অকথ্য

নিৰালীহতৰ ঘৰৰ সন্মুখেদি জোৰ সমদল কৰি এজাক মানুহ আগবাঢ়িছে, জোৰৰ পোহৰত কিছুমান প্লে কাৰ্ড স্পষ্ট ৰূপত উজ্বলি উঠিছে, হয় এয়া দলিত কন্যা মনিষাৰ লগত সংঘটিত হোৱা জঘণ্য ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত ওলোৱা গাৱৰ শান্তি সমদল, কেইদিনমানৰ পৰা তাই সামাজিক মাধ্যম, বাতৰি কাকত, ৰাস্তা-ঘাট সকলোতে দেখিছে এই প্ৰতিবাদৰ জোৱাৰ,তায়ো মনে প্ৰাণে কামনা কৰে মনিষাই ন্যায় পাওক! কিন্তু এটা অবুজ শোকে তাইক যেন বেয়াকৈ আহত কৰিছে, আজিৰ পৰা তিনি বছৰ আগতে তাইৰ ১৬ বছৰীয়া বায়েকৰ মৃতদেহ ওলমি আছিল ঢেঁকী শালৰ বাৰান্দাত! 
হয়, শেৱালিয়ে আত্মহত্যা কৰিছিল, কিন্তু শেৱালিয়ে কিয় আত্মহত্যা কৰিব লগা হ'ল সেয়া এক ক'লা অধ্যায়!

   স্কুললৈ বুলি ওলাই যোৱা শেৱালিক গাঁৱৰ মূৰৰ হাবিখনত ধৰ্ষণ কৰি পেলাই থৈ গৈছিল কেইটামান মানৱৰূপী নৰপিশাছে, তাই ভালকৈ সংসাৰৰ কথা বুজাই হোৱা নাছিল। মহাজনৰ ঘৰলৈ ভাটিৰ পৰা মগাই অনা সংখ্যালঘু মিস্ত্ৰীৰ দলটোৱে তাইক ফুলকুমলীয়া বয়সতে সৰ্বনাশ কৰিছিল ৷ তথাপি তাই জীয়াই থকাৰ আশা হেৰুওৱা নাছিল, গোটেই দিন তেজেৰে লুটুৰি-পুতুৰি হৈ অচেতন ভাবে পৰি থকাৰ পাচতো দেহৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাই চুঁচৰি-বাগৰি আহি সন্ধিয়া সময়ত ঘৰ ওলাইছিলহি, ইতিমধ্যে ঘটনাটো চৌপাশে জনাজাত হৈছিল, সাংবাদিকৰ দলে উপৰ্যুপৰি প্ৰশ্নৰে থকা-সৰকা কৰিছিল তাইক, দেউতাকে ন্যায় বিচাৰি আইনৰ কাষলৈ ঢাপলি মেলিছিল,বহুত কাবৌ-কাকূতিৰ পাছত পুলিচ আহিছিল সিহতৰ ঘৰলৈ, পুলিছেও সোধ-পোচৰ নামত বিভিন্ন অশ্লীল প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছিল শেৱালিক, তথাপি তাই উত্তৰ দিছিল প্ৰায় সকলো প্ৰশ্নৰ, ন্যায় বিচাৰিছিল তাইৰ লগত হোৱা অন্যায়ৰ, শাস্তি বিচাৰিছিল সেই নৰপিশাচৰ! কিন্তু একো নহ'ল, পুলিচে সিহতৰ কোনো শুং-সূত্ৰ উলিয়াব নোৱাৰিলে, লাহে-লাহে সময় বাগৰিল, কথাবোৰ পুৰণা হ'ল, মুখ বাগৰি কথাই অন্য ৰূপ ল'লে, গাঁৱৰ মানুহৰ সহানুভূতি সূচক বাক্যবোৰ তাচ্ছিল্য লৈ পৰ্যবসিত হ'ল, লাহে লাহে সমাজত এই কথা বিয়পি পৰিল-পৰধৰ্মী পুৰুষে কলংকিত কৰা কলংকিতা তাই, তাইৰ দেহ চুৱা, তাই মহা পাপী, মহা পাতকী, তাই কুলক্ষণী, অমংগলীয়া! ক্ৰমান্বয়ে সমাজত লেই-লেই, চেই-চেই বাঢ়ি গ'ল, শেৱালিয়ে বহুতক বুজাবৰ চেষ্টা কৰি ব্যৰ্থ হ'ল, স্কুল যোৱা বন্ধ হ'ল, বন্ধু -বান্ধব আঁতৰি গ'ল,ক'তো ওলাই যাব নোৱাৰা হ'ল, সমাজে তাই নকৰা ভুলটোৰ বাবে তাইক চৰম শাস্তি দিলে আৰু অৱশেষত শেৱালিয়ে এই নৰককুণ্ডৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ ঢেঁকী শালত ওলমি ৰ'ল!
 
সেইখন সমাজেই আজি মনিষাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে!যিখন সমাজে মনিষাৰ দৰেই আন এগৰাকী দূৰ্ভগীয়া ধৰ্ষিতাক তিল-তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছিল। নিৰালীৰ চিঞৰি চিঞৰি ক'বৰ মন গ'ল, হে সমাজ এবাৰ তোমালোকে নিজৰ কৰ্ম-কাণ্ড প্ৰত্যক্ষ কৰা, নিজৰ চিন্তা-ধাৰাৰ পৰ্যবেক্ষণ কৰা, তোমালোক ধৰ্ষণকাৰীতকৈও বেছি দোষী, কাৰণ তোমালোকে এগৰাকী ধৰ্ষিতাক শাৰিৰীক,
মানসিক,সামাজিক সকলো ফালৰ পৰা উপৰ্যুপৰি ধৰ্ষণ কৰা, যাৰ ফলত শেৱালিৰ দৰে বহুত নাৰী শূন্যত ওলমি ৰয়!

🖋️বিজয় লক্ষ্মী বৰা,দেৰগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send