মইটো মই নিজৰ বাবেই যোগ্য নহ’লো- জিতেন চেতিয়া

©Admin
0

একাবেঁকা পথেৰে ধাৱিত
মৌন সময়বোৰ
মোৰ বাবে মাংসলোভী পিনহাৰা 
এৰি দিব লগা হৈছে 
য’ত ভাৱনা কল্পনা সপোন আৰু মানসিক চেতনা ৷

তিলতিলকৈ গোগ্ৰাসে 
উদৰস্থ হৈছে জীৱনটো
ক্ৰমশঃ নিজৰ অক্ষমতাত ৷

মই এতিয়া এখন বিশাল ফেনিল সমুদ্ৰত 
নিজক বিচাৰি ফুৰিছোঁ 
বিচাৰিছোঁ অস্তিত্ব ৷

নিজক নিজেই পাবলৈ
কিযে হাবিয়াস জীৱনৰ !
 
সমুদ্ৰৰ গভীৰতাত 
ক্ৰমে ডুব গৈছে মোৰ অস্তিত্ব।

নীলা আকাশ ধূসৰিত কৰি
এজাক শগুন চক্ৰকাৰে উৰিছে 
মোৰ অৱশিষ্ট মঙহৰ টুকুৰা বিচাৰি
সিহঁতৰ তীক্ষ্ণ দৃষ্টিত লোলুপতা
সিহঁতৰ চিঁ চিয়নি
সিহঁতৰ কোলাহলত অনুসৰণ কৰি দৌৰিছে 
এজাক ভোকাতুৰ ৰাং কুকুৰ ৷

এই বিশাল সৃষ্টি চৰাচৰত
মইটো মই নিজৰ বাবেই যোগ্য হ'ব নোৱাৰিলোঁ
তেন্তে মোৰ অহংকাৰ মোৰ দম্ভালি
স্বীকৃতি ক'ত ?
পাৰিবনে মোৰ নামত বিশাৰদ(?)
এখন স্নেহ পত্ৰ 
কোনোবাই সংগ্ৰহ কৰিবলৈ ?

মইটো মই নিজৰ বাবেই যোগ্য হ'ব নোৱাৰিলোঁ
কোনোদিন কোনোকালে ৷

✍️ জিতেন চেতিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)