উজাগৰী পূৰ্ণিমা-ৰুমী কলিতা দত্ত

©Admin
0
শৰতৰ সেমেকা পূৰ্ণিমা ৰাতি চোতালত অকলশৰে বহি চাই ৰওঁ তৰাৱলীৰ খেল ।
ডাৱৰে ঢাকে আকাশৰ গৰ্ভ
তৰাবোৰে চকু টিপিয়াই কৰিছে গৰ্ব 
হয়তো মোকেই কিবা ক'ব খোজে 
তিৰবিৰাই থকা তৰাবোৰে...!!

মৌন হৈ চাই ৰওঁ 
মোৰ হৃদয়ত থকা বেদনাবোৰ উজাৰি ক'বৰ মন যায় সিহঁতক 
দিহিঙৰ বালিময় বাগিছাত মেঘাবৃত্ত আকাশৰ তলত বহি ৰওঁ কোনোবা অজান ক্ষণত ।
জিলমিল জোনাকত জোনাকীয়ে পোহৰ বিলাই মাদকতা আনে,
দুবৰিৰ দলিচাত শেৱালি সৰি ৰয় গোপনে গোপনে 
সুবাসত আৱেগৰ বা- লাগি মন মোৰ জীপাল কৰে।

টোপটোপ নিয়ৰৰ শব্দ শুনি ভাঙি যায় সময়ৰ ,নিৰৱতা
মৌনতাৰ পূৰ্ণিমা জোনাক ৰাতি 
জোনাকীৰ পোহৰত বিলীন হোৱা এইয়া যে মোৰ উজাগৰী নিশা ।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)