নাৰী কাৰোবাৰ ভন্টি,কন্যা পিছত গৈ কাৰোবাৰ পত্নী,বোৱাৰী,তাৰ পিছত মাতৃৰ সুখত গোটেই পৰিয়ালক সুখী কৰে।।।কিন্তু তেওঁলোকৰ যাত্ৰা ইমানতে শেষ নহয় পিছত তেওঁলোকৰ ত্যাগ তেওঁলোকৰ বলিদান পৰিয়ালৰ বাবে সমাজৰ বাবে দেশৰ বাবে সদায় সাজু থাকে।।
তাৰ সলনি আমি তেওঁক কি দিওঁ,যাক আমি সন্মান কৰিব লগে তেওঁক নিৰ্যাতন,ধৰ্ষণ,তেওঁলোকৰ গৰিমাৰ লগত তেওঁলোকৰ অভিমানৰ লগত খেলা হয়।(অপ্ৰিয় কিন্তু সত্য কথা)।আজি মোৰ লাজ লগিছে ক'বলৈ আমাৰ সমাজত মূৰ উঠাই মহিলা সকলে কথা ক'বলৈ ভয় কৰে কিজানি নিশাৰ আন্ধাৰৰ সুযোগ লৈ তেওঁৰ গৌৰৱক হাত দিয়েহি।।
কিয় হৈছে এইবোৰ কি ইয়াৰ কোনো শেষ নাই।।আমি সকলোৱে পঢ়িছিলোঁ বা শুনিছিলোঁ মহাভাৰতত দৌপদীৰ বস্ত্ৰহৰণ হৈছিল আৰু পাণ্ডৱ উপায়হীন হৈ ৰৈ আছিল,ঠিক একেদৰে আজিও নাৰীৰ বস্ত্ৰহৰণ হৈ আছে আৰু আমি সেই পাণ্ডৱৰ দৰে উপায়হীন হৈ ৰৈ চাই আছোঁ।।
আমাক নালাগে হস্তিনাপুৰ ,পুনৰ নালাগে আমাক দুর্যোধন হ'ব। লাগে মাথোঁ স্বৰাজ,লগে মাথোঁ ৰাম ৰাজ্য।।এনেকুৱা ৰাজ্য য'ত নাৰীৰ সন্মান নাৰীৰ গৰিমাৰ লগত খেল নেখেলে।।।
✍️লক্ষ্যব্ৰত কাশ্যপ
ধেমাজি (বৰদলনী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ