চেল্লইয়া - চেল্লইয়া বুলি এপাক নাচছােন।
তহঁতৰ ৰংচঙীয়া ৰিবি - গাছেঙৰ ভাজত লুকাই থাকে,
সৌন্দৰ্য্যৰ আকৰ ।
তহঁতৰ নাচত বিমুগ্ধ হয়
ডেকা - বুঢ়া ।
অ' মােৰ বুৰৈ-বুৰুলীৰ
ধুনীয়া কনেঙবােৰ,
খামুচীয়া ককালবােৰ ঘূৰাই -ঘূৰাই নাচ,
বগা- বগা গালবােৰ আপেলৰ দৰে ৰং
নধৰালৈকে নাচ ।
বসন্তৰ ডাৱৰৰ তলে - তলে
ঢােলৰ ছেৱে-ছেৱে য়ামেবােৰ বলিয়া
নােহােৱালৈকে নাচ । ( য়ামে= ডেকা)
অ' মােৰ দিছাঙৰ ডেকা-গাভৰুবােৰ
ধুলিয়ৰি নােহোৱালৈকে নাচ ।
দিছাঙৰ পাৰত ঐ-নিতম নাগালে
দিছাং - দিছাং নালাগে ।
অ মােৰ অৱনৰীৰ গাভৰুসকল
সােৱণশিৰীৰ সোণৰ দুগদুগি পিন্ধি
ওলাই আহ
লৃগাঙৰ গুমৰাগ নাচিবলৈ ।
"কেকঃনলক গুমৰাগ ( ঢােলৰ ছেওঁ)
কেকঃনলক গুমৰাগ "বুলি দুমদুম ( ঢােল)বজা শুনিলেই
"ৰিবি গাছেং" পিন্ধি -ওলাই আহিবি
গুমৰাগ নাচিবি লৃগাঙত ।
তহঁতি নানাচিলে লৃগাঙ লৃগাঙ নালাগে ।
অ মােৰ মাজুলীৰ জেঙেৰাই -পাথৰি চুক -
ৰতনপুৰৰ
ছােৱালীবােৰ ওলাই আহ
"য়াকান এগে মচানাম" ( কলাত বুটাবছা ) কাপোৰযোৰ পিন্ধি
জাক - জাক গাভৰুয়ে
পঃৰাগ পাকচং (নাচ) নাচচােন
দুৱৰি শুকাই যোৱাকৈ ।
তোমালােকৰ নাচেই ধৰি ৰাখিছে
কৃষ্টি আৰু সংস্কৃতিৰ ধ্বজ্জা।
কনেঙ অবিহনে সংস্কৃতি আধৰুৱা হয় ।
লঃ লঃলে, লঃলে লঃলে বুলি নচা নাচবােৰ চহৰলৈ নিনিবি - নাচবােৰ সিহঁতে লেঙেৰা কৰি পেলাব ।
গাৱঁৰ মাটি-পানী -বতাহত জীয়াই ৰাখ
আমাৰ পাকচংবােৰ ।
নিৰঃবিচ্ছিন্ন গতিত জীয়াই ৰাখ
আমাৰ মিছিঙ দৃৰবৃবােৰ ॥
( দৃৰবৃ = সংস্কৃতি )
(পঃৰাগ = নৰা ছিগা বিহু)
(ঙলুকে = আমাৰ)
( কনেঙ = ছােৱালী/ কিশােৰী)
( ৰিবি গাছেং = এবিধ বিশেষ চাদৰ)
( লঃ লঃলে = গুমৰাগত নাচত নচা গীতৰ এটা বিশেষ সুৰৰ এফাকি)
📝মীনা পামে গাম, চিপাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ