উপহাৰ-ববিতা শইকীয়া

©Admin
0
এখন মুকলি আকাশ
উপহাৰ দিবা
সজাই তুলিম
বন পক্ষীৰ এখন ধুনীয়া দেশ
কোলাহলৰ পৰা বহু দূৰত
ৰামধেনুৰ সতে সংগীতৰ
মূৰ্ছনা তুলিম
সুখী হ'ব এখন সেউজীয়া দেশ
ৰঙা চিঙা ৰ'দ জাকত
প্ৰেমে জীয়াই থকাৰ
সান্নিধ্য বিচাৰিব
ৰাধাচূড়াত বাহ সাজিব
ভালপোৱাৰ এজাক টোকোৰা চৰাই
জুৰুলি জুপুৰি হ'ব
সোণবৰণীয়া মাছ
এখন পৃথিৱী উপহাৰ দিবা
বিনিময়ত এখন সাগৰ দিম
আৱেগৰ অক্টোপাছবোৰক
জীয়াই থকাৰ স্বীকৃতি দিম।

✍️ববিতা শইকীয়া
দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)