌ হিংসাৰ কৌশলৰ পৰিবৰ্তন হ'বলৈ ধৰিছে | ৰাষ্টায়ে ঘাটে আমাৰ মা-বাইদেউ , ভণ্টীহঁতে আগৰ দৰে ডিঙি শুৱনি কৰি উছব পাৰ্বণেই হওঁক অথবা এনেয়েও নিৰ্ভয়ে ডিঙিত সোণৰ অলংকাৰ পিন্ধি ওলোৱা সোমোৱা কৰিব নোৱাৰা হ'ল | ঠাপ মাৰি ডিঙিৰ পৰা চেইন লৈ যোৱা হ'ল , নাম পালে চিলনী চোৰ | হাতত মোবাইল লৈ হাটে বজাৰে যাব নোৱাৰা হ'ল , সেই একেই পদ্ধতিৰে ঠাপ মাৰি লৈ যোৱা হ'ল | সেইটো চিন্তা নকৰে যে কিমান কষ্টৰে সেইজন ব্যক্তি বা ছোৱালী বা বোৱাৰীজনীয়ে বস্তুপদ লৈছিল | তেতিয়াহ'লে পৰস্পৰে আপোন হ'লো কেনেকৈ ? আগৰ সময়বোৰ তেনে নাছিল , কিমান আত্মীয়তা আছিল , সহৃদয়তা আছিল , আনৰ দুখত চকুলো টুকিছিল ৷ এতিয়া আকৌ আনক দুখ দিহে আনন্দ লভা হ'ল | তেতিয়াহ'লে আমি বাৰু পৰস্পৰে আপোন নে ? কেনেকৈ আমাৰ অন্তৰৰ পৰা মৰম , দয়া , ক্ষমা , সহৃদয়তা হেৰুৱাই পেলালো | জীৱনৰ কষ্ট , ত্যাগ , স্বীকাৰ কৰি উপাৰ্জন কৰা টকা অৱসৰ প্ৰাপ্ত মানুহজনে বেংকৰ পৰা উলিয়াই আনোতে নানা কৌশল কৰি কাঢ়িবলৈ যোৱাটো আমাৰ বাৰু সেয়া কেনে মানৱতা ?তেওঁ পাব পৰা আঘাত , কষ্ট , দুখ , বেদনাৰ কথা চিন্তা কৰিব কিয় নোৱাৰো ?কিজানি সেই টকাখিনি মানুহজনে জীয়েকৰ বিয়াৰ বাবে খৰছ কৰিবলৈ যোগাৰ কৰিছিল ! ইয়াৰ পিছত সেইলোকজনৰ , সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব আমি বাৰু মানৱীয়তাৰ দৃষ্টিৰে কিয় চাব নোৱাৰা হ'লো ? তেন্তে কবিয়ে কোৱাৰ দৰে সকলো আপোন যত নৰ নাৰী হয়নে বাৰু আমি ?? 
   যাক আমি যুগ যুগান্তৰৰ পৰা আজিৰ দিনটোলৈ নাৰীক বিভিন্ন ৰূপত পূজা কৰি আহিছো , দুৰ্গা , কালী , লক্ষ্মী , সৰস্বত্বী আদি নামেৰে ধূপ , দীপ জ্বলাওঁ নৈবেদ্য আগবঢ়াও শংখ ঘণ্টা বজাওঁ আৰু সেইজনী নাৰীকেই কেৰাচিন তেল ঢালি জ্বলাই দিওঁ | অলেখ অবৰ্ণনীয় নিৰ্যাতন দিওঁ যাক কৈ শেষ কৰিব নোৱাৰো | সেয়া বাৰু কেনে মানৱতা ? আনৰ ছোৱালীজনীক বোৱাৰী কৰি আনি নিৰ্যাতন দি মানসিক সন্তুষ্টি লভো , কিন্তু যেতিয়া নিজৰ ছোৱালীজনীক সেই নিৰ্যাতন আনে দিয়ে তেতিয়া আমি আন্দোলন কৰো , হৰতাল কৰো , ধৰ্ণা দিওঁ , দোষীৰ শাস্তি দাবী কৰো | 
   ইয়াৰোপৰি সমগ্ৰ দেশ কঁপাই যোৱা গণধৰ্ষণ কৰি হত্যা কৰা ছোৱালীজনী , বোৱাৰীজনী , আমাৰ নিজৰ বুলি কিয় ভাবিব নোৱাৰো ? তাৰোপৰি সেই পাষণ্ডবোৰক বচাবলৈ এচামে সিহঁতৰ পক্ষত থিয় হয় | কেৱল অৰ্থ | তাৰ বিনিময়ত সকলো জলাঞ্জলি দিয়া আমাৰ সেয়া কেনে সহৃদয়তা , কেনে মানৱতা | এনে অলেখ উদাহৰণ | তেন্তে আমি কেতিয়াকৈ ক'ব পাৰিম সকলো আপোন যত নৰ নাৰী.....

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)