পাৰ চৰাই উৰি গৈ~অনুভৱ-হেমেন হাজৰিকা

©Admin
0

   এটা অতি শান্ত সমাহিত পক্ষী পাৰ /বগা ৰঙৰ পাৰ চৰাইক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে /যিকোনো কাম বগা পাৰ উৰুৱাই শুভাৰম্ভ কৰা হয় | ভাল লাগে যেতিয়া চোতালত বহি পাৰ কেইটামানে ৰুণ দি থাকে | সিহঁতৰ ৰং যেনেকুৱাই নহওক কিয় ? পূজা পাতল আদিতো দেৱ-দেৱীৰ নামত পৰিয়ালৰ মংগল কামনাৰে পাৰ চৰাই উচৰ্গা কৰা হয় | ৰঙা সেন্দুৰ সানি পূজাৰ বেদীত পাৰ চৰাইবোৰে যেতিয়া ধেমালি কৰি থাকে সিহঁতক দেখিলে ভালে লাগে আৰু কেতিয়াবা মনটো বিষাদে আৱৰি ধৰে | ইমান নিমাখিত চৰাইকেইটা আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ মংগলৰ বাবে সিহঁতৰ জীৱনৰ আৱশ্যক হয় | আজিৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নতিৰ যুগতো এনেবোৰ কামক আমি বন্ধ কৰিব পৰা নাই | এয়া অন্ধ বিশ্বাস নে ধৰ্মান্ধতা | নে পৰম্পৰাৰ দোহাই দি আমি এইবোৰ কৰিছোঁ | পাৰ চৰাই বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায় | জাক জাক পাৰ চৰাই কোনো মন্দিৰৰ প্ৰাঙ্গণত পৰি থকা দেখিবলৈ পালে মনটো এক বুজাব নোৱাৰা ভাবেৰে ঢৌ খেলি যায় সিহঁতক দেখিলে চাই থাকিবৰ মন যায় | সৰু থাকোতে পাঠশালাৰ কোনটো শ্ৰেণীত জানো পঢ়িছিলো এফাঁকি কবিতা.....
   পাৰ চৰাই উৰি গৈ 
         পালে নদীৰ পাৰ
   ঘৰৰ মূধত পৰি থাকিল
         গোটেই শুকুৰবাৰ 
পাৰ চৰাইবোৰ যেতিয়া উৰি যায় দূৰ দূৰণিলৈ ক'ত যে ঘূৰি নুফুৰে সিহঁতে | সৰু সৰু ডেউকা কিখন কোবাই কোবাই | কিন্তু সময়ত আকৌ ঘূৰি আহে ঘৰলৈ , কেনেকৈ চিনি পাই বাৰু পথ ? কোনে সিহঁতক জ্ঞান দিছে ? সেই অকণমানি মূৰটোত | কেতিয়াবা মন যায় পাৰ হৈ উৰি ফুৰিবলৈ | 
     মই যদি হোৱা হলে
      পাৰ চৰাই 
   ডেউকা দুখনি মোৰ
       কোবাই কোবাই
ফুৰিলো হেতেন গান গাই গাই 
কিন্তু সেয়া সম্ভৱ নহয় | আমি যে মানুহ | আনহাতে পাৰ চৰাইৰ মাংসও বৰ জুটি লগা আৰু শক্তি দায়ক | পাৰ চৰাইৰ মাংসৰ বৰ জোৰ আছে | দুৰ্বল মানুহক ডাক্টৰে পাৰ চৰাই মাংসৰ জোল খাবলৈ দিয়ে | চৰাই কুলৰ ভিতৰতে নিমাষিত চৰাইটো মৰম কৰিবলৈ মন যায় | এতিয়া পূজাৰ বতৰ ,উৎসৱৰ বতৰ , এই সময়ত পাৰ চৰাইৰ চাহিদা বৃদ্ধি পাই | একজোৰা পাৰ চৰাইৰ দাম দুশৰ পৰা দুশ পঞ্চাশ টকা হয় | মানৱৰ উন্নতিৰ বাবে সিহঁতে সিহঁতৰ জীৱন বলিদান দিয়ে | এয়াই আমাৰ চিন্তা | মানুহ হৈ আমাৰ চিন্তাবোৰ বাৰু কিয় এনেকুৱা | এইবোৰ আমি কেতিয়া পৰিহাৰ কৰিব পাৰিম ?

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)