এটা সপোন-হিমাশ্ৰী বৰা

©Admin
0
সিহঁত আহিছে...
অৰুণ উদয়ৰ পৰত কংক্ৰীটৰ বাটেদি ,
ওঁঠযুগলত প্ৰস্ফুটিত অকৃত্ৰিম দুটি হাঁহিৰ চিকমিকনি ।
লগত‌‌ হেঁপাহৰ জোলোঙা ভৰাই আনিছে...
আপোনৰ উমাল আৱেশ-যি তাইৰ বাবে বৰ দুষ্প্ৰাপ্য 
শাসনসুলভ দায়িত্ব বিশেষ-যি তাইৰ বাবে উপহাৰ শ্ৰেষ্ঠ 
আৰু বাউলী প্ৰাণৰ সংগভিলাসী তাইও সন্ধান লাভ কৰিছে...
নিসংগতাৰ অশ্ৰু মচিবলৈ উদ্বাউল দুটি স্পৰ্শৰ 
অভিমানসুলভ দুষ্টালিৰে আজীৱন আগুৱাই নিয়া দুটি অগ্ৰজৰ ;
দুয়োৰে বাহুবন্ধনত তাইৰ স্বস্তিৰ নিশ্বাস !
সুখৰ কান্দোনমুৱা চিঞৰ - "বা"..."দাদা"...

বিমূৰ্ত নিশাটিত শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাইছিল তেতিয়া ।

✍️হিমাশ্ৰী বৰা
ৱিমেনজ কলেজ , তিনিচুকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)