অনুতাপ (খণ্ড ১২) ~ধাৰাবাহিক উপন্যাস- পংখী মৰাণ

   
 ৰাতিৰ আকাশখন আজি ভাল লগা নাই।ভাল লগা নাই হাঁহিবোৰ,ভাল লগা নাই আইৰ হেঁপাহবোৰ,পিতাইৰ আজন্ম সপোনবোৰ , আজি.......আজি তাৰ একোৱেই ভাল লগা নাই। আকাশখন কিবা গোমা গোমা। বৰষুণ আহিব নেকি?"এহ্ গাটো ভাল লগা নাই অ। আজিৰ দিনটো বাৰু কিয় আহিব লাগিছিল।" আজিও সি শুব পৰা নাই। হাঁহিব পৰা নাই। কিন্তু কিয়?তাৰচোন সকলো আছে। তেন্তে কিয় দ্বীপ আজি ভাগি পৰিছে?মাকে দুখ পালে সেয়েহে পুনৰ সুধিব নোৱাৰি ইমান ৰাতিলৈকে সাৰে আছে। "বহুত দেৰি হ'ল অ বাবা শুই থাক"।বুকুখনত কিবা ঢক কৰি গ'ল।মাই ইমান খবৰ ৰাখে তাৰ।কি কৰিব সি আজি তাৰ সকলো শেষ হোৱা যেন অনুভৱ হৈছে।আচলতে কিয় এনে কৰিছে সি। যাৰ বাবে ভগৱানতুল্য পিতৃ মাতৃকো আওকাণ কৰিব লগা হৈছে।আৰে ডাঙৰ হৈছে,সাহস হৈছে, শক্তি হৈছে সেইবাবে নহয়।তাৰ বুকুখন ছিগি পৰাৰ উপক্ৰম হ'ল।সি বুকু চেপি চেপি কান্দি উঠিল।মাই তাক ইমান মৰম কৰে যাক দুখ দিলেও দুখ নাপায়।আচলতে মাতৃবোৰ চাগে এনেকুৱাই যিয়ে সন্তানক বহুত ভাল পায়। দ্বীপে আজি কান্দিছে ,কিন্তু আগৰ দৰে চকুপানী উলিয়াই নহয় আজি   তাৰ অন্তৰে কান্দিছে।আজিও সি শুব পৰা নাই ,কিন্তু আগৰ দৰে বাস্তৱৰ বাবে নহয়।আজি তাক আমনি কৰিছে হিয়াৰ মৰমে,হিয়াৰ কথাই।যাক নিজতকৈয়ো ভাল পাইছিল তাই আজি কৈছে তাইক পাহৰি যাবলৈ।কিহৰ বাবে তাই আজি এনেকৈ কব লগা হৈছে?তাইটো ক'ব ই বিচাৰিছিল কিন্তু সিহে কোৱাৰ সুযোগ নিদি গুচি আহিছিল।আজি যেন দ্বীপৰ হৃদয়খন গলি গৈছে,ভাঙি গৈছে কলিজাটো। নাই নহয় মই তাইক আকৌ লগ কৰিব লাগিব কিন্তু তাই কৰিবনে।সময় ৰাতি এক বাজিছিল।দ্বীপে তাইক ফোন লগালে ।চুইট্চ অফ। দ্বীপৰ মূৰৰ মাজেৰে যেন এপাত চোকা অস্ত্ৰ বাগৰি গ'ল।সি এনেকৈয়ে চটফ্তাই শুবলৈ যত্ন কৰিলে। অৱশেষত তাৰ টোপনি আহিল। সেউজীয়া আচ্ছাদনৰ নিঁভাজ সৰলতাত সি শুই পৰিল।

আগলৈ•••
    

✍️পংখী মৰাণ,তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send