এখন যাদুকৰী ধেনুৰ কাহিনী

©Admin
0

আজিৰ পৰা বহুদিনৰ আগৰ কথা | এখন দেশত এজন প্ৰজা হিতৈষী ৰজা আছিল | তেওঁ সঘনাই ৰাজ্যৰ প্ৰজাৰ সুখ , দুখ , শান্তি , অশান্তিৰ খবৰ ৰাখিছিল | সেইবাবেই প্ৰজাইও ৰজাক খুউব ভাল পাইছিল | সন্মান কৰিছিল | ৰজাই চিকাৰ কৰিও খুউব ভাল পাইছিল | এই চখ পুৰাবৰ বাবে ৰজাই মাজে সময়ে চিকাৰ কৰিবলৈ হাবিলৈ গৈছিল | ৰজাজনৰ এজন অতি বিশ্বাসী চিকাৰী আছিল | চিকাৰীজনৰ পৰিয়াল তাৰ দ্বাৰাই প্ৰতিপালিত হৈছিল | ৰজাই চিকাৰীজনক বিশ্বাস কৰাৰ উপৰিও মৰমো কৰিছিল | ৰজা যেতিয়াই চিকাৰলৈ গৈছিল তেতিয়াই সেই বিশ্বাসী চিকাৰীজনক লগত লৈ গৈছিল | সেইজন চিকাৰীৰ অবিহনে ৰজাৰ চিকাৰ সম্ভৱ নহৈছিল | তাৰ কাৰণ আছিল চিকাৰী জনেও ৰজাক সমানে শ্ৰদ্ধা আৰু ভক্তি কৰিছিল লগতে ৰজাৰ আদেশ পালন নকৰাকৈ নাথাকিছিল |
    চিকাৰীজনে ৰজাক সুধিছিল , মহাৰাজ আপুনি যেতিয়াই চিকাৰলৈ আহে মোকহে লগত আনে , কিয় বাৰু ? তেতিয়া ৰজাই হাঁহি মাৰি কৈছিল | কাৰণ তুমি মোৰ অতিকে বিশ্বাসী, তাৰোপৰি তোমাৰ লক্ষ্য অব্যৰ্থ আৰু সেইবাবে মই তোমাক ভাল পাওঁ আৰু বিশ্বাস কৰো বাবেই তোমাক লগত লৈ আনো | এনেদৰেই সময়বোৰ অতিবাহিত হৈ গৈ আছিল | ৰজাৰ এজন পুত্ৰ আছিল | সি বৰ অত্যাচাৰী , লুভীয়া আৰু অহংকাৰী আছিল | তাৰ কাৰণেই ৰজাই নিজৰ ল'ৰা হলেও তাক বিশ্বাস নকৰিছিল আৰু ভালো নাপাইছিল | নিজৰ পুতেকতকৈ ৰজাই চিকাৰীজনকহে বেছি ভাল পাইছিল আৰু বিশ্বাস কৰিছিল | এবাৰ ৰজাৰ টান নৰীয়া হৈছিল | তেতিয়া চিকাৰীজনে নিজৰ ঘৰ সংসাৰ বাদ দি টোপনী ক্ষতি কৰি ৰজাৰ শুশ্ৰূষাত ব্যস্ত আছিল , তাৰ পৰিণতিত ৰজা সোনকালে সুস্থ হৈ উঠিছিল | এই সময়চোৱাত পুত্ৰ হৈও ৰজাৰ কোনো যত্ন লোৱা নাছিল | সি তাৰ নিজা কামত ব্যস্ত হৈ আছিল | এই সকলোবোৰ কথা ৰজাই গম পাই মনোকষ্ট পাইছিল | 
    ৰজাৰ এখন যাদুকৰী ধেনু আছিল | এই ধেনুখনৰ এটা বৈশিষ্ট আছিল যে যদি কোনো লুভীয়া আৰু অহংকাৰী মানুহে স্পৰ্শ কৰে সি লগে লগে ভষ্ম হৈ যায় | ৰজায়ে বুজিছিল যে তেওঁৰ যাদুকৰী ধেনুখন তেওঁৰ পুত্ৰৰ হাতত সুৰক্ষিত নহয় | কাৰণ তাৰ চৰিত্ৰৰ কথা ৰজাই ভালদৰে জানে | সেয়েহে ৰজাই এদিন চিকাৰীজনক গোপনে মাতি আনি সেই যাদুকৰী ধেনুখন তাক প্ৰদান কৰি ধেনুখনৰ চৰিত্ৰ আৰু ব্যৱহাৰৰ কথা কৈছিল | লগে লগে কোনেও গম নেপোৱাকৈ তাৰ পৰা আতৰি যাবলৈকো কৈছিল | চিকাৰীজনে ৰজাৰ আদেশ পালন কৰিছিল আৰু ধেনুখন নি খুউব যতনে ৰাখিছিল | তাৰ কেইদিনমান পিছতে ৰজাৰ মৃত্যু হৈছিল | এই খবৰে চিকাৰীজনক খুউব দুখ দিছিল | ৰজাৰ মৃত্যুৰ পাছতে অহংকাৰী পুত্ৰ ৰজা হৈছিল আৰু সেই চিকাৰীজনক কামৰ পৰা আতৰাই দিছিল | চিকাৰীজনে বহু কাকুতি মিনতি কৰাতো কোনো ফল নধৰিছিল | কামৰ পৰা বিতাৰিত হৈ চিকাৰীজন বিমোৰত পৰিছিল | ইয়াৰ পিছতে হঠাতে চিকাৰীজনৰ ল'ৰাৰ টান নৰীয়া হৈছিল | বৈদ্য আনিবৰ বাবে তেওঁৰ হাতত পইচা নাছিল | একো উপাই নাপাই চিকাৰীজনে ধেনুখনকে বিক্ৰী কৰি দিয়াৰ কথা চিন্তা কৰিছিল | এইবুলি ভাবি চিকাৰীজনে ধেনুখন আলমাৰীৰ পৰা উলিয়াই বিক্ৰী কৰিবলৈ যাম বুলি দৰ্জা মুখ পাওতেই ধেনুখনে কথা কোৱা আৰম্ভ কৰিছিল | মই এখন যাদুকৰি ধেনু | মই সদাই সজ লোকক সহায় কৰি আহিছোঁ | তুমি এজন অতি সহজ সৰল অমায়িক মানুহ | সেয়েহে মই তোমাক সদাই সহায় কৰি যাম | তুমি চিন্তা নকৰিবা | এইবুলি ধেনুখনে চিকাৰীজনক কিছু টকা দিলে আৰু কলে সোনকালে তোমাৰ পুত্ৰক সুস্থ কৰি তোলা | চিকাৰীজন আচৰিত হ'ল | তাৰ পিছত বৈদ্য আনি অতি কম দিনৰ ভিতৰতে ল'ৰাটোক সুস্থ কৰি তুলিলে | 
     ইয়াৰ পিছৰ পৰা চিকাৰীজনে পুত্ৰক লগত লৈ ধেনুখনৰ সহায়ত গাঁৱৰ অসহায় লোক সকলক সহায়ৰ হাত আগবঢ়াই গ'ল | 
    এই কথা সকলোতে প্ৰচাৰ হ'বলৈ ধৰিলে | কথাটো গৈ নতুন ৰজাৰ কাণত পৰিল | অহংকাৰী ৰজাই এদিন মনে মনে ধেনুখন চোৰকৰাৰ মানসেৰে চিকাৰীজনৰ ঘৰত প্ৰবেশ কৰিলে | কিন্তু ধেনুখন কতো বিচাৰি নাপালে | তেনেতে ৰজাৰ আলমাৰীটোত চকু পৰিল | লগে লগে আলমাৰী খুলি ধেনুখন হাতত লোৱাৰ লগে লগে ৰজা ভষ্ম হৈ গ'ল | 
   দেখিলানে মইনাহঁত অহংকাৰ আৰু লোভে কেনেদৰে মানুহৰ জীৱনলৈ পতন মাতি আনে | গতিকে সদাই সজ হৈ থাকিবলৈ যত্ন কৰিবা | বহুত মৰমেৰে |

    🖋️হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)