উপলব্ধি ~ গল্প - ৰীতামণি বৰদলৈ

©Admin
0
      সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত খবৰটো সমগ্ৰ
চহৰখনতে বিয়পি পৰিছিল।
আৰক্ষীৰ দল আহি খানাতালাচী চলোৱাৰ পাছত সংবাদ মাধ্যমৰ মানু্হ আহি ভিৰ কৰিছিলহি ঘৰখনত। আৰক্ষীৰ লোকসকলৰ সৈতে মুখামুখি হৈ দুআষাৰ মান কথা কোৱাৰ পাছতেই সুনন্দা লাজে অপমানে আহি 
একাষৰীয়া কোঠাটোত আশ্ৰয় লৈছিল আৰু আনন্দ ! উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত আনন্দক‌ প্ৰয়োজনীয় ঔষধ কেইটামান খুৱাই বিছনাত শুৱাই দি পৰিয়ালৰ চিকিৎসকজনক খবৰ দিবলগীয়া হৈছিল সুনন্দাই। হঠাতে যে ঘৰখনত কি ঘটি গ'ল!!
          পুত্ৰ কৰ বিষয়া হেমন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ পাছত মূৰে কপালে হাত দি‌ সুনন্দাই ভাবিছিল, চাকৰিৰ আৰম্ভণিৰে পৰাই ধন সম্পত্তিৰ পিছত দৌৰি ফুৰা পুত্ৰ হেমন্তক উচিত সময়ত সাৱধান কৰি দিয়া হ'লে আজি নিশ্চয় এনে অঘটন নঘটিলেহেঁতেন। সদায়েই অভিজাত পৰিয়ালৰ ঢাক ঢোল বজাই থাকি ভালপোৱা হেমন্তৰ লগতে বোৱাৰী জুপীতৰা আৰু নাতি অংশুৰ জীৱনলৈ এই অমানিশা নামি নাহিলেহেঁতেন! কিন্তু কৰ বিভাগৰ বিষয়া হেমন্তই চাকৰি জীৱনত কৰা দুৰ্নীতিৰ তেওঁতো কোনোদিনেই প্ৰতিবাদ নকৰিলে। বৰঞ্চ তেওঁ মাতৃসুলভ মমতাৰে সেয়া পুত্ৰৰ চাকৰিৰ কৃতিত্ব বুলি সকলোৰে ওচৰত গৌৰৱ কৰিবলৈ ভাল পোৱা হ'ল। আনকি চহৰখনত কেইবাটাও বিবাহ ভৱন থকা সত্ত্বেও পুত্ৰ হেমন্তৰ বিয়াখন চহৰৰ বিলাসী হোটেলত অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল সুনন্দাই । সময় যোৱাৰ লগে লগে আভিজাত্যবাদী পোছাক পিন্ধি ভালপোৱা হেমন্ত দুৰ্নীতিৰ বোকাত বাৰুকৈয়ে পোত খালে।এটা সময়ত বিভাগৰ ভিতৰচ'ৰাৰ দুৰ্নীতি ৰোধৰ বাবে বিশেষ তদাৰকী শাখাই অনুসন্ধান চলাবলৈ বাধ্য হ'ল।
       
         আৰক্ষীয়ে আহি হেমন্তক লৈ যোৱাৰ লগতে হেমন্তৰ বেনামী সা -সম্পত্তিও বাজেয়াপ্ত কৰিলে। ইতিমধ্যে বোৱাৰী জুপীতৰাই অংশুক লৈ উকীলৰ ওচৰলৈ গৈছে আইনী পৰামৰ্শৰ বাবে। ঘৰখনৰ নিৰ্দিষ্ট কোঠাটোত বহি সুন‌ন্দাই আজি উপলব্ধি কৰিছে শিক্ষক স্বামীৰ হাক বচন নেমানি একমাত্ৰ পুত্ৰ হেমন্তক বিলাসিতাপূৰ্ণ জীৱন কটাবলৈ আৰু প্ৰয়োজনতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ তেওঁ উৎসাহ যোগোৱাৰ বাবেই ঘৰখনলৈ আজি চৰম বিপদ নামি আহিল। এই বিপদৰ পৰা হেমন্তই বাৰু সোনকালে পৰিত্ৰাণ পাবনে? কথাবোৰ ভাবি অপৰাধবোধৰ পীড়াত সুনন্দাই উচুপি উচুপি কান্দিবলৈ ধৰিলে।

✍️ৰীতামণি বৰদলৈ 
গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)