পত্নী-বিৰহে আকুল তেওঁ। শত্ৰু যে মহাশক্তিমন্ত পুৰুষ! যাৰ আৰাধ্য দেৱাদিদেৱ মহাদেৱ!! মাতা পাৰ্বতীয়েও যাক ৰক্ষা কৰাৰ ভাৰ কান্ধ পাতি লৈছে!!!
ব্ৰহ্মাৰ উপদেশ মতে তেওঁ আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত পাৰ্বতীৰ দূৰ্গতিনাশিনী ৰূপৰ পূজা আৰম্ভ কৰে।
কল্পাৰম্ভৰ পাছত দেৱীৰ বোধন, আমন্ত্ৰৰণ ও অধিবাস -মহাসপ্তমী, মহাঅষ্টমী- না-!!!!
দেৱীৰ আৱিৰ্ভাৱ নঘটিল। বিজয়ী হোৱাৰ আশীৰ্বাদ নিদিলে।
মহানৱমী পূজা কৰিব তেওঁ।
দেৱীৰ প্ৰিয় ১০৮ টি নীলপদ্ম লাগে।
১০৭ টি পালে। অন্তিম টি নীলপদ্ম বিচাৰি নাপাই নিজৰ পদ্মলোচনকে নৈবেদ্য ৰূপে আগবঢ়াবলৈ উদ্যত হ'ল!!!!
প্ৰভুৰ ভক্তিত সন্তুষ্ট হৈ পাৰ্বতীয়ে ইপ্সিত বৰ দি দশমীত ৰাৱণ-বধ সম্ভৱ কৰি তুলিছিল।
(কৃত্তিবাসি ৰামায়ণৰ কাহিনী মতে অকালবোধন)
✍️দুলুমণি গগৈ
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ